অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশেষ এৰাতি

বিশেষ এৰাতি (Bisesh Erati) ১৯৭৯ চনত মুক্তি পোৱা এখন অসমীয়া ভৌতিক চলচ্চিত্ৰ। ভৌতিক শৈলীৰ এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল বহু কেইখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক তথা বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা উপেন কাকতি। সংগীত পৰিচালনাও উপেন কাকতিৰে। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকনে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বিশেষ এৰাতি (Bisesh Erati) ১৯৭৯ চনত মুক্তি পোৱা এখন অসমীয়া ভৌতিক চলচ্চিত্ৰ। ভৌতিক শৈলীৰ এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল বহু কেইখন অসমৰ চলচ্চিত্ৰত সংগীত পৰিচালক তথা বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা উপেন কাকতি। সংগীত পৰিচালনাও উপেন কাকতিৰে।১ মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকনে। লক্ষ্মীনন্দন বৰাৰ একে নামৰ গল্পৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। ছবিৰ উপযোগীকৈ বৰাই কাহিনীটো নতুনকৈ সজাই দিছিল।২

উপেন কাকতিৰ উদ্যোগত বিশেষ এৰাতি ৰাইজৰ দান-বৰঙনিৰে নিৰ্মাণ কৰা হৈছিল। এই সংক্ৰান্তত লক্ষ্মীনন্দন বৰাই লিখিছে:২

"বিশেষ এৰাতিৰ পূঁজিৰ বাবে নাটক কৰাৰ পৰা আৰম্ভ কৰি মটৰ চাইকেলেৰে তেওঁ (উপেন কাকতি) জাৰ-জহ কাটি কৰি থৈ দূৰ-দূৰণি ঘূৰি ফুৰা কথাবোৰ মনত পেলাই ভাবো- উপেনে নিজৰ এটা শিল্পীৰ সপোন দিঠকলৈ আনিবলৈ অতিশয় অধ্যাৱসায় আৰু ধৈৰ্যৰ পৰিচয় দিব পাৰে।"

সংগীত

ছবিৰ সংগীত পৰিচালনা, গীত ৰচনা আৰু সুৰ উপেন কাকতিৰ। কণ্ঠদান কৰিছে ভূপেন হাজৰিকা, কুল বৰুৱা, অনিমা ভট্টাচাৰ্য আৰু ৰীণা শৰ্মাই।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ অসমীয়া চিনেমাৰ তথ্যকোষ. cinekatha.com
  2. ↑ Trinayan Borah. (Feb-2013). ডাঃ উপেন কাকতি. xahity.org
  3. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 305

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭৯ বৰ্ষৰ চলচ্চিত্ৰপোখালি (অসমীয়া চলচ্চিত্ৰ)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশেষ এৰাতি” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৮৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।