ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ
২০৬ প্ৰবন্ধ
-
জয়মতী (১৯৩৫ চলচ্চিত্ৰ)
জয়মতী (১৯৩৫) অসমীয়া ভাষাৰ প্ৰথম কথাছবি আৰু অসমৰ বুৰঞ্জী-সমল আধাৰিত চলচ্চিত্ৰচৰ্চাৰ এটা পথপ্ৰদৰ্শক কৃতি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰযোজনা-পৰিচালনাত, লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ আধাৰত নিৰ্মিত এই ছবিখনে ঐতিহাসিক কাহিনীক সমকালীন ৰাজনৈতিক ইঙ্গিতৰ সৈতে জোৰা দিয়াৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে।
-
অগ্নিস্নান
অগ্নিস্নান (Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে।
-
অদাহ্য (চলচ্চিত্ৰ)
অদাহ্য (Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
-
গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)
গঙা চিলনীৰ পাখি (Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি। মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল।
-
জয়মতী (২০০৬ চলচ্চিত্ৰ)
জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।
-
চামেলি মেমচা'ব
চামেলি মেমচা'ব (Madame Chameli) হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। অসমৰ চাহ বাগিছাৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত চাহ বাগিচাৰ এজন ব্ৰিটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক যুৱতীৰ প্ৰেম কাহিনী দেখুওৱা হৈছে।
-
তেজীমলা (চলচ্চিত্ৰ)
তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।
-
দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।
-
প্ৰথম ৰাগিনী
প্ৰথম ৰাগিনী (Prathom Ragini) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত, ট্ৰেঞ্চ এচিয়া ফিল্মছ ৮৬ৰ বেনাৰত নিৰ্মিত আৰু ধীৰু ভূঞা পৰিচালিত এখন অসমীয়া বোলছবি। ভূঞাৰ এইখন প্ৰথম পৰিচালিত ছবি। ৰমা দাশৰ অচল টকা শীৰ্ষক এটা গল্পৰ আধাৰত প্ৰথম ৰাগিনীৰ চিত্ৰনাট্য ৰচনা কৰিছিল গৌতম বৰা আৰু মহম্মদ চাদুল্লাই।
-
শকুন্তলা (চলচ্চিত্ৰ)
শকুন্তলা (Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ।
-
আকাশীতৰাৰ কথাৰে
আকাশীতৰাৰ কথাৰে... (A Tale told thousand times) হৈছে ২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু গৱেষণা হৈছে মঞ্জু বৰাৰ।
-
দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)
দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত হয় এই ছবিখন। এয়া দেৱদাসৰ কাহিনীৰ তৃতীয় বলীউড (হিন্দী) সংস্কৰণ আৰু হিন্দীত প্ৰথম ৰঙীন চলচ্চিত্ৰ সংস্কৰণ।
-
ভূল ভুলৈয়া
ভূল ভুলৈয়া হৈছে ২০০৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ছাইক্লজিকেল থ্ৰিলাৰ চলচ্চিত্ৰ, যাৰ পৰিচালক প্ৰিয়দৰ্শন, চিত্ৰনাট্য নীৰজ ৱোৰা আৰু প্ৰযোজক টি ছিৰিজ। এয়া ১৯৯৩ চনত মধু মুত্তমে লিখা আৰু ফাজিলৰ পৰিচালনাত নিৰ্মিত মালয়ালম ভাষাৰ চলচ্চিত্ৰ মণিচিত্ৰথাঝুৰ পুনৰ্নিৰ্মাণ, যিখন ১৯ শতিকাৰ মধ্য ট্ৰেভাংকুৰৰ মাটম…
-
আইদেউ
আইদেউ (ইংৰাজী নাম:Aideu - Behind the Screen), ২০০৭ চনত মুক্তিপ্ৰাপ্ত, অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"ৰ নামভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চলচিত্ৰ। ছবিখনত আইদেউ সন্দিকৈৰ নিজৰ দৃশ্যও সম্বলিত হৈছে। অৱশ্যে ছবিখন মুক্তিৰ আগতেই তেখেতৰ মৃত্যু হয়।
-
চক দে ইণ্ডিয়া (চলচ্চিত্ৰ)
চক দে! ইণ্ডিয়া (Chak De! India ) হৈছে ২০০৭ চনত শিমিত আমিনৰ দ্বাৰা পৰিচালিত আৰু আদিত্য চোপ্ৰাই যশ ৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় ক্ৰীড়া ছবি। ছবিখনত শ্বাহৰুখ খানে ভাৰতৰ পুৰুষৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ প্ৰাক্তন অধিনায়ক কবীৰ খানৰ চৰিত্ৰত অভিনয় কৰিছে।
-
মহানগৰ
মহানগৰ Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।
-
স্ত্ৰী (চলচ্চিত্ৰ)
স্ত্ৰী (Stree) (অনুবাদ. মহিলা) হৈছে ২০১৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ কমেডী হৰৰ ছবি, যাৰ পৰিচালক অভিষেক অমৰ কৌশিক আৰু প্ৰযোজক দীনেশ বিজন আৰু ৰাজ এণ্ড ডি কে। ইয়াত ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ লগতে পংকজ ত্ৰিপাঠী, অপৰশক্তি খুৰানা আৰু অভিষেক বেনাৰ্জীয়ে অভিনয় কৰিছে।
-
দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)
দেৱদাস (Devdas) বিমল ৰয়ৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসখনৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু সুচিত্ৰা সেনে।
-
বুলবুল কেন্ ছিং
বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।
-
বেণ্ডিত কুইন
বেণ্ডিত কুইন হৈছে ১৯৯৪ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক একচন-এডভেঞ্চাৰ চলচ্চিত্ৰ যিখন ভাৰতীয় লেখিকা মালা সেনৰ ইণ্ডিয়াছ বেণ্ডিট কুইন: দ্য ট্ৰু ষ্ট'ৰী অৱ ফুলন দেৱী নামৰ কিতাপখনত সামৰি লোৱা ফুলন দেৱীৰ জীৱনৰ ওপৰত আধাৰিত।
-
আক্ৰোশ (চলচ্চিত্ৰ)
আক্ৰোশ (Akrosh) ১৯৮০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন গোবিন্দ নিহালানী পৰিচালিত আৰু বিজয় টেণ্ডুলকাৰ ৰচিত প্ৰথম ছবি আছিল।
-
আনজাম
আনজাম (Anjaam) হৈছে ৰাহুল ৰাৱাইলৰ দ্বাৰা পৰিচালিত ১৯৯৪ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমাণ্টিক মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াত মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে, লগত আছে সুধা চন্দ্ৰন, টিন্নু আনন্দ, বীনা বেনাৰ্জী, কিৰণ কুমাৰ, কল্পনা আয়াৰ আৰু হিমানী শিৱপুৰীকে ধৰি এদল…
-
ঘৰে বাইৰে
ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে।
-
চৰ্দাৰী বেগম
চৰ্দাৰী বেগম (Sardari Begum) হৈছে শ্যাম বেনেগাল পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰতীয় মিউজিকেল চিনেমা। চিনেমাখনত কিৰণ খেৰ, অমৰিশ পুৰী, ৰজিত কাপুৰ আৰু ৰাজেশ্বৰী সচদেৱে অভিনয় কৰিছে।
-
তিন কন্যা
তিন কন্যা ( Teen Kanya) ১৯৬১ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় বাংলা চলচ্চিত্ৰ। ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত। শিৰোনামটোৰ অৰ্থ হৈছে "তিনিজনী ছোৱালী" আৰু ছবিখনৰ মূল ভাৰতত মুক্তি পোৱা সংস্কৰণত তিনিটা কাহিনী আছিল।
-
দেৱদাস (১৯৩৫ চনৰ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৫ চনত প্ৰমথেশ বৰুৱাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বাংলা সাহিত্যিক শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত প্ৰমথেশ বৰুৱাৰ চিত্ৰনাট্য ৰচনা কৰিছিল।
-
পাকীজা (চলচ্চিত্ৰ)
পাকীজা (Pakeezah ) ১৯৭২ চনৰ কামাল আমৰোহী ৰচিত, পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় সংগীতমধুৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত অশোক কুমাৰ আৰু ৰাজ কুমাৰৰ সৈতে নাম ভূমিকাত অভিনয় কৰিছে মীনা কুমাৰীয়ে। ইয়াত লক্ষ্ণৌৰ তৱাইফ চাহিবজানৰ কাহিনী বৰ্ণিত হৈছে।
-
প্ৰেম ৰোগ
প্ৰেম ৰোগ হৈছে ১৯৮২ চনত ৰাজ কাপুৰৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী ভাষাৰ সংগীতধৰ্মী ৰোমাণ্টিক নাটক চলচ্চিত্ৰ। ছবিখনৰ চিত্ৰনাট্য লিখিছে জৈনেন্দ্ৰ জৈন আৰু কামনা চন্দ্ৰই।
-
ভূল ভুলৈয়া ২
ভূল ভুলৈয়া ২ হৈছে ২০২২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-ভৌতিক চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে আনীছ বাজমীয়ে, চিত্ৰনাট্য লিখিছে আকাশ কৌশিক আৰু সংলাপ লিখিছে ফাৰহাদ চামজীয়ে। ছবিখন টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত। ই ২০০৭ চনত মুক্তি পোৱা ভূল ভুলৈয়া ছবিখনৰ এটা স্বতন্ত্ৰ ছিকুৱেল।
-
ভূল ভুলৈয়া ৩
ভূল ভুলৈয়া ৩ হৈছে ২০২৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-ভৌতিক চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে আনীছ বাজমীয়ে আৰু চিত্ৰনাট্য লিখিছে আকাশ কৌশিকে। ছবিখন টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত। ই ২০০৭ চনৰ ভূল ভুলৈয়া আৰু ২০২২ চনৰ ভূল ভুলৈয়া ২-ৰ পিছত এই ধাৰাবাহিকৰ তৃতীয় খণ্ড।