ভাৰতৰ সংস্কৃতি
৯৯ প্ৰবন্ধ
-
ভাৰতীয় চলচ্চিত্ৰ
ভাৰতীয় চলচ্চিত্ৰই (Cinema of India) বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা বিশ্বৰ চলচ্চিত্ৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰতীয় চলচ্চিত্ৰই অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰেলা (ৰাজ্য), মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশা, পঞ্জাব, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গৰ…
-
যৌতুক
যৌতুক (Dowry) হ'ল কইনাৰ বিবাহত পিতৃ-মাতৃৰ সম্পত্তিৰ হস্তান্তৰ প্ৰক্ৰিয়া। ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হ'ল দৰা-কইনা যুক্ত হোৱাৰ সময়ত অৰ্থাৎ বিবাহৰ সময়ত কইনাৰ বাবে যিবোৰ মূল্যৱান সামগ্ৰী দিয়া হয়, সেয়া যৌতুক। যৌতুক সাধাৰণত কইনাৰ মূল্য তথা স্ত্ৰীধন সংশ্লিষ্ট ধাৰণাৰ লগত সম্পূৰ্ণ বিপৰীত।
-
মহাযান
মহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা। মহাযানৰ বিকাশ ভাৰতত হৈছিল, খ্ৰীষ্টপূৰ্ব ১০০ৰ পাছত। মহাযান আৰু থেৰবাদ বৌদ্ধ ধৰ্মত অস্তিত্বত থকা দুই মুখ্য পৰম্পৰা। মহাযানে আগৰ বৌদ্ধ শিক্ষাৰ লগতে তলুনামূলকভাৱে নতুন লেখ, যেনে মহাযান সূত্ৰসমূহক মান্যতা প্ৰদান কৰে।
-
দেৱদাসী
দক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনীসকল হ’ল কিছুমান যুৱতী যিসকলে হিন্দু দেৱতা বা কোনোবা মন্দিৰত উপাসনাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এগৰাকী দেৱদাসী হ’বলৈ ন্যূনতম বয়স সাত বছৰ পৰ্যন্ত হ’ব পাৰে।
-
স্বয়ম্বৰ
স্বয়ম্বৰ (Svayamvara) প্ৰাচীন ভাৰতত কইনাই দৰা বাছনি কৰাৰ এক বিবাহৰ পদ্ধতি আৰু ৰীতি আছিল। বিবাহযোগ্য বয়সৰ যুৱতীৰ, পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত নিজৰ স্বামী বাছনি কৰাৰ অধিকাৰ আছিল। ৰজাসকলে সাধাৰণতে স্থানীয় আৰু বাহিৰৰ দেশলৈ বাৰ্তা প্ৰেৰণ কৰি বাতৰিটো প্ৰচাৰ কৰিছিল।
-
কাৱালী
কাৱালী (পঞ্জাবী: ਕ਼ੱਵਾਲੀ; উৰ্দু: قوّالی; হিন্দী: क़व्वाली; বাংলা: কাওয়ালি) দক্ষিণ এছিয়াত উৎপত্তি হোৱা এক প্ৰকাৰৰ চুফী ইছলামিক ভক্তিমূলক গীত। মূলতঃ সমগ্ৰ দক্ষিণ এছিয়াৰ চুফী পাৰ্থনা গৃহ বা দৰগাহত পৰিবেশন কৰা এই গীতসমূহে সমগ্ৰ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু আফগানিস্তানৰ লগতে বিংশ শতিকাৰ শেষৰ ফালে…
-
ভাৰতৰ সংস্কৃতি
ভাৰতৰ সংস্কৃতি হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়।
-
বাউল
বাউল শিল্পী বা বাউল সাধক বা বাউল হৈছে সংগীতৰ লগতে চুফীবাদ, আধ্যাত্মিকতা আদি মতাদৰ্শৰ প্ৰচাৰ কৰা লোক আৰু লোকসংগীত পৰিবেশকৰ এক বিশেষ দল। বাংলাদেশ আৰু পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মেঘালয়ত বাউলসকলক দেখা যায়। বাউল সাধকে বাউল সংগীত পৰিবেশন কৰে।
-
গোপী
গোপী (गोपी) হৈছে এটা সংস্কৃত ভাষাৰ শব্দ আৰু শব্দটি গোপাল শব্দৰ পৰা উদ্ভূত হৈছে যাৰ অৰ্থ হৈছে গোৰ পালক বা গৰুৰ লালন-পালনকৰ্তা। হিন্দু ধৰ্মৰ বৈষ্ণৱবাদৰ আখ্যানসমূহত গোপিকা (গোপীৰ স্ত্ৰীবাচক ৰূপ) শব্দটো গোৱালীসকল(পশুপালনৰ বৃত্তিত জড়িত বালিকা)ৰ এক বিশেষ গোটক বুজাবলৈ বহুলভাৱে ব্যৱহৃত হয়।
-
দুপাট্টা
দুপাট্টা বা দোপাট্টা (Dupatta) ভাৰতীয় উপমহাদেশত নাৰীসকলৰ মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত এবিধ পৰম্পৰাগত বস্ত্ৰ; যাক হিন্দু সংস্কৃতিৰ এক অংশ হিচাপে বিবেচনা কৰা হয়। দুপাট্টা আজিকালি চেলোৱাৰ-কামিজ, কুৰ্টা বা ঘাগৰাৰ সৈতে বহুলভাবে ব্যৱহাৰ কৰা দেখা যায়।
-
দৰবাৰী নাচ
দৰবাৰী নাচ (; (नाच; ناچ; nautch; नृत्य) ছোৱালী নৰ্তকীয়ে মোগলৰ ৰাজ-দৰবাৰত পৰিবেশন কৰা এটা জনপ্ৰিয় নাচৰ প্ৰকাৰ। এই কলা মোগল সাম্ৰাজ্যৰ শেষৰ ফালে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ছোৱাত জাতিস্কাৰ হৈ পৰিছিল।
-
ভাৰতীয় ধৰ্মসমূহ
ভাৰতীয় ধৰ্ম, দক্ষিণ এছিয়াৰ ধৰ্ম বা ধৰ্ম ধৰ্ম হৈছে ধৰ্মৰ ওপৰত আধাৰিত ধৰ্ম, যি ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে আৰু বিশ্বৰ বহুতো ধৰ্মৰ জন্মস্থান।ইয়াত হিন্দু ধৰ্ম, বুদ্ধধৰ্ম, জৈন ধৰ্ম, শিখ ধৰ্ম আৰু দক্ষিণ এছিয়াৰ জনজাতীয় ধৰ্মৰ সকলো সম্প্ৰদায় অন্তৰ্ভুক্ত আছে।
-
ভাৰতৰ সাংস্কৃতিক মণ্ডল
ভাৰতৰ সাংস্কৃতিক মণ্ডল হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে সংজ্ঞায়িত কৰা সাতটা অঞ্চল। এই প্ৰতিটো মণ্ডলত এটা মণ্ডল কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে।
-
চাৰ্বাক দৰ্শন
চাৰ্বাক দৰ্শন (चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।
-
ছাছুই পুন্নহুন
ছাছুই পুন্নহুন (Sassui Punnhun) বা ছাছি পুন্নু ( Sassi Punnu) হৈছে এটা পৰম্পৰাগত সিন্ধী, বেলুচি,, আৰু পাঞ্জাবী কৰুণ লোককথা। সিন্ধ আৰু মাক্ৰাণত পৰিৱেশিত এই ট্ৰেজেডীখনে এগৰাকী বিশ্বাসী প্ৰেমিকৰ কাহিনী অনুসৰণ কৰে যিয়ে প্ৰতিদ্বন্দ্বীয়ে তেওঁৰ পৰা বিচ্ছিন্ন হোৱা নিজৰ প্ৰিয় স্বামীক বিচাৰি বহু অসুবিধা…
-
ভগীৰথ
ভগীৰথ (সংস্কৃত: भगीरथ) হিন্দু সাহিত্যৰ ইক্ষ্বাকু বংশৰ এজন কিংবদন্তিমূলক ৰজা। হিন্দু দেৱী গংগাক পবিত্ৰ গঙ্গা নদীৰ ৰূপত স্বৰ্গৰ পৰা তপস্যা কৰি পৃথিৱীলৈ নমাই অনাৰ কিংবদন্তিৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
ভাৰতীয় শিল্পকলা
ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে।
-
আল্পনা
আল্পনা বা ৰংগোলী হৈছে পিঠাগুড়ি, আটা আদিত ৰং মিহলাই তাৰ সহায়েৰে উপাসনাৰ স্থান, ঘৰৰ দুৱাৰ-মুখ আদিত অঁকা মাঙ্গলিক চিত্ৰ। আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে।
-
গায়ত্ৰী মন্ত্ৰ
বৈদিক হিন্দু ধৰ্মত গায়ত্ৰী মন্ত্ৰ এটি অতি গুৰুত্বপূৰ্ণ মন্ত্ৰ। প্ৰচলিত বিশ্বাস অনুসৰি, গায়ত্ৰী মন্ত্ৰ বেদৰ আন আন মন্ত্ৰৰ দৰেই "অপৌৰষেয়" (অৰ্থাৎ কোনো মানুহৰ দ্বাৰা ৰচিত নহয়) আৰু বৈদিক হিন্দুসকলে ব্ৰহ্মৰ্ষিৰ ওচৰত প্ৰকাশ কৰা বুলি বিশ্বাস কৰে (গায়ত্ৰী মন্ত্ৰৰ ক্ষেত্ৰত ব্ৰহ্মৰ্ষি হ'ল বিশ্বমিত্ৰ)।
-
ঘুগুৰা
ঘুগুৰা (Ghungroo) জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাতৱীয় ঘণ্টাৰে ঘুগুৰা প্ৰস্তুত কৰা হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নৃত্যশিল্পীসকলে ভৰিত ঘুগুৰা বান্ধি নৃত্য প্ৰদৰ্শন কৰে। ঘুগুৰাৰ দ্বাৰা উৎপাদিত শব্দ সিহঁতৰ ধাতৱ গঠন আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট পৃথক হয়।
-
তিনি তালাক
ভাৰতত তিনি তালাক (Triple talaq), যাক তালাক-ই-বিদ্দাত, তাৎক্ষণিক বিবাহ বিচ্ছেদ বা তালাক-ই-মোগললাজা (অপৰিৱৰ্তিত বিবাহ বিচ্ছেদ) বুলিও কোৱা হয়, হৈছে এক প্ৰকাৰৰ বিবাহ বিচ্ছেদৰ প্ৰথা যি ভাৰতৰ মুছলমানসকলৰ মাজত প্ৰচলিত হৈ আহিছে।
-
মুজ্ৰা
মুজ্ৰা (Mujra) হৈছে মোগল ৰাজত্ব কালত উত্থান ঘটা মহিলাৰ দ্বাৰা পৰিৱেশিত নৃত্য প্ৰদৰ্শন, য'ত ভাৰতীয় সমাজৰ অভিজাত বৰ্গ আৰু নৱাবসকলৰ দৰে স্থানীয় শাসকসকলে নিশা নিজৰ মনোৰঞ্জনৰ বাবে সঘনে গণিকাসকলক ব্যৱহাৰ কৰিছিল। ক্ষয়িষ্ণু মোগল সাম্ৰাজ্যৰ পতনৰ বছৰতে এই প্ৰবৃত্তি ক্ৰমবৰ্ধমান ভাৱে স্পষ্ট হৈ পৰিছিল।
-
পোছাক
পোছাক (Poshak; पोशाक), যাক বস্ত্ৰ বুলিও কোৱা হয় হৈছে বৈদিক যুগত ব্যৱহৃত সম্পূৰ্ণ সাজ-পোছাকৰ বাবে ব্যৱহৃত হিন্দী শব্দ। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত সংস্কৃত সাহিত্য আৰু বৌদ্ধ পালি সাহিত্যত উল্লেখ কৰা অনুসৰি খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩৫০ চনলৈকে বৈদিক আৰু উত্তৰ-বৈদিক যুগৰ অন্তৰ্গত সাজ-পোছাকত…
-
ভাৰতত বাল্য বিবাহ
ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ বয়সৰ ছোৱালী আৰু ২১ বছৰতকৈ তলৰ বয়সৰ ল'ৰাৰ বিবাহ। দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ কাৰণে অধিকাংশ কমবয়সীয়া ছোৱালী বাল্য বিবাহপাশত আৱদ্ধ হ'বলগীয়া হৈছে। কিছু বছৰ আগলৈকে ভাৰতত ব্যাপকভাৱে বাল্য বিবাহ প্ৰচলিত আছিল।
-
ভৱাই
ভৱাই (Bhavai) হ’ল পশ্চিম ভাৰতৰ গুজৰাটৰ এবিধ জনপ্ৰিয় লোকনাট্য। ইয়াক বেশ বা স্বং নামেৰেও জনা যায়।
-
যাত্ৰা (নাট্য পৰম্পৰা)
যাত্ৰা (Jatra; মূল: সংস্কৃতত যাত্ৰা বা শোভাযাত্ৰাযাত্ৰা)) ভাৰত উপমহাদেশৰ বঙালীভাষী লোকৰ বিস্তৃতি থকা বাংলাদেশ, পশ্চিম বংগ, ত্ৰিপুৰা, অসম আৰু উৰিষ্যাৰ এক জনপ্ৰিয় বঙালী মূলৰ লোকনাট্য ৰূপ। ২০০৫ চনৰ হিচাপত কলিকতাৰ চিটপুৰ ৰোডত প্ৰায় ৫৫টা দল আছিল। আৰু সকলো মিলি জাতৰা হৈছে বছৰি ২১ মিলিয়ন ডলাৰৰ উদ্যোগ।
-
আৰাট্টু
আৰাট্টু (Ārāttu) হ’ল ভাৰতৰ কেৰালাৰ হিন্দু মন্দিৰৰ উৎসৱৰ সময়ত পালন কৰা এক বাৰ্ষিক ৰীতি, য’ত এজন পুৰোহিতে নদী বা মন্দিৰৰ পুখুৰীত ডুবাই দেৱতাৰ বিগ্ৰহ স্নান কৰায়। ই মূলতঃ মন্দিৰৰ উৎসৱৰ শেষত সম্পন্ন কৰা হয়। আৰাট্টু বছৰত দুবাৰকৈ উদযাপন কৰা হয়— বসন্ত উৎসৱ (মাৰ্চ-এপ্ৰিল) আৰু শৰৎ উৎসৱ (অক্টোবৰ-নৱেম্বৰ)।
-
কলকা
কলকা বা পেইজলি হৈছে অলংকাৰিক বস্ত্ৰ ডিজাইন বা বুটা। যিটো ওপৰৰ মূৰৰফালে বক্ৰৰ সৈতে চকুলোৰ টোপাল আকৃতিৰ মটিফ। পাৰ্চী মূলৰ পেইজলি ডিজাইনসমূহ ১৮ আৰু ১৯ শতিকাত পশ্চিমীয়া দেশত জনপ্ৰিয় হৈ পৰে, ভাৰতৰ পৰা এই ডিজাইনৰ মোগল সাম্ৰাজ্যৰ পিছৰ সংস্কৰণ আমদানি কৰাৰ পিছত, বিশেষকৈ কাশ্মীৰ চাদৰ আকাৰত আৰু তাৰ পিছত…
-
পঞ্জাবৰ লোক-সংগীত
পঞ্জাবী লোক-সংগীত (পঞ্জাবী: پنجابی لوک موسیقی, পঞ্জাবী: ਪੰਜਾਬੀ ਲੋਕ ਸੰਗੀਤ) হৈছে ভাৰতীয় উপমহাদেশৰ পঞ্জাব অঞ্চলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে পৰিবেশন কৰা পৰম্পৰাগত সংগীত। জন্মৰ সময়ৰ পৰা আনন্দ আৰু দুখৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে মৃত্যুলৈকে এই সংগীতৰ এক বৃহৎ সম্ভাৰ পোৱা যায়।
-
ভাৰতত বৌদ্ধ ধৰ্মৰ ইতিহাস
বৌদ্ধ ধৰ্ম বিশ্বৰ এটা প্ৰধান ধৰ্ম। প্ৰাচীন মগধ ৰাজ্য (বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্য)ত এই ধৰ্মৰ উত্থান ঘটিছিল। এই ধৰ্মৰ ভেটি গৌতম সিদ্ধাৰ্থৰ শিক্ষা। গৌতম সিদ্ধাৰ্থকে ‘বুদ্ধ’ (‘বোধিপ্ৰাপ্ত’) বোলা হয়। বুদ্ধৰ জীৱনকালত মগধৰ বাহিৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰম্ভ হয়।