কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পৰাক্ৰম দিৱস
পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দিৱস পালনৰ ঘোষণা কৰিছিল।
-
বনজুই (চলচ্চিত্ৰ)
বনজুই (Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।
-
বান (চলচ্চিত্ৰ)
বান (Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।
-
বিশ্ব ব্ৰেইল দিৱস
বিশ্ব ব্ৰেইল দিৱস (World Braille Day) হৈছে প্ৰতি বছৰে ৪ জানুৱাৰীত পালন কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস। অন্ধ আৰু দৃষ্টিহীন লোকৰ মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উপলব্ধি কৰাৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন কৰা হয়।
-
ভৈৰৱী ঠাট
ভৈৰৱী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।
-
মনে মোৰ কইনা বিচাৰে
মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। "ইক' মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশিতা গোস্বামীয়ে।
-
মমতাজ (চলচ্চিত্ৰ)
মমতাজ (Momtaaj) ২০১৩ চনত মুক্তি পোৱা এখন অসমীয়া ছবি। পুলক গগৈ এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল। সাইঁ ফিল্মছে এই ছবিখন প্ৰযোজনা কৰিছিল আৰু চলচ্চিত্ৰখনৰ বাবে পুলক গগৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ ‘ভিভেল ফিল্মফেয়াৰ বঁটা (ইষ্ট)’ লাভ কৰিছিল।
-
মহাপুৰুষ (চলচ্চিত্ৰ)
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে।
-
মাত্ৰা (সংগীত)
মাত্ৰা হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ একোটি বিট, যি তালৰ আটাইতকৈ সৰু ছন্দময় উপ-একক - সংগীতৰ মিটাৰ। ই বিভাগ (মাপ) আৰু আৱৰ্তন (চক্ৰ)ৰ সৈতে তালৰ তিনিটা স্তৰৰ গঠনৰ ভিতৰত অন্যতম। বিটৰ তাৎপৰ্য তেওঁলোকৰ চক্ৰত সংঘটনৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও, বিটৰ মূল্য বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি টান বা সংকুচিত হ’ব পাৰে।
-
মী এণ্ড মাই ছিষ্টাৰ
মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।
-
লাজ
লাজ (Laaz) ২০০৪ চনত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। সঙ্গীত পৰিচালনা তৰালী শৰ্মাৰ। অৰুণ গোস্বামীৰ চুটিগল্প ‘মাছমৰীয়া ছোৱালীৰ লাজ’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে পৰিচালিকা মঞ্জু বৰাই।
-
শক্তিমান
শক্তিমান (Shaktimaan) হ'ল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত, মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ।
-
শৈশৱতে ধেমালিতে
শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।
-
সতী বেউলা (চলচ্চিত্ৰ)
সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া অসমীয়া কথাছবি, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।
-
সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)
সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি। ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।
-
ৰতনলাল
ৰতনলাল (Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ।
-
ৰবীন্দ্ৰ পুৰস্কাৰ
ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে।
-
ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)
ৰামধেনু (Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) অসমীয়া ভাষাৰ এক সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল।
-
ৰেনেছাঁ অসম বঁটা
ৰেনেছাঁ অসম বঁটা হৈছে ২০১২ চনৰপৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এক বঁটা। অসমৰ সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে নগাঁৱৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আৰু ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ ২৫,০০০ টকা, স্মাৰক আৰু অন্যান্য।
-
অকণ
অকণ (Akon) ১৯৮০ চনত মুক্তি পোৱা জি বি চি প্ৰডাকচনচৰ বেনাৰত নিৰ্মিত, গৌৰী বৰ্মন পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা চিৰঞ্জীলাল চৌধুৰীৰ। পৰিচালক গৌৰী বৰ্মনৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য লিখিছে নিৰোদ চৌধুৰীয়ে। অকণ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ।
-
আজান পীৰ বঁটা
আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।
-
আশাৱৰী ঠাট
আশাৱৰী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।
-
এক দীৱানা থা
এক দীৱানা থা (হিন্দী: एक दीवाना था) হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰ। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে। এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভায়াৰ পুনৰনিৰ্মাণ।
-
কনকলতা (চলচ্চিত্ৰ)
কনকলতা (Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল।
-
গৰু (চলচ্চিত্ৰ)
গৰু (Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ।
-
ঘৰ জেউতি
অভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি মনা হয়। ঘৰ জেউতি এবিধ শান্ত মাইকী ভূত। ই সাধাৰণতে শান্ত মতামানুহৰ ঘৰত থাকে আৰু ই কাৰো অপকাৰ নকৰে। ইয়াৰ সংখ্যা বৰ কম। ৰাতি শুই থকা মানুহৰ গাৰ ওপৰেদি ঘূৰি ফুৰিবলৈ ই ভালপায়।
-
চিম্ফনী
চিম্ফনী হৈছে পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ এটা বৰ্ধিত সংগীত ৰচনা, প্ৰায়ে অৰ্কেষ্ট্ৰাৰ বাবে। যদিও এই শব্দটোৰ উৎপত্তি প্ৰাচীন গ্ৰীক যুগৰ পৰা বহু অৰ্থ আছে, ১৮ শতিকাৰ শেষৰ ফালে শব্দটোৱে আজিৰ সাধাৰণ অৰ্থ লাভ কৰিছিল: এটা গ্ৰন্থ সাধাৰণতে একাধিক সুকীয়া অংশ বা গতিৰে গঠিত, প্ৰায়ে চাৰিটা, প্ৰথম আন্দোলন…
-
চুকাফা বঁটা
চুকাফা বঁটা অসম চৰকাৰে প্ৰদান কৰা এক বঁটা। সমাজৰ বিভিন্ন দিশলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। ২০০৫ চনৰ পৰা এই বঁটাৰ প্ৰচলন হয়। এই বঁটাত আছে দুই লাখ টকা, শৰাই, এৰী চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ।
-
জাংফাই জোনাক
জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে।
-
জুবিনৰ গান (শ্ৰব্য এলবাম)
জুবিনৰ গান হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।