এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ (Emuthi Puthi - A Very Fishy Trip) বা এমুঠি পুঠি ২০২২ চনৰ ১৭ জুনত মুক্তিপ্ৰাপ্ত১ অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালনা কুলনন্দিনী মহন্তৰ। ইয়াৰ কাহিনীভাগ যুটীয়াভাৱে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই লিখিছে। পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হৈছিল আই ফোনত (I Phone)। ভাস্কৰ হাজৰিকা, শ্যাম বৰা আৰু সুনীল আগৰৱালাৰ প্ৰযোজনাৰে এই ছবিখন হৈছে আই ফোনত শ্বুটিং সম্পন্ন হোৱা প্ৰথমখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ।২
পটভূমি
চলচ্চিত্ৰৰ মূল কাহিনীভাগত এগৰাকী বিদ্ৰোহী কিশোৰীয়ে মাজনিশা ঘৰৰ পৰা পলাই ৰহস্যময় মাছৰ সন্ধানত তেওঁৰ উদ্ভট স্বভাৱৰ আইতাকৰ সৈতে যাত্ৰা কৰে।১ এগৰাকী আৰক্ষীয়ে তেওঁলোকক খেদি ফুৰে। কাকতালীয়ভাৱে এই আৰক্ষীগৰাকী কিশোৰীগৰাকীৰ মাতৃ আৰু আইতাকগৰাকীৰ কন্যা। কাহিনীটোৱে জটিল মানৱীয় আৱেগক সামৰি লৈছে।
অভিনয় শিল্পী
| ক্ৰমিক নং | অভিনয় শিল্পী | চৰিত্ৰ |
|---|---|---|
| ১ | কেনী দেউৰী বসুমতাৰী | ধ্ৰুৱ |
| ২ | মনোজ বৰকটকী | বিতু |
| ৩ | ৰুবুল বড়ো | লাক্সাৰী |
| ৪ | নিতালী দাস | ইন্দিৰা |
| ৫ | মণীষা ভূঞা | ৰিমলি |
| ৬ | প্ৰতিভা চৌধুৰী | আইতা |
| ৭ | সৃষ্টি শৰ্মা | ঋত্বিকা |
সংগীত
চলচ্চিত্ৰখনৰ আৱহ সংগীত বেছহোলৰ (মনদ্বীপ তাৰো)।৩
তথ্যসূত্ৰ
- ↑ (18 June 2022). অসমীয়া চলচ্চিত্ৰ 'এমুঠি পুঠি – এ ভেৰী ফিচি ট্ৰিপ'ৰ মুক্তি লাভ. www.assam.awazthevoice.in
- ↑ (December 2, 2020). আকৌ এবাৰ শ্বুটিঙত ব্যস্ত বহু প্ৰত্যাশিত “এমুঠি পুঠি” ৰ কলা-কুশলীঃ. rupaliparda.com
- ↑ (17 June 2022). Red Carpet Premiere of Assamese Comedy-Drama "Emuthi Puthi - AVery Fishy Trip" Held in Guwahati. www.guwahatiplus.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমুঠি পুঠি” প্ৰবন্ধৰ সংশোধন ৩৪১৭৭১ (১ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।