ভাৰতৰ উৎসৱসমূহ
৯৫ প্ৰবন্ধ
-
দুৰ্গা পূজা
দুৰ্গা পূজা (দুৰ্গোৎসৱ) হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি উদযাপিত এক বৃহৎ ধৰ্মীয়-সামাজিক উৎসৱ। ই বিশেষকৈ শৰৎকালৰ শাৰদীয় ৰূপত ভাৰতীয় উপমহাদেশৰ বহু অঞ্চলত ব্যাপক জনসমাগম, শিল্প-সংস্কৃতি আৰু সামূহিক অংশগ্ৰহণৰ উৎসৱৰূপে প্ৰতিষ্ঠিত।
-
ফাকুৱা
ফাঁকুৱা (Holi, होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।
-
দেৱালী
দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে।
-
মহা শিৱৰাত্ৰি
মহা শিৱৰাত্ৰি (Maha Shivratri) ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।
-
জন্মাষ্টমী
জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी ) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
-
ওনাম
ওনাম (ഓണം; Ōṇaṁ) দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক উৎসৱ। ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ওনাম আগষ্ট-ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয়।
-
সৰস্বতী পূজা
সৰস্বতী পূজা (বসন্ত পঞ্চমী) জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বা বসন্ত পঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়।
-
মকৰ সংক্ৰান্তি
মকৰ সংক্ৰান্তি উৎসৱক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনা যায়। মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্ত (मकरसंक्रांत), অসমত মাঘ বিহু, অন্য ৰাজ্যসমূহত উত্তৰায়ণ, মাঘী আৰু বাংলাদেশত পৌষ সংক্ৰান্তি বোলা হয়। মকৰ সংক্ৰান্তি উৎসৱ হিন্দু দিনপঞ্জীত সূৰ্য দেৱতাক উৎসৰ্গি কৰা এটা উৎসৱ।
-
বিজয়া দশমী
বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰৰ ৭ম মাহ আশ্বিন (আহিন) মাহৰ দশম দিনটোত পালন কৰা হয়, ই সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পৰে।
-
কালী-পূজা
কালী-পূজা বা শ্যামা-পূজা হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতীয় উপমহাদেশত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়।
-
বৈশাখী
বৈশাখী (ਵਿਸਾਖੀ) শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল।
-
ছট পূজা
ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়।
-
বুদ্ধ পূৰ্ণিমা
বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক (Vesākha, Vaiśākha), পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া,…
-
ৰথ যাত্ৰা
ৰথ যাত্ৰা, বা ৰথ উৎসৱ, হৈছে ৰথত যিকোনো ৰাজহুৱা শোভাযাত্ৰা। ভাৰত, নেপাল আৰু শ্ৰীলংকাত বছৰি উৎসৱৰ সময়ত এইবোৰ অনুষ্ঠিত কৰা হয়। এই শব্দটোৱে পুৰীৰ জনপ্ৰিয় বাৰ্ষিক ৰাথযাত্ৰাকো বুজায়।
-
গণেশ চতুৰ্থী
গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্সৱ পালন কৰা হয়।
-
তিহাৰ
তিহাৰ (तिहार) নেপাল আৰু বৃহৎসংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য চিক্কিম আৰু বিশেষকৈ পশ্চিমবংগৰ দাৰ্জিলিং আৰু কালিম্পঙত পালন কৰা হয়। ইয়াক দীপাৱলী, য়মপঞ্চক বা স্বন্তী নামেৰেও জনা যায়।
-
লক্ষ্মী-পূজা
লক্ষ্মী-পূজা (लक्ष्मी पूजन) হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয়।
-
ৰাখীবন্ধন
ৰাখীবন্ধন (Raksha Bandhan) ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে।
-
পোংগল
পোংগল (பொங்கல், ) অথবা থাই পোংগল (தைப்பொங்கல்) দক্ষিণ ভাৰতৰ ঘাইকৈ তামিল হিন্দুসকলে উদযাপন কৰা কৃষিভিত্তিক উৎসৱ। তামিল দিনপঞ্জীৰ থাই মাহৰ প্ৰথম দিনা সাধাৰণতে ইংৰাজী জানুৱাৰী মাহৰ ১৪/১৫ তাৰিখে পোংগল উদযাপন কৰা হয়। এই উৎসৱ সূৰ্য দেৱতাৰ প্ৰতি ধন্যবাদ জনাবলৈ পালন কৰা হয়।
-
কাৰ্ত্তিক পূৰ্ণিমা
কাৰ্ত্তিক পূৰ্ণিমা (Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়।
-
গুৰু পূৰ্ণিমা
গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন, হিন্দু আৰু বৌদ্ধসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ। হিন্দু কেলেণ্ডাৰমতে 'আষাঢ়' মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ সমৰ্পিত।
-
নাগ পঞ্চমী
নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে। হিন্দু পঞ্জিকা অনুসৰি চন্দ্ৰ মাহৰ উজ্জ্বল অৰ্ধেক দিন (জুলাই/আগষ্ট)ত এই পূজা কৰা হয়।
-
পিতৃপক্ষ
পিতৃপক্ষ (সংস্কৃত: पितृ पक्ष) হিন্দুধৰ্ম অনুসৰি, পূৰ্বপুৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ পক্ষ। এই পক্ষ পিত্ৰুপক্ষ, ষোলা শ্ৰাদ্ধ, কানাগাত, জিতিয়া, মহালয়া পক্ষ আৰু অপৰপক্ষ নামেৰেও পৰিচিত।
-
বিশ্বকৰ্মা পূজা
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়।
-
লাই হাৰাওবা
লাই হাৰাওবা (Lai Haraoba) মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ। মণিপুৰৰ পাৰম্পৰিক লোক-ধৰ্ম সনমাহীৰ উমং লাই গোটৰ দেৱতা সকলৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। উমং লাই হৈছে স্থানীয় মণিপুৰী ধৰ্মৰ পৱিত্ৰ বন দেৱতা। মেইতেই ভাষাত লাই হাৰাওবাৰ আক্ষৰিক অৰ্থ হৈছে দেৱতা সকলৰ আনন্দৰ উৎসৱ।
-
শাৰদ পূৰ্ণিমা
শাৰদ পূৰ্ণিমা (Sharad Purnima) হৈছে হিন্দু চান্দ্ৰবৰ্ষৰ আহিন মাহৰ পূৰ্ণচন্দ্ৰ তিথিত পালন কৰা এক কৃষি উৎসৱ। এই উৎসৱক যাক কুমাৰা পূৰ্ণিমা, কোজাগীৰি পূৰ্ণিমা, নৱণ পূৰ্ণিমা, আৰু কৌমুদী পূৰ্ণিমা বুলিও কোৱা হয়। মৌচুমী ঋতুৰ সমাপ্তিৰ চিহ্ন হিচাপে এই উৎসৱ পালন কৰা হয়।
-
হোলিকা দহন
হোলিকা দহন (Holika Dahan) অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।
-
তীজ
তীজ (Teej) হৈছে ভাৰতৰ বহুতো প্ৰান্তত (মুখ্যতঃ উত্তৰ আৰু মধ্য ভাৰতত) আৰু নেপালত বিবাহিতা মহিলাসকলে উদযাপন কৰা হিন্দু উৎসৱ। তীজ শ্ৰাৱণ মাহৰ (জুলাই-আগষ্ট) তৃতীয় আৰু চতুৰ্থ দিন উদযাপন কৰা হয়। তীজ মহিলাসকলৰ বাবে দেৱী পাৰ্বতীৰ উপাসনা কৰাৰ দিন। মহিলাসকলে প্ৰায়ে তীজ উদযাপনত উপবাস কৰে।
-
নৰক চতুৰ্দশী
নৰক চতুৰ্দশী ( Naraka Chaturdashi), যাক কালি চৌদাস, নৰক চৌদাস, ৰূপ চৌদাস, ছোটি দীপাৱলী, নৰক নিবাৰণ চতুৰ্দশী আৰু ভুত চতুৰ্দশী নামেও জনা যায়, হিন্দু পঞ্জিকা মতে(অমন্ত পৰম্পৰা অনুসৰি) আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী(১৪ তম দিন)ত আৰু (পূৰ্ণিমন্ত পৰম্পৰা অনুসৰি) কাতি মাহত পৰে।
-
বৈচাগু
বৈচাগু (बैसागु; Bwisagu) অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ (এপ্ৰিল মাহৰ মাজভাগত) সাতদিন জুৰি চলে।