ভাস্কৰ্য
৩৬ প্ৰবন্ধ
-
ভাস্কৰ্য
ভাস্কৰ্য হৈছে দৃশ্য কলাৰ এটা শাখা যি তিনিটা মাত্ৰাত কাৰ্য কৰি থাকে। ভাস্কৰ্য হৈছে ত্ৰিমাত্ৰিক শিল্পকৰ্ম যি উচ্চতা, প্ৰস্থ আৰু গভীৰতাৰ জড় বাস্তৱত প্ৰকাশিত হয়। ই প্লাষ্টিক কলাসমূহৰ অন্যতম।
-
পিৰামিড
পিৰামিড (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা πυραμίς (puramís) 'পিৰামিড') এনে এটা গঠনবিশেষ যাৰ দৃশ্যমান পৃষ্ঠবোৰ বহল ৰূপৰেখাত ত্ৰিকোণীয় আৰু ওপৰৰ ফালে অভিসৰণ কৰে, যাৰ ফলত জ্যামিতিক অৰ্থত ইয়াৰ ৰূপ মুঠতে এটা পিৰামিডৰ দৰে।
-
গম্বুজ
গম্বুজ (Dome, লেটিন ডমুছৰ পৰা উদ্ভৱ) হৈছে গোলকৰ ফুটা ওপৰৰ অৰ্ধেক অংশৰ সৈতে মিল থকা এটা স্থাপত্য উপাদান। কুপোলা শব্দটোৰ সৈতে যথেষ্ট ওভাৰলেপ আছে, যিয়ে গম্বুজ বা গম্বুজৰ ওপৰৰ গঠনকো বুজাব পাৰে। গম্বুজৰ সঠিক সংজ্ঞা বিতৰ্কৰ বিষয় হৈ আহিছে আৰু ইয়াক বৰ্ণনা কৰিবলৈ বিভিন্ন ধৰণৰ ৰূপ আৰু বিশেষ শব্দ আছে।
-
মৃৎশিল্প
মৃৎশিল্প বুলিলে মাটি আৰু অন্যান্য কেঁচামালৰ সহায়ত তৈয়াৰ কৰা আৰু উচ্চ তাপমাত্ৰাত কঠিন আৰু দীঘলীয়া স্থায়িত্বযুক্ত ৰূপ দিয়া বস্তুসমূহৰ গঠন প্ৰক্ৰিয়া আৰু তাৰ ফলাফলক বুজায়। অসমীয়া ভাষাত মাটিৰ সামগ্ৰীৰ নিৰ্মাতাক কুমাৰ বুলি কোৱা হয়।
-
বান্ধ
বান্ধ (Dam) হ’ল পৃষ্ঠীয় পানী বা ভূগৰ্ভস্থ ধাৰাসমূহৰ প্ৰবাহত বাধা দিয়া ব্যৱস্থা। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাশয়সমূহে কেৱল বানপানী দমন কৰাই নহয়, জলসিঞ্চন, মানুহৰ ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, জলজ কৃষি, আৰু নাও চলাচলৰ দৰে কাৰ্য্যকলাপৰ বাবেও পানী যোগান ধৰে।
-
খিলান
খিলান (Arch, আৰ্ক) হৈছে বেঁকা আকাৰৰ উলম্ব গঠন যি তলৰ খালী স্থান পাৰ হৈ থাকে। খিলানে ওপৰৰ ভাৰ ধাৰণ কৰিব পাৰে, বা কেবল অলংকাৰিক উদ্দেশ্যৰে ব্যৱহাৰ হ’ব পাৰে।
-
গুণ্ডিচা মন্দিৰ
গুণ্ডিচা মন্দিৰ (ଗୁଣ୍ଡିଚା ମନ୍ଦିର), হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ মন্দিৰ চহৰত পুৰীত অৱস্থিত এটা হিন্দু মন্দিৰ। ই পুৰীত উদ্যাপিত বাৰ্ষিক ৰথ যাত্ৰাৰ গন্তব্যস্থান হোৱাৰ বাবে বিখ্যাত।
-
ফলেন এষ্ট্ৰ'নট
ফলেন এষ্ট্ৰ'নট (Fallen Astronaut), ৮.৫ চে.মি. (৩ ইঞ্চিতকৈ সামান্য ডাঙৰ) এলুমিনিয়ামেৰে নিৰ্মিত এক ভাস্কৰ্য। ভাস্কৰ্যটোত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকী দেখুওৱা হৈছে। মহাকাশ যাত্ৰাৰ অগ্ৰগতিৰ সময়ত জীৱন হেৰুওৱা মহাকাশচাৰীসকলৰ স্মৃতিত এই ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল।
-
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi (Houston)) আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টন চহৰত প্ৰতিষ্ঠিত।এখন সৰু পাহাৰৰ ওপৰত স্থাপন কৰা, ড. মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ প্ৰতিমূৰ্তিৰ বিপৰীতে, মহাত্মা গান্ধী এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
-
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পাটনাৰ গান্ধী ময়দানত থকা ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাজহুৱা স্মৃতিসৌধ। এই প্ৰতিমূৰ্তিটো হৈছে বিশ্বৰ সৰ্বোচ্চ ব্ৰঞ্জেৰে তৈয়াৰী এটা মূৰ্তি। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইয়াক উন্মোচন কৰিছিল।
-
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, ভাৰতীয় সংসদ ভৱন
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Mahatma Gandhi, Parliament of India) হ’ল নতুন দিল্লীৰ সংসদ ভৱনৰ সম্মুখত স্থাপিত এটি প্ৰায় ১৬ ফুট (৪.৯ মিটাৰ) উচ্চতাৰ তামৰ মোহনদাস কৰমচাঁদ গান্ধীৰ মূৰ্তি।
-
একতাৰ মূৰ্তি
একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত।
-
গাৰ্গয়্ল
গাৰ্গোইল (/ˈɡɑːrɡɔɪl/) হৈছে অট্টালিকাত খোদিত শিলামূৰ্তি যাক পানীৰ টোপাল ছাদৰ পৰা আৰু অট্টালিকাৰ কাষৰ পৰা আঁতৰত কঢ়িয়াই নিবলৈ সজোৱা কৰা হয়, এইদৰে শিলৰ দেৱালৰ তললৈ পানী বাগৰি যোৱাৰ পৰা বাধা দিয়া হয়।
-
জটায়ু প্ৰকৃতি উদ্যান
জটায়ু আৰ্থছ চেণ্টাৰ, বা জটায়ু প্ৰকৃতি উদ্যান, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ চডয়ামংগলামত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন কেন্দ্ৰ। ই সাগৰ পৃষ্ঠৰপৰা গড়ে 350 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ শীৰ্ষলৈ যাবলৈ কেবল কাৰৰ ব্যৱস্থা আছে আৰু এইখন কেৰালাৰ একমাত্ৰ কেবল কাৰ।
-
ডেভিদ (মাইকেলেঞ্জেল')
ডেভিদ হ'ল ইটালীৰ শিল্পী মাইকেলেঞ্জেল'ৰ দ্বাৰা নিৰ্মিত পৃথিবীৰ বিখ্যাত ভাস্কৰ্যবোৰৰ ভিতৰত অন্যতম এটা মূৰ্তি। ১৫০৪ চনত ফ্লোৰেন্সত ইয়াক স্থাপন কৰা হয়। কান্ধত কেটেপা লৈ যুদ্ধৰ বাবে সাজু হৈ থকা এজন ডেকা ল'ৰা হিচাবে প্ৰতিষ্ঠা কৰা ডেভিদক শৰীৰবিজ্ঞানৰ ফালৰ পৰাও সম্পূৰ্ণ শুদ্ধ জোখত নিৰ্মাণ কৰা হৈছিল।
-
মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী
নৃত্যৰতা যুৱতী (Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।
-
যক্ষী (ভাস্কৰ্য)
যক্ষী (Yakshi (sculpture)) হ'ল ভাৰতৰ কেৰালা ৰাজ্যৰ মালমপুজা বান্ধৰ কাষতে থকা পলাক্কাডৰ মালমপুজা উদ্যানত থকা এটি ভাস্কৰ্য। কানায়ী কুঁহিৰমনে ১৯৬৯ চনত এই ভাস্কৰ্য্যৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে।
-
ৰামসেতু
ৰাম সেতু, যাক আদম দলং বুলিও কোৱা হয়, ভাৰতৰ দক্ষিণ প্ৰান্তক শ্ৰীলংকাৰ সৈতে সংযোগ কৰা চূণশিলৰ শিলৰ শৃংখল। ভগৱান ৰামে নিজৰ পত্নী সীতাক অসুৰ ৰজা ৰাৱণৰ পৰা উদ্ধাৰৰ বাবে কৰা অভিযানৰ কাহিনী বৰ্ণনা কৰা প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণৰ সময়ছোৱাত নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়।
-
আদিযোগী শিৱ প্ৰতিমূৰ্তি
আদিযোগী শিৱৰ আৱক্ষ মূৰ্তি (ইংৰাজী: Adiyogi Shiva bust) তামিলনাডুৰ থিৰুনামৰ কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত অৱস্থিত। তীখাৰে নিৰ্মিত এই মূৰ্তিটো ৩৪ মিটাৰ ওখ (১১২ ফুট), ৪৫ মিটাৰ দীঘল (১৪৭ ফুট) আৰু ২৫ মিটাৰ বহল (৮২ ফুট)। ইয়াক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ বিশ্বৰ "সৰ্ববৃহৎ আৱক্ষ ভাস্কৰ্য" হিচাপে স্বীকৃতি দিয়ে।
-
আলোকবৰতিকা
আলোকবৰতিকা বেগম ৰোকেয়াৰ স্মাৰক ভাস্কৰ্য। ৰংপুর নগৰৰ চৰকাৰী বেগম ৰোকেয়া কলেজৰ কাষত সালবন ইন্দ্ৰাৰ মোড়ত অৱস্থিত, ভাস্কৰ্যটো ২০২০ চনৰ ৯ ডিচেম্বৰ বেগম ৰোকেয়া দিৱসত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অনীক ৰেজাই নিৰ্মাণ কৰা ভাস্কৰ্যটো মূলত বেগম ৰোকেয়াৰ প্ৰতিকৃতি।
-
এন্দোপ (ভাস্কৰ্য)
এন্দোপ (Ndop) আছিল কুবা ৰাজ্যৰ বিভিন্ন ৰজা (nyim)ক প্ৰতিনিধিত্ব কৰা ৰূপক ভাস্কৰ্য।
-
গোৰ ট্ৰাউট মূৰ্তি
গোৰ ট্ৰাউট মূৰ্তি (Gore trout statue), যিটো ২০২৬ চনৰ পৰা ট্ৰেভৰ নামেৰে জনাজাত, হৈছে নিউজিলেণ্ডৰ গোৰ চহৰত অৱস্থিত এটা ৬.৫ মিটাৰ (২১ ফুট) ওখ ব্ৰাউন ট্ৰাউট মাছৰ মূৰ্তি। ১৯৮৯ চনত এই মূৰ্তিটো উন্মোচন কৰা হৈছিল।
-
গ্যাৰহ মূৰ্তি
গ্যাৰহ মূৰ্তি (Gyarah Murti) হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতিত ভাৰতৰ নতুন দিল্লীত অৱস্থিত এটা কীৰ্তিচিহ্ন। ইয়াৰ ভাস্কৰ্য শিল্পী হিচাপে দেৱী প্ৰসাদ ৰয় চৌধুৰীক কৃতিত্ব দিয়া হয়।ই এঘাৰটা মূৰ্তিৰ এটা গোট, দহটা মূৰ্তিয়ে গান্ধীক নেতৃত্ব দি বিভিন্ন সামাজিক-সাংস্কৃতিক,…
-
তিনি গিৰিসংকটৰ বান্ধ
তিনি গিৰিসংকটৰ বান্ধ ( 三峡大坝; Three Gorges Dam) হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ উৎপাদক বান্ধ। এই বান্ধখন চীন দেশৰ হুবেই (Hubei) প্ৰদেশৰ ইচাং (Yichang) চহৰৰ ওচৰত Yangtze নদীৰ ওপৰত অৱস্থিত।
-
দৰবাৰ হাউছ শিলালিপি
দৰবাৰ হাউছ শিলালিপি ১৬৬০ শক (১৭৩৮ খ্ৰীষ্টাব্দত) খোদিত হৈছিল, য’ত বৰফুকনৰ দৰবৰ (কাৰ্যালয়)-ৰ দক্ষিণ জয়াদুৱাৰ নিৰ্মাণৰ ঘটনা তৰুণ দুৱৰা বৰফুকনৰ পৰ্যবেক্ষণত আৰু শিৱ সিংহৰ আদেশত কৰা হৈছিল বুলি লিখিত আছে।
-
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম সেনাৰ ১৬৬৭ খ্ৰীষ্টাব্দত গুৱাহাটী জয়ৰ ঘটনা খোদিত কৰা হৈছে। এই লিপিত নামজানী বৰফুকন বা লাচিত বৰফুকনৰ গুণৰ বৰ্ণনা কৰা হৈছে, যি বৰবৰুৱাৰ পুত্ৰ আছিল।
-
বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য
বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য বাংলাদেশী সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈ আহিছে। বাংলাদেশ এসময়ত দক্ষিণ এছিয়াত বিশেষকৈ গুপ্তৰ পিছৰ আৰু মধ্যযুগীয় যুগত শিলৰ ভাস্কৰ্যক প্ৰভাবিত কৰা এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।
-
বুনেৰ ৰিলিফ
বুনেৰ ৰিলিফ হৈছে প্ৰাচীন গান্ধাৰৰ বৰ্তমান পাকিস্তানৰ পেছাৱৰ উপত্যকাৰ বুনেৰ জিলাৰ পৰা লোৱা কেইবাটাও শিলৰ ৰিলিফ। ইয়াৰে কিছুমান স্বাত উপত্যকাৰ ওচৰতো দেখিবলৈ পোৱা যায়।
-
ভূতেশ্বৰৰ যক্ষীসকল
ভূতেশ্বৰৰ যক্ষীসকল (Bhutesvara Yakshis) যাক ভূতেসৰৰ যক্ষী বুলিও বানান কৰা হয় হ'ল কুশন সাম্ৰাজ্যৰ সময়ত খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ ৰেলিঙত থকা যক্ষীৰ ৰিলিফ শৃংখলা।
-
মহীশূৰ ৰোজউড ইনলে
মহীশূৰ ৰোজউড ইনলে মহীশূৰৰ আশে-পাশে শিল্পীসকলে ভাস্কৰ্য আৰু আলংকাৰিক কামত ব্যৱহাৰ কৰা বিভিন্ন কৌশল সামৰি লৈছে, ইয়াত প্ৰায়ে হাতীদাঁতৰ খোলা, শামূকৰ খোলা, পশুৰ শিং আৰু চন্দন কাঠৰ দৰে ৰঙীন সামগ্ৰী গোলাপ কাঠৰ মিশ্ৰণত পৰিণত কৰি সাধাৰণতে মেট্ৰিক্সৰ সৈতে সমতল অলংকাৰ বা ছবি গঠন কৰে।