কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বৃষ্টি (চলচ্চিত্ৰ)
বৃষ্টি (Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে।
-
বৰলাৰ ঘৰ
বৰলাৰ ঘৰ ( Bachelor’s House) হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া-বঙালী দ্বিভাষিক ৰোমাণ্টিক হাস্যধৰ্মী চলচ্চিত্ৰ। এইখন ১৯৯৩ চনৰ ছুপাৰহিট মালয়ালম বোলছবি মেলেপাৰামবিল আনভিড়ুৰ ৰিমে'ক। অ'কে প্ৰডাক্চনচৰ বেনাৰত মানি চি.
-
ভগা খিৰিকী (চলচ্চিত্ৰ)
ভগা খিৰিকী (Broken Window) জাহ্নু বৰুৱা পৰিচালিত ২০১৮ৰ ২৬ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰ। প্ৰিয়ংকা চোপ্ৰাৰ Purple Pebble Pictures আৰু শ্বাহনাব আলমৰ Easterly Entertainment’ৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা আৰু শ্বাহনাব আলমে।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)
-
মেখেলা
অসমীয়া মহিলাৰ জাতীয় পোছাক হ’ল মেখেলা চাদৰ। তাৰে অধোবস্ত্ৰ ৰূপ মেখেলা পৰিধান কৰা হয়। মেখেলা শব্দৰ মূল সংস্কৃত 'মেখলা'। অধোবস্ত্ৰ আৰু কঁকালত মেৰিউৱা মেখলাৰ ধাৰণাটো বৈদিক যুগৰে। এসময়ত অধোবস্ত্ৰ ৰূপে 'মেখলা' স্ত্ৰী-পুৰুষ নিৰ্বিশেষে পৰিধান কৰিছিল।
-
মৰম নদীৰ গাভৰু ঘাট
মৰম নদীৰ গাভৰু ঘাট (Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণালী পূজাৰী আৰু নিলয় গুপ্তা অভিনীত এখন অসমীয়া সংগীত-ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখন পুলক গগৈয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছে।
-
লখিমী (চলচ্চিত্ৰ)
লখিমী (Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ। ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল।
-
লাই হাৰাওবা
লাই হাৰাওবা (Lai Haraoba) মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ। মণিপুৰৰ পাৰম্পৰিক লোক-ধৰ্ম সনমাহীৰ উমং লাই গোটৰ দেৱতা সকলৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। উমং লাই হৈছে স্থানীয় মণিপুৰী ধৰ্মৰ পৱিত্ৰ বন দেৱতা। মেইতেই ভাষাত লাই হাৰাওবাৰ আক্ষৰিক অৰ্থ হৈছে দেৱতা সকলৰ আনন্দৰ উৎসৱ।
-
স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)
স্ম়তিৰ পৰশ (Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।
-
হোলিকা দহন
হোলিকা দহন (Holika Dahan) অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।
-
ৰিচাং (চলচ্চিত্ৰ)
ৰিচাং হৈছে ২০১২ চনৰ ১১ মে' তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰুবী ভিজন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে পল্লৱী বৰুৱাই। বহুসংখ্যক অসমীয়া ভিচিডি ছবিৰ পৰিচালক মানস বৰুৱা পৰিচালিত এইখন প্ৰথম অসমীয়া বোলছবি।
-
ৰুণুমী (চলচ্চিত্ৰ)
ৰুণুমী (Runumi) অসমীয়া ভাষাত নিৰ্মিত নৱমখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন সুৰেশ চন্দ্ৰ গোস্বামীয়ে পৰিচালনা কৰিছিল আৰু ১৯৫২ চনত মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰখন হেনৰিক ইবছেনৰ ৰচিত নাটক "দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড" (The Warriors at Helgeland) ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।
-
অনুৰাধা (ধাৰাবাহিক)
অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত আৰু ৰাজেশ ভূঞা পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে মুনমী ফুকনে। অন্যান্য অভিনেতা সকল হৈছে জুবিন গাৰ্গ, উৎপল দাস, জুবলী বৰুৱা, নীল দাস, ইত্যাদি।
-
অসমৰ লোকগীত
অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি।
-
ইন্দ্ৰধনু (দূৰদৰ্শন কেন্দ্ৰ)
ইন্দ্ৰধনু অসমৰ চলচ্চিত্ৰ বিষয়ক টিভি চেনেল। ২০১৭ চনৰ ৮ এপ্ৰিলত আনুষ্ঠানিক ভাৱে এই টিভি চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হৈছিল। গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এই চেনেলটোৰ গৰাকী।
-
কাফী ঠাট
কাফী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগ (খৰহৰপ্ৰিয়া)ৰ নাম হিচাপেও জনা যায়।
-
কৰমা কে ৰাতি
কৰমা কে ৰাতি (ইংৰাজী:Karma Ke Rati) ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।
-
জোনদা ইমান গুণ্ডা
জোনদা ইমান গুণ্ডা (Junda Iman Gunda) ২০০৭ চনৰ ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন হাস্যমধুৰ ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল চন্দ্ৰ মুদৈয়ে। মুখ্য ভূমিকাত অভিনয় কৰিছিল বিকি আৰু আঙুৰলতা ডেকাই। সংগীত পৰিচালনা আছিল ডা. হিতেশ বৰুৱাৰ।
-
জোনাকী মন
জোনাকী মন হৈছে ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা। পৰিচালনা কৰিছিল জীৱৰাজ বৰ্মনে আৰু প্ৰযোজনা আছিল হিৰণ্য কুমাৰ ৰাজখোৱাই। ২০০২ চনৰ ২২ মাৰ্চত মুক্তিলাভ কৰা " জোনাকী মন " ত বিভাষ চক্ৰৱৰ্তী, নিপন গোস্বামী, চেতনা দাস আদিয়ে অভিনয় কৰিছিল।
-
তোড়ী ঠাট
তোড়ী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।
-
তোমাৰ খবৰ
তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে। সংগীত পৰিচালনা মৃণাল কান্তিৰ।
-
ধুমুহা (চলচ্চিত্ৰ)
ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।
-
ধ্ৰুপদী সংগীত
ধ্ৰুপদী সংগীত (ইংৰাজী: Classical music) বুলিলে সাধাৰণতে লোকসংগীত বা জনপ্ৰিয় সংগীত পৰম্পৰাৰ পৰা পৃথক বুলি গণ্য কৰা শিল্প সংগীতক বুজায়। * ভাৰতীয় ধ্ৰুপদী সংগীত পশ্চিমীয়া ধ্ৰুপদী সংগীত অষ্ট্ৰেলিয়ান ধ্ৰুপদী সংগীত ৱাৰ্মিংহামৰ ধ্ৰুপদী সংগীত ইটালিয়ান ধ্ৰুপদী সংগীত ৰাছিয়ান ধ্ৰুপদী সংগীত ক’ছ’ভৰ…
-
ধৰ্মকাই
ধৰ্মকাই (Dharmakai) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।
-
নন্দোৎসৱ
শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। ল'ৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথবা আনদ্ৰব্য মিশ্ৰণ কৰাৰ নিয়ম নাই।
-
নাহৰৰ গীত
নাহৰৰ গীত হৈছে অসমৰ প্ৰাচীন বুৰঞ্জীমূলক এক শ্ৰেণীৰ জনপ্ৰিয় কাহিনী গীত। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়েই এই গীতৰ ঘাই উপজীব্য। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ'ল।
-
পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)
পঞ্চায়ত হৈছে ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ হাস্যৰস আৰু নাটকীয় উপাদানেৰে সমৃদ্ধ ৱেবছিৰিজ।ৱেবছিৰিজখন The Viral Fever ৰ দ্বাৰা Amazon Prime Video ৰ বাবে তৈয়াৰ কৰা হৈছে।
-
পাই দিৱস
পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়। ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।
-
পূৰ্বী ঠাট
পূৰ্বী বা পুৰ্বী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ এঘাৰটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।