দিৱসসমূহ
১৩৫ প্ৰবন্ধ
-
লাচিত দিৱস
লাচিত দিৱস প্ৰতিবছৰে ২৪ নৱেম্বৰ তাৰিখে অসমজুৰি পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে লাচিত বৰফুকনৰ বীৰত্ব স্মৰণ আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়-স্মৃতি উদযাপন।
-
আন্তৰ্জাতিক নাৰী দিৱস
আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ।
-
গণৰাজ্য দিৱস (ভাৰত)
গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ভাৰত চৰকাৰ আইন (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। ভাৰতৰ সংবিধানখন ভাৰতৰ সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল।
-
স্বাধীনতা দিৱস (ভাৰত)
স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।
-
শিক্ষক দিৱস
শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন।
-
মানৱ অধিকাৰ দিৱস
মানৱ অধিকাৰ দিৱস সমগ্ৰ বিশ্বত প্ৰতিবছৰে ১০ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত, মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা (ইউডিএইচআৰ), মানৱ অধিকাৰৰ প্ৰথম বিশ্বব্যাপী ঘোষণা আৰু নতুন ৰাষ্ট্ৰসংঘৰ প্ৰথমটো মুখ্য সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে বাছনি কৰা…
-
গান্ধী জয়ন্তী
গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।
-
শিশু দিৱস
শিশু দিৱস (ইংৰাজী: Children's Day) হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল।
-
শিল্পী দিৱস
শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদ্যাপন কৰা হয়। এই দিনটোতে মহান শিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদ্যাপন কৰা হৈছিল।
-
অভিযন্তা দিৱস
অভিযন্তা দিৱস (Engineer's Day) বছৰটোৰ বিভিন্ন তাৰিখত বিশ্বৰ কেইবাখনো দেশত পালন কৰা হয়। ২০১৯ চনৰ ২০ নৱেম্বৰলৈকে, ৱৰ্ল্ড ফেডাৰেচন অৱ ইঞ্জিনিয়াৰিং সংগঠনসমূহে (WFEO) ৪ মাৰ্চক ‘World Engineering Day for a Sustainable World’ হিচাপে নিৰ্ধাৰিত কৰিছে।
-
ভেলেণ্টাইন দিৱস
ছেইণ্ট ভেলেণ্টাইন দিৱস, সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হ'ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়।
-
অসম দিৱস
অসম দিৱস বা চ্যু-কা-ফা দিৱস (Assam Day) হ'ল অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস। ১২২৮ চনৰ এই দিনটোতে তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম স্থাপন কৰিছিল।
-
বিশ্ব এইড্ছ দিৱস
বিশ্ব এইড্ছ দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়।১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়।
-
বিশ্ব স্বাস্থ্য দিৱস
বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।
-
আন্তৰ্জাতিক শ্ৰমিক দিৱস
আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (International Workers' Day ) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন।
-
বিশ্ব মেলেৰিয়া দিৱস
বিশ্ব মেলেৰিয়া দিৱস প্ৰতিবছৰে এপ্ৰিল মাহৰ ২৫ তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে মেলেৰিয়া প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে।
-
বিশ্ব যক্ষ্মা দিৱস
বিশ্ব যক্ষ্মা দিৱস বা বিশ্ব যক্ষ্মা ৰোগ দিৱস হৈছে যক্ষ্মা ৰোগৰ (TB) বিশ্বব্যাপী মহামাৰীৰ বিষয়ে জনসচেতনতা গঢ়ি তোলা আৰু এই ৰোগ নিৰ্মূলৰ প্ৰচেষ্টাৰ বাবে প্ৰতি বছৰে ২৪ মাৰ্চত পালন কৰা এক আন্তৰ্জাতিক দিৱস।
-
বিশ্ব হেপাটাইটিছ দিৱস
বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা এক সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে।
-
বিশ্ব ধঁপাতবিৰোধী দিৱস
বিশ্ব ধঁপাতবিৰোধী দিৱস গোটেই পৃথিৱীতে প্ৰতিবছৰে মে মাহৰ ৩১ তাৰিখে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল এই ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা।
-
বিশ্ব পৰিৱেশ দিৱস
বিশ্ব পৰিৱেশ দিৱস (World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল।
-
বিশ্ব ৰক্তদাতা দিৱস
বিশ্ব ৰক্তদাতা দিৱস (World Blood Donor Day) প্ৰতি বছৰে ১৪ জুন তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে এই দিৱস…
-
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।
-
আন্তৰ্জাতিক মাতৃভাষা দিৱস
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।
-
ঋতুস্ৰাৱ স্বাস্থ্য দিৱস
ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস বিশ্বত ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস। প্ৰতি বছৰে ২৮ মে' তাৰিখে এই দিৱস পালন কৰা হয়।
-
ধৰিত্ৰী দিৱস
প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি ধৰিত্ৰী দিৱস (Earth Day) পালন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। বৰ্তমান ইয়াক আৰ্থ ডে' নেটৱৰ্কে ১৯২ খনতকৈও অধিক দেশত সমন্বিত কৰে।
-
পাই দিৱস
পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়। ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।
-
পৰাক্ৰম দিৱস
পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দিৱস পালনৰ ঘোষণা কৰিছিল।
-
বিশ্ব ব্ৰেইল দিৱস
বিশ্ব ব্ৰেইল দিৱস (World Braille Day) হৈছে প্ৰতি বছৰে ৪ জানুৱাৰীত পালন কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস। অন্ধ আৰু দৃষ্টিহীন লোকৰ মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উপলব্ধি কৰাৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন কৰা হয়।
-
মাতৃ দিৱস
মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্যাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়।
-
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।