মালয়ালম চলচ্চিত্ৰ
৪১ প্ৰবন্ধ
-
অল উই ইমাজিন এজ লাইট
অল উই ইমাজিন এজ লাইট (All We Imagine as Light) হৈছে পায়ল কাপাডিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইংৰাজী: International Film Festival of Kerala বা চমুকৈ IFFK) হৈছে ভাৰতৰ কেৰালাৰ ৰাজধানী চহৰ তিৰুৱনন্তপুৰমত বছৰেকীয়াভাৱে অনুষ্ঠিত হোৱা এক চলচ্চিত্ৰ মহোৎসৱ।
-
প্ৰেমালু
প্ৰেমালু হৈছে গিৰীশ এ.ডি.-ৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ভাৱনা ষ্টুডিঅ’ছ, ফাহাধ ফাছিল এণ্ড ফ্ৰেণ্ড্ছ আৰু ৱৰ্কিং ক্লাছ হিৰ’ নামৰ প্ৰযোজনা কোম্পানী কেইখনে ছবিখনৰ প্ৰযোজনা কৰিছে।
-
মঞ্জুম্মেল বয়ছ
মঞ্জুম্মেল বয়ছ (Manjummel Boys) হৈছে চিদাম্বৰমৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। পাৰাভা ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে সৌবিন শ্বাহীৰ, বাবু শ্বাহীৰ আৰু শ্বাউন এণ্টনিয়ে।
-
২০১৮ (চলচ্চিত্ৰ)
২০১৮ (পৰ্দাত উপ-শিৰোনামা হিচাপে এভৰিৱান ইজ এ হিৰো লিখা হৈছে) হৈছে ২০১৮ চনৰ কেৰালাৰ ভয়াৱহ বানপানীৰ আধাৰত নিৰ্মিত ২০২৩ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক জুড এন্থনী জোচেফ, যিয়ে অখিল পি. ধৰ্মজনৰ সৈতে ইয়াৰ চিত্ৰনাট্যও লিখিছিল। কাব্য ফিল্ম কোম্পানীৰ বেনাৰত পি.
-
প্ৰেমম
প্ৰেমম (মালয়ালম: പ്രേമം, অৰ্থ: প্ৰেম) হৈছে ২০১৫ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ ৰোমাণ্টিক কমেডী-ড্ৰামা চলচ্চিত্ৰ। আলফন্স পুথ্ৰেনৰদ্বাৰা ৰচিত, পৰিচালিত আৰু সম্পাদিত এই ছবিখন প্ৰযোজনা কৰিছে আনৱাৰ ৰাছিদে।
-
ব্ৰময়ুগম
ব্ৰময়ুগম (ৰোমানীকৃত: Bramayugam; উচ্চাৰণ: ভ্ৰময়ুগম; অনুবাদ: ভ্ৰমৰ যুগ) হৈছে ২০২৪ চনত ৰাহুল সদাশিৱনে লিখা তথা পৰিচালিত কৰা আৰু নাইট শ্বিফ্ট ষ্টুডিঅ’ (Night Shift Studios) আৰু ৱাই.নট ষ্টুডিঅ’ৰ (YNOT Studios) যৌথ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় মালয়ালম ভাষাৰ লোককথাভিত্তিক হৰৰ ছবি।
-
স্বয়ম্বৰম
স্বয়ম্বৰম ( One's Own Choice ) ১৯৭২ চনত মুক্তি পোৱা আদুৰ গোপালকৃষ্ণন পৰিচালিত মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ, য'ত মধু আৰু সাৰদাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন উল্লেখযোগ্য সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল থিক্কুৰিছি সুকুমাৰন নায়াৰ, আদুৰ ভৱানী, কে পি এ চি ললিতা, আৰু ভাৰত গোপীয়ে।
-
হৃদয়ম
হৃদয়ম হৈছে বিনীত শ্ৰীনিবাসনৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২২ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। মেৰীলেণ্ড চিনেমাছৰ জৰিয়তে বিশাখ সুব্ৰমণিয়ামে ছবিখনৰ প্ৰযোজনা কৰে আৰু বিগ বেং এণ্টাৰটেইনমেণ্টছৰ জৰিয়তে নোবেল বাবু থমাছে ছবিখনৰ সহ-প্ৰযোজনা কৰে।
-
অপৰণ (চলচ্চিত্ৰ)
অপৰণ (Aparan)হৈছে ১৯৮৮ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্যধৰ্মী মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। পি. পদ্মৰাজনে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনাও কৰিছিল। ছবিখন তেওঁৰ একে নামৰ চুটি গল্পৰ আধাৰত নিৰ্মিত।
-
অভয়ম
অভয়ম (Shelter; আশ্ৰয়) হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালায়লম ভাষাৰ শিশু চলচ্চিত্ৰ। শিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ তৰুণ কুমাৰ, আৰু বেবী অম্বালীয়ে।
-
অৰ্ধনাৰী (চলচ্চিত্ৰ)
অৰ্ধনাৰী ( Ardhanaari ) ২০১২ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ কেৰালাৰ ট্ৰাঞ্চজেণ্ডাৰসকলৰ জীৱনক লৈ নিৰ্মিত এখন ছবি। পৰিচালক সন্তোষ সৌপৰ্ণিকা। এম জি শ্ৰীকুমাৰে তেওঁৰ প্ৰডাকচন হাউচ এম জি চাউণ্ড এণ্ড ফ্ৰেমছৰ অধীনত ছবিখন প্ৰযোজনা কৰিছে।
-
আদামিন্তে মকন আবু
আদামিন্তে মকন আবু (মালয়ালম: ആദാമിന്റെ മകൻ അബു; অৰ্থ: আদামৰ পুত্ৰ আবু) হ'ল ২০১১ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই কথাছবিখনৰ কাহিনী ৰচনা, পৰিচালনা আৰু সহ প্ৰযোজনা কৰিছিল চেলিম আহমেদে।
-
ইৰাকাল
ইৰাকাল (Irakal) হৈছে ১৯৮৫ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। কে. জি. জৰ্জে ছবিখনৰ চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনাও কৰিছিল৷ ছবিখনৰ প্ৰযোজক আছিল সুকুমাৰন। ছবিখনত কে. বি. গণেশ কুমাৰ, থিলাকন, সুকুমাৰন, অশোকন আৰু ৰাধাই অভিনয় কৰিছে।
-
উত্তৰায়নম
উত্তৰায়নম (Uttarayanam) হৈছে ১৯৭৫ চনত মুক্তি লাভ কৰা এখন মালয়ালম ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা জি. অৰৱিন্দনে কৰিছে আৰু থিক্কোডিয়ানে চিত্ৰনাট্য লিখিছে। এই ছবিখনৰ জৰিয়তেই অৰৱিন্দনে চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
উস্তাদ হোটেল
উস্তাদ হোটেল হ'ল ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। এই কথাছবিখন পৰিচালনা কৰিছিল আনোৱাৰ ৰছিদে, কাহিনী ৰচনা কৰিছিল অঞ্জলি মেননে আৰু প্ৰযোজনা কৰিছিল লিষ্টিন ষ্টিফেনে। ইয়াত দুলকুৱাৰ চলন্ত, থিলাকান আৰু নিত্য মেননে মুখ্য ভূমিকাত অভিনয় কৰিছিল।
-
এন্নু নিন্তে মইদিন
এন্নু নিন্তে মইদিন (অৰ্থ: আপোনাৰ সঁচাকৈয়ে, মইডেন) হৈছে ২০১৫ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ জীৱনীমূলক ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। আৰ. এছ. বিমলৰদ্বাৰা লিখিত আৰু পৰিচালিত এই ছবিখন ১৯৬০-ৰ দশকত কোঝিকোড়ৰ মুক্কামত সংঘটিত কাঞ্চনমালা আৰু বি. পি. মইদিনৰ বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত।
-
এল২: এমপুৰান
এল২: এমপুৰান (ইংৰাজী: L2: Empuraan) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় মালায়ালম ভাষাৰ মহাকাব্যিক ৰাজনৈতিক একচন থ্ৰীলাৰ চলচ্চিত্ৰ। পৃথ্বীৰাজ সুকুমাৰনৰ পৰিচালনা আৰু মুৰুলী গোপীৰ কাহিনীৰে নিৰ্মিত এই ছবিখন আশীৰ্বাদ চিনেমাছ, লাইকা প্ৰডাকচঞ্চ আৰু শ্ৰী গোকুলম মুভিজৰ বেনাৰত অণ্টনি পেৰুম্বাভুৰ,…
-
কুম্বালাংগী নাইটছ
কুম্বালাংগী নাইটছ হৈছে ২০১৯ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰোমাণ্টিক কমেডী ড্ৰামা চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে শেন নিগম, ফাহাদ ফাচিল, চৌবিন চাহিৰ আৰু শ্ৰীনাথ ভাষীয়ে। ইয়াৰ উপৰি ন-শিকাৰু আন্না বেন, গ্ৰেচ এণ্টনি আৰু মেথিউ থমাছে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
কোডিয়েট্টম (চলচ্চিত্ৰ)
কোডিয়েট্টম (Kodiyettam) হৈছে আদূৰ গোপালকৃষ্ণনে ৰচনা আৰু পৰিচালনা কৰা এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপীয়ে। আন উল্লেখযোগ্য সৰু চৰিত্ৰত কে. পি. এ. চি.
-
ক্লাছমেটছ (২০০৬ চনৰ চলচ্চিত্ৰ)
ক্লাছমেটছ (ইংৰাজী: Classmates) হৈছে ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ কেম্পাছ জীৱনভিত্তিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে লাল জোছে আৰু কাহিনী লিখিছে জেমছ এলবাৰ্টে।
-
গু (চলচ্চিত্ৰ)
গু হৈছে ২০২৪ চনৰ এখন ভাৰতীয় মালয়ালম ভাষাৰ মানসিক-আৱেগিক নাট্যধৰ্মী চলচ্চিত্ৰ, য’ত ভয়ানক আৰু কল্পবিজ্ঞানধৰ্মী উপাদান আছে। ছবিখনৰ কাহিনী লিখিছে আৰু পৰিচালনা কৰিছে মনু ৰাধাকৃষ্ণনে। ছবিখন মনিয়ানপিল্লা ৰাজুৱে নিজৰ বেনাৰ মনিয়ানপিল্লা ৰাজু প্ৰডাকচনৰ অধীনত নিৰ্মাণ কৰিছে।
-
চিদাম্বৰম (চলচ্চিত্ৰ)
চিদাম্বৰম (Chidambaram; ചിദംബരം) জি অৰবিন্দ ৰচিত, পৰিচালিত আৰু প্ৰযোজিত ১৯৮৫ চনৰ এখন মালয়ালম ভাষাৰ ছবি। এইখন চি.ভি. সীতাৰমনৰ এটা চুটিগল্পৰ চলচ্চিত্ৰীয় অভিযোজন। ছবিখনত গোপামত বাস কৰা তিনিজন লোকৰ জীৱনৰ মাজেৰে পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিভিন্ন দিশ অন্বেষণ কৰা হৈছে।
-
চেম্মীন
চেম্মীন ( Chemmeen ) থাকাঝি শিৱশংকৰ পিল্লাইৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত, ১৯৬৬ চনৰ এখন ভাৰতীয়, মালায়ালম ভাষাৰ ৰোমাঞ্চ চলচ্চিত্ৰ। এছ এল পুৰম সদানন্দনে চিত্ৰনাট্য ৰচনা কৰা ছবিখনৰ পৰিচালক আছিল ৰামু কাৰিয়াত আৰু প্ৰযোজক বাবু ইছমাইল ছেইট। কনমণি ফিল্মছৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
জানকীযুদেউম অভিযুদেয়ুম বীদু
জানকীযুদেয়ুম অভিযুদেয়ুম বীদু (Janakiyudeyum Abhiyudeyum Veedu; অনুবাদ: জানকী আৰু অভিৰ ঘৰ) হৈছে নিজু সোমনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় মালয়ালম ভাষাৰ ছ'প অপেৰা। ই হিন্দী ছ'প অপেৰা কাহানী ঘৰ ঘৰ কীৰ আনুষ্ঠানিক পুনৰ্নিৰ্মাণ। ইয়াত ৰানীছা, ৰক্ষা ৰাজ আৰু আৰাথী সোজনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ট্ৰাফিক ( ২০১১ চনৰ চলচ্চিত্ৰ )
ট্ৰাফিক হৈছে ২০১১ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ থ্ৰীলাৰধৰ্মী ৰোড চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে ৰাজেশ পিল্লাই আৰু কাহিনী লিখিছে ববী-সঞ্জয়ে।
-
থুদৰম
থুদৰম হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত এক ভাৰতীয় মালয়ালম ভাষাৰ একচন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে তৰুণ মূৰ্তিকিয়ে, আৰু তেওঁ কে আৰ সুনিলৰ সৈতে যুটীয়াভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে। ৰেজা পুত্ৰ ভিজুৱেল মিডিয়াৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে এম ৰঞ্জিতে।
-
নিৰ্মল্যম
নিৰ্মল্যম (നിര്മ്മാല്യം; Nirmalyam) ১৯৭৩ চনত মুক্তি পোৱা এম বাসুদেৱন নায়াৰ ৰচিত আৰু পৰিচালিত, পি জে এণ্টনি, সুমিত্ৰা আৰু ৰবি মেনন অভিনীত এখন মালয়ালম ভাষাৰ চলচ্চিত্ৰ।
-
নীলাকুইল
নীলাকুইল (Neelakuyil; অনুবাদ:দ্য ব্লু কয়েল) হৈছে ১৯৫৪ চনত পি. ভাস্কৰন আৰু ৰামু কাৰিয়েতে যুটীয়াভাৱে পৰিচালনা কৰা এখন মালয়ালম ভাষাৰ ভাৰতীয় চিনেমা। উৰুবে লিখা এটা গল্পৰ আধাৰত এই নব্য-বাস্তৱবাদী মেল’ড্ৰামাখন নিৰ্মিত হৈছিল। উৰুব আৰু পি. ভাস্কৰনে যুটীয়াভাৱে ইয়াৰ চিত্ৰনাট্য লিখিছিল।
-
নোক্কেথাধুৰথু কান্নুম নাট্টু
নোক্কেথাধুৰথু কান্নুম নাট্টু (Nokkethadhoorathu Kannum Nattu)অৰ্থ:চকুৰে যিমান দূৰলৈকে দেখা যায়, তালৈ চাই) হৈছে ১৯৮৪ চনত মুক্তি পোৱা এখন ভাৰতীয় মালয়ালম ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ফাজিলৰ।