ফায়াৰফ্লাইছ-জোনাকী পৰুৱা হৈছে ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এইখন উত্তৰপূৱ ভাৰতৰ প্ৰথমখন ছবি। বিশ্বৰ ২০ খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হোৱা চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰকাশ ডেকাৰ। মিলিন দত্তৰ প্ৰযোজনাত নিৰ্মিত চলচ্চিত্ৰখনৰ সংগীত তৰালি শৰ্মাৰ।১
তথ্যসূত্ৰ
- ↑ আপুনি জানেনে কাৰ ভুলৰ বাবে কিয় গাঁৱৰ পৰা আঁতৰি গ'ল মাইনা?. News next one
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাকী পৰুৱা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩০২২৩৫ (৩০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।