ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি
৩৭ প্ৰবন্ধ
-
কথানদী
কথানদী (The River of Fables) ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ইয়াত সীমা বিশ্বাস, আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদিয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি অসমৰ কিছুমান লোকসাধু।
-
তেজীমলা (চলচ্চিত্ৰ)
তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।
-
লায়লা মজনু (২০১৮ চলচ্চিত্ৰ)
লায়লা মজনু হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
হীৰ ৰাঞ্জা (১৯৯২ চনৰ চলচ্চিত্ৰ)
হীৰ ৰাঞ্জা (ইংৰাজী: Heer Ranjha) হৰমেশ মালহোত্ৰাৰ পৰিচালনা আৰু প্ৰযোজনাত ১৯৯২ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। অনিল কাপুৰ, শ্ৰীদেৱী, শাম্মী কাপুৰ আৰু অনুপম খেৰ আদি অভিনেতাই ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
উৰন খতোলা
উৰন খতোলা (Uran Khatola) ১৯৫৫ চনত সংগীত পৰিচালক নৌশাদৰ দ্বাৰা নিৰ্মিত আৰু এছ ইউ ছানী পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক-নাট্যধৰ্মী ছবি। ছবিখনত অভিনয় কৰিছে দিলীপ কুমাৰ, নিম্মী, জীৱন আৰু টুনটুনে। ছবিখনৰ সংগীত ৰচনা নৌছাদৰ। গীতসমূহ ৰচনা কৰিছে ছাকিল বদায়ুনীয়ে।
-
জ্ঞান সৌন্দৰী (চিটাডেল সংস্কৰণ)
জ্ঞান সৌন্দৰী (Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যিখন এফ নাগুৰ আৰু জোচেফ থালিয়াথ জুনিয়ৰে যুটীয়াভাবে ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। এই ছবিখনত টি আৰ মহালিংগম, এম ভি ৰাজম্মাই মুখ্য চৰিত্ৰত আৰু ডি বালাসুব্ৰমণিয়াম, শিৱভাগ্যম, ললিতা আৰু পদুমীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
ডাহিনী - দ্য ৱিচ্চ
ডাহিনী - দ্য ৱিচ্চ (ইংৰাজী: Dahini: The Witch) ২০২২ চনত ৰাজেশ টচৰিভাৰৰ পৰিচালনা, সুনীতা কৃষ্ণন, আৰু প্ৰদীপ নাৰায়ণনৰ প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় অতিপ্ৰাকৃতিক থ্ৰিলাৰ ছবি। ছবিখনত তন্নিষ্ঠা চেটাৰ্জী, জে. ডি. চক্ৰৱৰ্তী আৰু শ্ৰুতি জয়নে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
সাবিত্ৰী (১৯৪১ চনৰ চলচ্চিত্ৰ)
সাবিত্ৰী (ইংৰাজী: Savithiri) ১৯৪১ চনত তামিল ভাষাত নিৰ্মিত এখন ভাৰতীয় চলচ্চিত্ৰ৷ ছবিখন ৱাই ভি ৰাওে পৰিচালনা কৰিছিল। ছবিখনত ৱাই. ভি. ৰাওে সত্যবানৰ চৰিত্ৰত আৰু শান্ত আপ্তেই সাবিত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
সোহনী মহিৱাল (১৯৮৪ চলচ্চিত্ৰ)
সোহনী মহিৱাল (Sohni Mahiwal; सोनी महिवाल) একে নামৰ পাঞ্জাবী লোক ট্ৰেজেডীৰ আধাৰত, ১৯৮৪ চনত নিৰ্মিত এখন ইণ্ডো-ৰুছী ঐতিহাসিক ৰোমাঞ্চ নাট্যধৰ্মী ছবি। পৰিচালক উমেশ মেহৰা আৰু লতিফ ফাইজিয়েভ (ৰাছিয়া)। প্ৰযোজনা কৰিছে এফ চি মেহৰাই। গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছানি দেউল, পুনম ধীলন আৰু জীনত আমানে।
-
হীৰ (১৯৫৫ চনৰ চলচ্চিত্ৰ)
হীৰ (পঞ্জাবী: ھیر, ইংৰাজী: Heer) ১৯৫৫ চনত নিৰ্মিত জে চি আনন্দৰ দ্বাৰা নিৰ্মিত এখন পাকিস্তানী পঞ্জাবী ভাষাৰ ছবি৷ ছবিখন নাজিৰে পৰিচালনা কৰিছিল আৰু স্বৰণ লতা আৰু ইনায়ত হুছেইন ভট্টীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ৱাৰিছ শ্বাহৰ পঞ্জাবী লোককথা হীৰ ৰাঞ্জাৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।
-
হীৰ ৰাঞ্জা (১৯৭০ চলচ্চিত্ৰ)
হীৰ ৰাঞ্জা (Heer Raanjha) চেতন আনন্দৰ পৰিচালিত আৰু তেওঁৰ পুত্ৰ কেতন আনন্দ প্ৰযোজিত ১৯৭০ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক সংগীতমধুৰ চলচ্চিত্ৰ।
-
ৱাৰিয়ৰ সাবিত্ৰী
ৱাৰিয়ৰ সাবিত্ৰী (Waarrior Savitri) ২০১৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ একচন নাট্যধৰ্মী ছবি। ছবিখনত নিহাৰিকা ৰাইজাডা, ৰজত বৰমেচা, ওম পুৰী, কৰ্মবীৰ চৌধুৰী আৰু গুলচন গ্ৰ'ভাৰে অভিনয় কৰিছে। ড° ববছ প্ৰডাকচনৰ বেনাৰত উপেন্দ্ৰ মহেশ্বৰী আৰু ববি কাণ্ডাই ছবিখন প্ৰযোজনা কৰিছিল।
-
অগ্গী বীৰুডু
অগ্গী বীৰুডু (Aggi Veerudu; অনু. অগ্নিবীৰ) ১৯৬৯ চনৰ তেলেগু ভাষাৰ এখন ছচবাল্কাৰ ছবি, যিখন বি. ভিট্টলচাৰ্যই শ্ৰী ভিট্টল কম্বাইনছ্ৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে। পৰিচালনা কৰিছে বি ভি শ্ৰীনিবাসে। ইয়াত এন টি ৰামা ৰাও, ৰাজশ্ৰী বিজয়াই অভিনয় কৰিছে। সংগীত ৰচনা বিজয় কৃষ্ণ মূৰ্তিৰ।
-
অন্নমায়া
অন্নমায়া (Annamayya) ১৯৯৭ চনৰ তেলেগু ভাষাৰ এখন হাজিঅ'গ্ৰাফিক ছবি, যাৰ পৰিচালনা কৰিছে কে ৰাঘবেন্দ্ৰ ৰাৱে আৰু ভি এম চি প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভি ডোৰাস্বামী ৰাজুৱে। এই ছবিখনত পঞ্চদশ শতিকাৰ সংগীতকাৰ অন্নমাচাৰ্যৰ জীৱন কাহিনী বৰ্ণিত হৈছে, যিটো চৰিত্ৰত নাগাৰ্জুন অক্কিনেনীয়ে অভিনয় কৰিছে।
-
অমৃত মন্থন (১৯৩৪ চলচ্চিত্ৰ)
অমৃত মন্থন (Amrit Manthan) ১৯৩৪ চনত ভি শান্তৰামে তেওঁৰ প্ৰভাত ফিল্ম কোম্পানীৰ বাবে পৰিচালনা কৰা এখন ভাৰতীয় কষ্টিউম ড্ৰামা ছবি। ছবিখন একেলগে হিন্দী আৰু মাৰাঠী ভাষাত নিৰ্মাণ কৰা হৈছিল। ইয়াত অভিনয় কৰিছিল চন্দ্ৰ মোহন, নলিনী তৰ্খাদ, শান্তা আপ্তে, জি আৰ মানে, আৰু কেলকাৰে।
-
আন্নাই ভেলাংকন্নী
আন্নাই ভেলাংকন্নী (Ali Baba 40 Dongalu; অনুবাদ. মাতৃ ভেলাংকন্নী) ১৯৭১ চনৰ কে থাংগাপ্পানৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ছবি। ছবিখনত অভিনয় কৰিছে মিথুন গণেশন, জয়ললিতা, পদ্মিনী আৰু কে আৰ বিজয়াই। কমল হাছানে কম সময়ৰ বাবে যীচু খ্ৰীষ্টৰ চৰিত্ৰত অভিনয় কৰিছে যদিও তেওঁৰ নামোল্লেখ কৰা হোৱা নাই।
-
আলিবাবা ঔৰ ৪০ চোৰ (১৯৫৪ চলচ্চিত্ৰ)
আলিবাবা ঔৰ ৪০ চোৰ (Alibaba Aur 40 Chor) ১৯৫৪ চনৰ হোমি ৱাডিয়া পৰিচালিত এখন হিন্দী ফেণ্টাচি একচন ছবি। ছবিখন ৱাডিয়া ব্রাদাৰ্ছ প্ৰডাকচনৰ বেনাৰত বসন্ত পিকচাৰ্ছৰ প্ৰস্তুতি আছিল।[1] কাহিনী, চিত্ৰনাট্য আৰু অতিৰিক্ত সংলাপ জে বি এইচ ৱাডিয়াৰ।
-
আলী বাবা ৪০ ডংগালু
আলী বাবা ৪০ ডংগালু (Ali Baba 40 Dongalu; অনু. আলি বাবা আৰু ৪০টা চোৰ) বি. বিট্টলাচাৰ্য পৰিচালিত, ১৯৭০ চনৰ এখন তেলেগু ভাষাৰ ফেণ্টাচী ছচবাল্কাৰ ছবি। ইয়াত এন টি ৰামা ৰাও আৰু জয়ললিতা মুখ্য ভূমিকাত অভিনয় কৰিছে। সংগীত ৰচনা ঘন্টাশালৰ। শ্ৰী গৌতম পিকচাৰ্ছৰ বেনাৰত ছবিখন এন ৰামব্ৰহ্মমে প্ৰযোজনা কৰিছে।
-
আৰাৱল্লী
আৰাৱল্লী (Aravalli ) ১৯৫৭ চনৰ কৃষ্ণ ৰাও পৰিচালিত আৰু ভি.এন. মডাৰ্ণ থিয়েটাৰৰ দ্বাৰা নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ফেণ্টাচী একচন ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জি বৰালক্ষ্মী, এছ মোহন, এছ জি ঈশ্বৰ, মীনাৱতী আৰু কাকা ৰাধাকৃষ্ণনে।
-
আৰাৱল্লী সুৰাৱল্লী
আৰাৱল্লী সুৰাৱল্লী (Aaravalli Sooravalli ) ১৯৪৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন চি ভি ৰমণে পৰিচালনা কৰিছে। ছবিখনত অভিনয় কৰিছে কে থৱামণি দেৱী, ভি এ চেল্লাপ্পা, পি এছ গোবিন্দ, এম আৰ সন্থানলক্ষ্মী আৰু ছেৰুকুলাথুৰ সমাই।
-
উষা কল্যাণম
উষা কল্যাণম ( Usha Kalyanam ) ১৯৩৬ চনৰ কে সুব্ৰমণিয়ামৰ পৰিচালনাত নিৰ্মিত এখন তামিল ভাষাৰ ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এছ ডি চুবুলক্ষ্মী, চি ভি ভি পান্থুলু আৰু জি পট্টু আয়াৰে। সেই সময়ৰ প্ৰথাৰ দৰেই এই ছবিখনৰ লগতে কিজাট্টু মাপিল্লাই নামৰ আন এখন ছবিও প্ৰদৰ্শিত হৈছিল।
-
ছিৰি ফাৰহাদ (১৯৫৬ চলচ্চিত্ৰ)
ছিৰি ফাৰহাদ ১৯৫৬ চনত মুক্তি পোৱা ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আৰু প্ৰযোজক আছিল আস্পি ইৰাণী। শ্বাহনামে ৰ খুশ্ৰু আৰু শিৰিৰ আধাৰত এই ছবিখন নিৰ্মিত।
-
জ্ঞান সৌন্দৰী (জেমিনী সংস্কৰণ)
জ্ঞান সৌন্দৰী (Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যাৰ নিৰ্মাণ জেমিনী ষ্টুডিঅ’ই কৰিছিল। একে নাম আৰু কাহিনীৰে, বেলেগ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰু মেম্বাৰেৰে একেটা বছৰতে চিটাডেল ষ্টুডিঅ’ই প্ৰযোজনা কৰা আন এখন ছবিও মুক্তি পাইছিল আৰু এই ছবিখন মুক্তি পোৱাৰ সময়ত চিটাডেলৰ জ্ঞান সৌন্দৰী…
-
তুম্বাড
তুম্বাড (Tumbbad) হৈছে ৰাহী অনিল বৰ্ৱে পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় হিন্দী ভাষাৰ ঐতিহাসিক লোককথাভিত্তিক হৰৰ চলচ্চিত্ৰ। আনন্দ গান্ধীয়ে ছবিখনৰ সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰিছিল আৰু আদেশ প্ৰসাদে সহ-পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ধৰম বীৰ
ধৰম বীৰ (Dharam-Veer ) ১৯৭৭ চনৰ, মনমোহন দেশাই পৰিচালিত হিন্দী ভাষাৰ এখন পিৰিয়দ একচন-ড্ৰামা ছবি। আৰ.কে. ষ্টুডিঅ’ৰ বেনাৰত মেহবুব ষ্টুডিঅ’ৰ অধীনত সুভাষ দেশায়ে ছবিখন প্ৰযোজনা কৰিছিল। অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, জীনত আমন, নীতু সিং আৰু প্ৰাণে। সংগীত ৰচনা লক্ষ্মীকান্ত–প্যাৰেলালৰ।
-
নাগমণ্ডলম
নাগমণ্ডল (Nagamandala) ১৯৯৭ চনত নিৰ্মিত ভাৰতীয় কানাড়া ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ পৰিচালক টি. এচ নাগভৰণ। কাহিনী লিখিছে গিৰিশ কনাৰ্ডে। শ্ৰীহৰি এল খোদেৰ দ্বাৰা প্ৰযোজিত আৰু চি অশ্বথৰ সংগীতেৰে নিৰ্মিত এইখন ১৯৮৮ চনৰ কৰ্নাডৰ একে নামৰ নাটকৰ অভিযোজন, যিখন স্থানীয় লোককথা আৰু আচাৰ-অনুষ্ঠানৰ আধাৰত ৰচিত…
-
পুৰণ ভগত (চলচ্চিত্ৰ)
পুৰণ ভগত বা পুৰণ ভক্ত (Puran Bhagat ) ১৯৩৩ চনত কলিকতাৰ নিউ থিয়েটাৰ্ছ লিমিটেডৰ দ্বাৰা নিৰ্মিত এখন হিন্দী ভক্তিমূলক জীৱনীমূলক ছবি। এইখন আছিল দেবকী বসুৰ হিন্দীত প্ৰথম পৰিচালনা। ছবিখনত অভিনয় কৰিছিল কে এল চাইগল, উমা শশী, কুমাৰ, মলিনা দেৱী, কে চি দে আৰু তাৰাবাই।
-
বাল নাগাম্মা
বাল নাগাম্মা ( Bala Nagamma) ১৯৪২ চনj চি পুল্লাই পৰিচালfl আৰু এছ এছ ভাছান প্ৰযোজিত এখন তেলেগু ভাষাৰ ছবি। বাল নাগম্মা কাহিনীটো এটা জনপ্ৰিয় বুৰ্ৰা কথাৰ পৰা লোৱা হৈছে।
-
বীৰ মংগদবলো
বীৰ মংগদবলো (Vir Mangdavalo) ১৯৭৬ চনৰ এখন গুজৰাটী ৰোমান্টিক ফেণ্টাচি ছবি। বাবুভাই মিষ্ট্ৰী পৰিচালিত ছবিখনত গুজৰাটৰ এক লোককথা চিত্ৰিত হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উপেন্দ্ৰ ত্ৰিবেদী, অৰবিন্দ ত্ৰিবেদী আৰু স্নেহলতাই। সংগীত ৰচনা কৰিছিল অবিনাশ ব্যাসে। ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
ভানগড়
ভনগড় হ'ল দিলীপ সুদৰ পৰিচালনা তথা মায়ংক জৈন আৰু অজয় ৰায়ৰ সহ-প্ৰযোজনাত ২০১৪ চনত মুক্তি লাভ কৰা ভাৰতীয় ভয়ানক চলচ্চিত্ৰ (হোৰোৰ ফিল্ম)। এই ছবিখন নিৰ্মাণ হৈছে এছিয়াৰ আটাইতকৈ ভূতুনী ঠাই হিচাপে পৰিচিত ৰাজস্থানৰ ভংগড় দুৰ্গৰ আধাৰত।