কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাটিৰ স্বৰ্গ
মাটিৰ স্বৰ্গ ( Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।
-
মায়া (শ্ৰব্য এলবাম)
মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।
-
লাচিত বঁটা
ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লাচিত বঁটা প্ৰদান কৰা হয়৷ ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷ এই বঁটাত হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি থকা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি আৰু লগতে পাঁচ হাজাৰ টকা প্ৰদান কৰা হয়৷
-
সংবহন কলা
সংবহন কলা হৈছে উচ্চখাপৰ উদ্ভিদত পোৱা কেইবাপ্ৰকাৰৰ কোষেৰে গঠিত এক জটিল কলা। সংবহন কলাৰ প্ৰাথমিক উপাদান দুটা হৈছে জাইলেম আৰু ফ্ল'ৱেম। এই কলাসমূহে উদ্ভিদৰ অন্তৰ্ভাগত পানী, লৱন আৰু পুষ্টিৰ পৰিবহন কৰে। ইয়াৰ উপৰিও ভাছকুলাৰ কেমবিয়াম আৰু কৰ্ক কেমবিয়াম নামৰ দুবিধ ভাজক কলা সংবহন কলাৰ সৈতে সংলগ্ন হৈ থাকে।
-
সাতশাকী
সাতশাকী হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। সাতশাকী নামটো ব'হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।
-
সাৰংগী (নেপালী)
নেপালী সাৰংগী (নেপালী: नेपाली सारंगी) নেপালী এবিধ লোকবাদ্য। ই এক প্ৰকাৰৰ ৰেপি বজোৱা বাদ্যযন্ত্ৰ। পৰম্পৰাগতভাৱে নেপালত সাৰংগী কেৱল গন্ধৰ্ব বা গাইনে (দুয়োটা শব্দই প্ৰতিদ্বন্দ্বিতামূলক আৰু বিনিময়যোগ্য) জাতিৰ লোকেহে বজায়৷ সাধাৰণতে গন্ধৰ্ব সকলে এই সাৰংগী বজায় আখ্যানমূলক কাহিনী আৰু লোক-গীত গায় যদিও…
-
হিড়া নাম
হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ। সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে: দিহা নাম, প্ৰসঙ্গীয়া নাম, পাল নাম, আৰু হিড়া নাম মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়।
-
হীৰ ৰাঞ্জা (১৯৯২ চনৰ চলচ্চিত্ৰ)
হীৰ ৰাঞ্জা (ইংৰাজী: Heer Ranjha) হৰমেশ মালহোত্ৰাৰ পৰিচালনা আৰু প্ৰযোজনাত ১৯৯২ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। অনিল কাপুৰ, শ্ৰীদেৱী, শাম্মী কাপুৰ আৰু অনুপম খেৰ আদি অভিনেতাই ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
ৰং (শ্ৰব্য এলবাম)
ৰং হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে আৰু জুবিনৰ গান এলবামৰ পিছত তেওঁলোকৰ দ্বিতীয় সহযোগিতা আছিল।
-
ৰাগ ললিত
ললিত (ইংৰাজীত Lalat নামেৰেও জনা যায়) হৈছে হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ এটা প্ৰমুখ ৰাগ। ইয়াক সাধাৰণতে শান্ত আৰু ভক্তিমূলক বুলি বৰ্ণনা কৰা হয় আৰু ইয়াক দিনৰ প্ৰভাতৰ সময়ত পৰিবেশন কৰা হয়।
-
ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
স্বাধীন যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত প্ৰশান্ত চন্দ্ৰ মাহালান'বিছে আগবঢ়া উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে, ভাৰত চৰকাৰে তেওঁৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি প্ৰতি বছৰে ২৯ জুনক ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছিল।
-
ৰিস্তা ডট কম
ৰিস্তা ডট কম (Rishta.com) হৈছে এখন হিন্দী ভাষাৰ ভাৰতীয় ধাৰাবাহিক যি প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হয় চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজনত ২০১০ বৰ্ষৰ ৩ জানুৱাৰীত। বিখ্যাত প্ৰযোজকবৃন্দ য়শ চোপ্ৰা আৰু আদিত্য চোপ্ৰা প্ৰযোজিত এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হয় য়শ ৰাজ ফিল্মছৰ দূৰদৰ্শন শাখা ৱাই আৰ এফ টেলিভিজনৰ বেনাৰত।
-
অনাপোট্টান
অনাপোট্টান (ইংৰাজী: Onapottan; যাক অনেশ্বৰন বুলিও জনা যায়) হৈছে কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত ওনাম উৎসৱৰ সময়ত দেখা পোৱা এটা পৰম্পৰাগত লোক-চৰিত্ৰ। অনাম উৎসৱৰ উত্ৰাডম আৰু থিৰুভনম দিনকেইটাত অনাপোট্টানে মানুহৰ ঘৰে ঘৰে গৈ দেখা দিয়ে। অনাপোট্টানৰ চৰিত্ৰটো এজন স্থানীয় শিল্পীয়ে ৰূপায়ণ কৰে।
-
অনামিকাৰ সপোন
অনামিকাৰ সপোন অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰচিত বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
-
অনাৰকলী (১৯৫৩ চলচ্চিত্ৰ)
অনাৰকলী (Anarkali) নন্দলাল যশৱন্তলালৰ দ্বাৰা পৰিচালিত আৰু নছিৰ হুছেইন আৰু হামিদ বাটৰ দ্বাৰা লিখিত মোগল সম্ৰাট জাহাংগীৰৰ ঐতিহাসিক কিংবদন্তিৰ ওপৰত আধাৰিত ১৯৫৩ চনৰ এখন ভাৰতীয় ঐতিহাসিক নাট্যধৰ্মী চলচ্চিত্ৰ।
-
অন্তৰ্জলী যাত্ৰা
অন্তৰ্জলী যাত্ৰা (Antarjali Jatra)) ১৯৮৭ চনত মুক্তি পোৱা কলকাতাভিত্তিক গৌতম ঘোষ পৰিচালিত ভাৰতীয় বোলছবি। কমল কুমাৰ মজুমদাৰৰ মহাযাত্ৰা নামৰ উপন্যাস এখনৰ আধাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল। ঊনবিংশ শতিকাৰ বংগৰ অভিজাত ব্ৰাহ্মণসকলৰ বহুবিবাহ প্ৰথাৰ দলিলস্বৰূপ এই বোলছবিখন।
-
অসমৰ দূৰদৰ্শন কেন্দ্ৰসমূহৰ তালিকা
এই প্ৰবন্ধটোত অসমৰ পৰা প্ৰচাৰিত দূৰদৰ্শন কেন্দ্ৰসমূহক তালিকাভুক্ত কৰা হৈছে।
-
অৰ্জুন বঁটা প্ৰাপকৰ তালিকা (১৯৬১-১৯৬৯)
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়াত অসামান্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ ক্ৰীড়া সন্মান ভাৰতীয় ক্ৰীড়াবিদসকলক প্ৰদান কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতি বছৰে ইয়াক প্ৰদান কৰে।
-
আছাম টক্ছ
আছাম টক্ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড।
-
আন্তৰ্জাতিক সাক্ষৰতা দিৱস
১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে। ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা।
-
আৰবাজো
আৰবাজো (নেপালী: आरबाजो) চাৰিডাল তাঁৰযুক্ত এবিধ নেপালী লোক-সংগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ৷ এই বাদ্য বিধক তালবদ্ধ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। আৰবাজো হৈছে গন্ধৰ্ব জাতিৰ সংগীত পৰিবেশক সকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ, আৰু ইয়াক নেপালী সাৰংগীৰ সংগী হিচাপে গণ্য কৰা হয়।
-
আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা
আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা (Aryamaan – Brahmaand Ka Yodha) হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক। ই এতিয়ালৈকে কম সময়ৰ ভিতৰত সকলোতকৈ ব্যয়বহুল ভাৰতীয় টেলিভিচন নাটকৰ ৰেকৰ্ড ধাৰণ কৰিছে।
-
উত্তৰ ফাল্গুনী
উত্তৰ ফাল্গুনী ( Uttar Falguni ) ১৯৬৩ চনৰ অসিত সেনৰ পৰিচালনা আৰু উত্তম কুমাৰৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, য'ত সুচিত্ৰ সেনে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। অন্য মুখ্য চৰিত্ৰত আছে বিকাশ ৰায় আৰু দিলীপ মুখাৰ্জী।
-
উপলব্ধি
উপলব্ধি অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাটক।
-
উৰুচ মেলা
উৰুচ বা উৰ্চ মেলা (আৰবী ভাষাত আক্ষৰিক অৰ্থ বিবাহ), হৈছে কোনো চুফী সন্তৰ মৃত্যু বাৰ্ষিকী, সাধাৰণতে সন্তজনৰ দৰগাহ (মন্দিৰ বা সমাধি)ত অনুষ্ঠিত হয়। প্ৰায়বোৰ চুফী ধাৰা, যেনে নক্সাবন্দী তৰিকা, চুহৰাৱৰ্দিয়া, চিষ্টিয়া, কাদিৰিয়া আদিত উৰুচৰ ধাৰা আছে আৰু ইয়াক উৎসাহেৰে পালন কৰা হয়।
-
এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা
এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ জীৱনজোৰা কৃতিত্ব আৰু অৱদানক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বাৰ্ষিক বঁটা। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিনেতা তথা প্ৰাক্তন ৰাজনীতিবিদ এন. টি. ৰামা ৰাও নামেৰে এই বঁটাৰ নামকৰণ কৰা হৈছে।
-
ঐ খাপলা (ধাৰাবাহিক)
ঐ খাপলা হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। আৰ বি প্ৰডাকচনৰ হৈ আজিজ মিৰ্জা প্ৰযোজিত আৰু বুলবুল হুছেইন পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে ৰাহুল দাসে। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।
-
কইনা সজাব কোনে
কইনা সজাব কোনে চিত্তৰঞ্জন পৰাশৰে ৰচনা কৰা ৰাজশ্ৰী থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
-
কদম কদম বঢ়ায়ে যা
কদম কদম বঢ়ায়ে যা (Qadam Qadam Badhaye Ja) আছিল সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা সংগঠিত হোৱা ভাৰতীয় ৰাষ্ট্ৰীয় সেনাদলৰ তাৎক্ষণিক সমদল (regimental quick march)৷ এই গীতটি লিখিছিল বংশীধৰ শুক্লাই আৰু সুৰাৰোপণ কৰিছিল ৰাম সিং ঠাকুৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই গীতটোক ব্ৰিটিছে ভাৰতত দেশদ্ৰোহ গণ্য দি নিষিদ্ধ…