অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল। নটৰাজ থিয়েটাৰ আৰু মঞ্চৰূপা থিয়েটাৰৰ পিছত পাঠশালাত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। পাঠশালাৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়।১ আশীৰ দশকৰ মাজভাগত এই থিয়েটাৰে ইয়াৰ নাট্যযাত্ৰাৰ যৱনিকা পেলায়।
নাট্য পৰিক্ৰমা
প্ৰথম বৰ্ষ
অসম ষ্টাৰ থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত মঞ্চস্থ কৰা নাটসমূহ হ'ল- ৰাজলক্ষ্মী সীতা, সম্ৰাট জাহাঙ্গীৰ, ভক্ত বীৰ, হিন্দুবীৰ, অপৰাধী কোন, মাতৃ পূজা আৰু নগাকোঁৱৰ। ইয়াৰে আটাইকেইখন নাটকেই পৰিচালনা কৰিছিল ভ্ৰাম্যমান নাট্যদলৰ চিৰসেউজ অভিনেতা-পৰিচালক চন্দ্ৰ চৌধুৰীয়ে।। অসম ষ্টাৰ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ শিল্পীসকল আছিল চন্দ্ৰ চৌধুৰী, সুৰেন পাটগিৰী, বলদেৱ শইকীয়া, ৰমা শীল, অনিল ৰয়, সুমিত্ৰা বৰুৱা, লাৱণ্য বৰুৱা, ফুল কুমাৰী ভূঞা আদিয়ে। এই বৰ্ষৰ সংগীত পৰিচালক আছিল প্ৰভাত শৰ্মা আৰু নৃত্য পৰিচালনা কৰিছিল যতীন গোস্বামীয়ে।১
পৰৱৰ্তী নাট্যবৰ্ষ
অসম ষ্টাৰ থিয়েটাৰত মঞ্চস্থ হোৱা কেইখনমান উল্লেখযোগ্য নাটক হ'ল নাট্যসম্ৰাট,শোণিত গৌৰব প্ৰফুল্ল বৰাৰ- দেবযানী, নৰ্ত্তকী, অপৰাধী কোন। অন্যান্য নাট সমূহ হ'ল-আদিলশ্বাহ, কল্যাণী, হিটলাৰ, কলংকিনী, বোৱাৰীৰ চকুলো, ৰাধা অনুৰাধা আদি।১ অসম ষ্টাৰ থিয়েটাৰত মঞ্চস্থ প্ৰফুল্ল বৰা ৰচিত দেৱযানী ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৰচনা কৰা প্ৰথম মৌলিক অসমীয়া সামাজিক নাটৰ পাণ্ডুলিপি।২
লুপ্তি
আশীৰ দশকৰ মাজভাগত অসম ষ্টাৰ বন্ধ হৈ যায়।১
কাৰ্য্যালয়
অসম ষ্টাৰ থিয়েটাৰে যদিও পাঠশালাতেই প্ৰতিষ্ঠা লাভ কৰিছিল, পিছলৈ ইয়াৰ আখৰা শিবিৰ গুৱাহাটীতো আৰম্ভ কৰিছিল।১
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ষ্টাৰ থিয়েটাৰ” প্ৰবন্ধৰ সংশোধন ৬১২৪৭৮ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।