অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বনহংস

বনহংস (Banahansa) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৩ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

বনহংস (Banahansa) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।১

কাহিনীৰ সাৰাংশ

এক তথাকথিত অভিজাত পৰিয়াল। নীলিম বৰুৱা আৰু কাবেৰী বৰুৱাৰ একমাত্ৰ সন্তান দেবাহুতি। মাক-দেউতাকক এৰি দাৰ্জিলিঙৰ এখন অভিজাত শিক্ষানুষ্ঠানত পঢ়ে। বন্ধৰ তিনিমাহ কটাবলৈ দেৱাহুতি ঘৰলৈ আহিছে। কিন্তু তাই দেখা পায় মাক-দেউতাকৰ ক্লাৱ, পাৰ্টী, মদ আদিকলৈ ব্যস্ত এক ভাৰসাম্যহীন জীৱন।১

তেওঁলোকৰ ঘৰৰ ওচৰতে ডাকবিভাগত সাধাৰণ চাকৰি কৰা কমলেশ চৌধুৰীৰ পৰিয়ালটো বাস কৰে। এই সাধাৰণ ঘৰখনৰ সদস্যসকলৰ মাজত তাই অভাৱনীয় মৰম পায়। কমলেশ চৌধুৰীৰ পুত্ৰ নূপুৰৰ প্ৰতি তাইৰ মনত উপজে লাজলাজ লগা এক অনামী শিহৰণ। কাবেৰী আৰু নীলিম বৰুৱায়ো কথাটো মন কৰে।১

কিন্তু দেৱাহুতিৰ কল্পনাৰ জগত ভাঙিচিঙি চূৰমাৰ হৈ যায়। তাই যেন এটা বন্ধ কুঠৰীত বন্দী হৈ আছে। তাই মুক্তি বিচাৰে; বনহংসৰ দৰে তাই উৰি যাব বিচাৰে।১

অভিনয় শিল্পী

  • বিজয় শংকৰ
  • বিতপী মহন্ত
  • অৰূপ শৰ্মা
  • দীপা
  • তিলমিজুৰ ৰহমান
  • বীণা বাৰুৱতী
  • বিভূতি
  • ৰতন
  • নীলিমা
  • মামণি
  • ভাইটি
  • দীপ
  • কাজু
  • দীতু
  • ইয়াকুব
  • আনচাৰ
  • মিনু
  • নাজমা আদি।১

কলা-কুশলী

(তথ্যছ’কত নথকা)

  • সংলাপ- আব্দুল মজিদ
  • শব্দ গ্ৰহণ- মৃণাল গুহ ঠাকুৰতা, কালিদাস, অৰবিন্দ
  • কলা নিৰ্দেশনা- আমিনুৰ ৰহমান, যোগেন দাস১

সংগীত

সঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখনত ছটা গীত অন্তৰ্ভুক্ত হৈছে।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)). Shashi Shisu Prakashan, Guwahati. পৃ. 256
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 263

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনহংস” প্ৰবন্ধৰ সংশোধন ৩৯৯৮২৪ (৩১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।