ইটিভি বাল্যভাৰত (ETV Bal Bharat) হৈছে হাইদৰাবাদস্থিত ইটিভি নেটৱৰ্কৰ মালিকানাধীন মাচুলযুক্ত শিশু-মনোৰঞ্জনধৰ্মী চেনেল যিয়ে এনিমেটেড ধাৰাবাহিক আৰু চলচ্চিত্ৰ সম্প্ৰচাৰ কৰে।১ বাৰটা সুকীয়া ভাষাৰ চেনেলেৰে ২০২১ চনৰ ২৭ এপ্ৰিলত এই নেটৱৰ্ক আৰম্ভ কৰা হৈছিল।২
ইটিভি বাল্যভাৰত হৈছে ইটিভি নেটৱৰ্কৰ প্ৰথমটো শিশু-মনোৰঞ্জনধৰ্মী চেনেল আৰু ই একমাত্ৰ চেনেল যি ইংৰাজীৰ লগতে এঘাৰটা ভাৰতীয় ভাষাত অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰে।৩ কিন্তু ২০২২ চনৰ ১ এপ্ৰিলত অসমীয়া, তামিল, পঞ্জাবী, ওড়িয়া, গুজৰাটী, মাৰাঠী আৰু বঙালী ভাষাৰ আঞ্চলিক চেনেলসমূহ বন্ধ কৰি দিয়া হয়। অৱশ্যে ইয়াৰ মূল চেনেলত আটাইকেইটা ভাষাৰ অডিঅ’ ফীড এতিয়াও মজুত আছে।৪
লগতে চাওক
- ইটিভি নেটৱৰ্ক
- ৰামোজী গ্ৰুপ
- ইনাডু
তথ্যসূত্ৰ
- ↑ (26 April 2021). Eenadu Television set to venture into kids genre. Exchange4media.com
- ↑ (28 April 2021). ETV Bal Bharat in 11 Indian languages. দ্য হিন্দু
- ↑ (22 April 2021). Exclusive: ETV gears up to launch its kids’ channel ‘Bal Bharat’ in 12 Indian languages on 27 April. AnimationXpress
- ↑ Bhadra, Soham. (2022-01-08). Six ETV Bal Bharat regional channels to close down in April. DreamDTH
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটিভি বাল্যভাৰত” প্ৰবন্ধৰ সংশোধন ৬৩৩৪২৮ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।