সংস্কৃতি
৫৭ প্ৰবন্ধ
-
সাহিত্য
লিখন-শিল্পক এক কথাত সাহিত্য (literature) বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য।
-
নাটক
নাটক (Drama) সাহিত্যৰ এটি বিশেষ ধৰণ বা বিধা। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে।
-
বিবাহ
বিবাহ (Marriage) এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়।
-
সংস্কৃতি
সংস্কৃতি: (culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি। সাধাৰণ অৰ্থত, গীত-মাত, নৃত্য, অভিনয়, চিত্ৰকলা আদি অৰ্থত সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা হয়।
-
কনফুচিয়াছ ধৰ্ম
কনফুচিয়াছ ধৰ্ম (সৰলীকৃত চীনা: 儒学) বা ৰুই ধৰ্ম হৈছে বিখ্যাত চীনা দাৰ্শনিক কনফুচিয়াছৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চীনা নৈতিক আৰু দাৰ্শনিক বিশ্বাস ব্যৱস্থা। ই প্ৰাচীন চীনত উৎপত্তি হোৱা চিন্তা আৰু আচৰণৰ এক ব্যৱস্থা।
-
উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (NZCC) হৈছে পঞ্জাবৰ পটিয়ালাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত প্ৰথম আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ উত্তৰাঞ্চলৰ ৰাজ্যসমূহৰ কলা, শিল্প, পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ (এনইজেডচিচি) হৈছে নাগালেণ্ডৰ চুমৌকেদিমাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (NCZCC) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা, যাক ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ১১ মাৰ্চ ১৯৮৬ তাৰিখে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত।
-
দক্ষিণ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (সংক্ষেপে SZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনস্থ এখন স্বায়ত্তশাসিত সংস্থা, যি ১৯৮৬ চনত ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা।
-
দক্ষিণ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (South-Central Zone Cultural Centre) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটি, যাক ১৯৮৬-৮৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত।
-
পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (উদয়পুৰ, ৰাজস্থান) ভাৰত চৰকাৰে স্থাপন কৰা সাতটা সাংস্কৃতিক অঞ্চলৰ ভিতৰত এটা, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (EZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনত থকা স্বায়ত্তশাসিত সংস্থা। ইজেডচিচিয়ে অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, ওড়িশা, চিক্কিম, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাংস্কৃতিক সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কাম কৰে।
-
লোকবিশ্বাস
লোকবিশ্বাসসমূহ লোকসংস্কৃতিৰ এটা প্ৰধান অংগ। লোকবিশ্বাস হৈছে পৰম্পৰাগতভাৱে প্ৰচলিত কিছুমান আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা। সমাজত মানুহৰ বিভিন্ন কৰ্মৰ সৈতে জড়িত শুভ-অশুভ ধাৰণাবোৰেই লোকবিশ্বাস।
-
থানাকা
থানাকা(Thanaka) পিহি লোৱা গছৰ বাকলিৰ পৰা তৈয়াৰী পেষ্ট। ম্যানমাৰৰ সংস্কৃতিৰ ই এক সুকীয়া বৈশিষ্ট্য, সাধাৰণতে মহিলা আৰু ছোৱালীৰ মুখমণ্ডল আৰু কেতিয়াবা বাহুত প্ৰয়োগ কৰা দেখা যায় আৰু কম পৰিমাণে পুৰুষ বা ল’ৰাসকলেও ব্যৱহাৰ কৰা দেখা যায়।
-
চুৰিদাৰ
চুৰিদাৰ, যাক চুৰিদাৰ পায়জামা বুলিও কোৱা হয়, দক্ষিণ এছিয়াত পুৰুষ আৰু মহিলা উভয়েই পৰিধান কৰা আঁঠুৰ লগত লগ থকা পেণ্ট। চুৰিদাৰ হৈছে সাধাৰণ ছালোৱাৰৰ এটা ৰূপভেদ। ছালোৱাৰ ওপৰত বহল আৰু তলত সৰু হয়। চুৰিদাৰ আৰু বেছি সোনকালে সৰু হৈ পৰে, যাৰ ফলত ভৰিৰ গঠন প্ৰকাশ পায়।
-
জনপ্ৰিয় সংস্কৃতি
জনপ্ৰিয় সংস্কৃতি (popular culture) হ'ল সংস্কৃতিৰ প্ৰকাৰসমূহৰ লগত সম্পৰ্কিত এটা মুখ্য ধাৰণা। জনপ্ৰিয় সংস্কৃতিক সাধাৰণ জনতাৰ সংস্কৃতি বুলি কোৱা হয়। অৰ্থাৎ জনসাধাৰণে যি কৰে, যেনেকৈ কৰে, যাক ভালপায় আৰু যি অনুশীলন কৰে সেয়ে জনপ্ৰিয় সংস্কৃতি।"জনপ্ৰিয় সংস্কৃতি" বিষয়টো ১৯ শতিকা বা তাৰো আগেয়ে উত্থান…
-
নুৱাখাই
নুৱাখাই(Nuakhai) হৈছে ভাৰতৰ পশ্চিম ওড়িশাৰ মানুহে মূলতঃ পালন কৰা কৃষি উৎসৱ। বছৰৰ নতুন ধানক আদৰণি জনাবলৈ নুৱাখাই পালন কৰা হয়। পঞ্জিকা অনুসৰি ইয়াক ভদ্ৰপদ বা ভদ্ৰবা মাহৰ চান্দ্ৰ পষেকৰ(আগষ্ট–ছেপ্টেম্বৰ) পঞ্চমী তিথি(পঞ্চম দিন)ত, গণেশ চতুৰ্থী উৎসৱৰ পিছদিনা পালন কৰা হয়।
-
ইফতাৰ
ইফতাৰ হ’ল ৰমজান মাহত মুছলমানসকলে মগ্ৰীৱৰ নামাজৰ আদায় কৰাৰ সময়ত বা পাছত ৰোজা ভংগ কৰা সন্ধিয়াৰ আহাৰ। ইফতাৰ দিনটোৰ দ্বিতীয় আহাৰ; ৰমজানৰ সময়ত দৈনিক ৰোজা চুহুৰ বা চেহৰীৰ ৰাতিপুৱাৰ আগৰ আহাৰ খোৱাৰ লগে লগে আৰম্ভ হয় আৰু দিনৰ পোহৰৰ সময়ত চলি থাকে, সূৰ্যাস্তৰ সময়ত ইফতাৰৰ সন্ধিয়াৰ আহাৰ গ্ৰহণৰ সৈতে শেষ…
-
চেহৰী
চেহৰী বা চুহুৰ বা চাহুৰ (ইউ কে: /səˈhɜːr/; আৰবী: سَحُورٌ, অৰ্থ. 'প্ৰভাত', 'প্ৰভাতৰ আগৰ আহাৰ'), যাক চেহৰী, বা চাহৰী (পাৰ্চী: سَحَری, ৰোমানীকৃত: sahari) বুলিও কোৱা হয়, ইছলামিক ৰমজান মাহত বা বাহিৰত মুছলমানসকলে ৰোজা ৰখাৰ আগতে, প্ৰভাত হোৱাৰ আগতে খোৱা খাদ্য। ফজৰৰ নামাজৰ আগতে এই আহাৰ খোৱা হয়।
-
নবান্ন
নবান্ন হৈছে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমৰ বৰাক উপত্যকাত পালন কৰা কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে খাদ্য আৰু নৃত্য-সংগীতেৰে উদ্যাপন কৰা হয়। এই উৎসৱত পিঠাৰ দৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয়। এই উৎসৱ অসমৰ ন-খোৱা আৰু ওড়িশাৰ নুৱাখাইৰ সমপৰ্যায়ৰ।
-
আপো
আপো, আপোং বা পোকা হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমত বিস্তৃত তানি জনগোষ্ঠীৰ মাজত প্ৰচলিত নিচাযুক্ত পানীয়। এই পানীয় চাউল গলন কৰি প্ৰস্তুত কৰা হয়। ইয়াক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নামেৰে নামকৰণ কৰে। অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় উৎসৱ যেনে ন্যোকুম আদিত আপো ব্যৱহাৰ কৰা হয়।
-
উৰুলি
উৰুলি ( Uruli ) এবিধ মুখবাদ্য৷ সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী নাৰীয়ে মাংগলিক কাৰ্য্যত উৰুলি ধ্বনি কৰে৷ অসমীয়া, বঙালী আৰু উড়ীয়া লোকসংস্কৃতিত ই এক এৰাব নোৱৰা সামজিক প্ৰথা৷ ই কেৱল মহিলাসকলৰ দ্বাৰাহে কৰা হয়৷ উৰুলিক উৎসৱ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷
-
এমা থমাছ
এমা থমাছ নোলান ( জন্ম ৯ ডিচেম্বৰ ১৯৭১ চনত)হৈছে যুক্তৰাজ্যৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। এখেত পতি ক্ৰিষ্টোফাৰ নোলানৰ লগত অংশীদাৰ হৈ বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰাৰ বাবে বিশ্বজুৰি বিখ্যাত হৈছে। এওঁ 'নোলান'ৰ সকলো বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰি বিশ্বজুৰি ৬ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে।
-
গামছা
গামছা (বা গামচা, গামুছা (ওড়িয়া), গামোচা (অসমীয়া) আৰু অংগোছা ) হৈছে পৰম্পৰাগত মোটা কপাহী কাপোৰৰ আয়তাকাৰ টুকুৰা, কেতিয়াবা চেকযুক্ত ডিজাইনৰ, যিটো ভাৰতীয় উপমহাদেশৰ পুৰুষে পৰম্পৰাগত গামোচা হিচাপে পিন্ধে, প্ৰধানকৈ পূব ভাৰতত (অসমকে ধৰি), বাংলাদেশত, লগতে নেপালৰ পূব তেৰাই গামছা পিন্ধা হয়।
-
চুন্দন ভল্লাম
চুন্দন ভাল্লম (Chundan vallam) বা 'ঠোঁটযুক্ত নাও' হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ একপকাৰ নাও। কেৰালাৰ বাহিৰত কেৰালা সাপ নাও(Kerala snake boat) নামেৰেও জনাজাত। ই কেৰালাৰ সংস্কৃতিৰ অন্যতম প্ৰতীক আৰু ভাল্লমকলি (নাও দৌৰ) প্ৰতিযোগিতাত ব্যৱহাৰ কৰা পৰম্পৰাগত দীঘলীয়া নাও।
-
জয় শ্ৰী কৃষ্ণ
জয় শ্ৰী কৃষ্ণ ভাৰতীয় ভাষা অনুসৰি জেয় শ্ৰী কৃষ্ণ বুলিও উচচাৰণ কৰা হয়, এক সংস্কৃত অভিব্যক্তি, যাৰ অনুবাদ হৈছে বৈষ্ণৱ হিন্দু ধৰ্মৰ এটা প্ৰধান দেৱতা "কৃষ্ণৰ বিজয়।" এই অভিবাদন বৈষ্ণৱসকলৰপৰা পোৱা বুলি বিশ্বাস কৰা হয়।
-
বৰাক (প্ৰসাধন সামগ্ৰী)
বৰাক বা বুৰাক (Borak (cosmetic)) এবিধ মুখৰ প্ৰসাধনমূলক গুড়ি বা পেষ্ট যাক ৰ’দৰ পৰা সুৰক্ষাৰ পাবলৈ মুখত প্ৰয়োগ কৰা হয়। ইয়াক পৰম্পৰাগতভাৱে ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ সামা-বাজাউ লোকসকলে ব্যৱহাৰ কৰে।
-
বৰোং নৃত্য
বৰোং নৃত্য ( Barong Dance) ইণ্ডোনেছিয়াৰ বালিত পৰিৱেশিত বালিন ভাষাৰ এক নৃত্য শৈলীৰ নৃত্য নাটিকা৷ এই নৃত্য-নাটিকাত পৌৰাণিক কালত জীৱ-জন্তুৰ অতি-প্ৰাকৃতিক শক্তিৰে মানুহক সুৰক্ষা দিব পৰা শক্তিৰ বিষয়ে বৰ্ণনা কৰা হয়৷ বৰোং পৱিত্ৰ আত্মাৰ ৰজা, সততাৰ নেতা, তেওঁ বালিৰ পৌৰাণিক পৰম্পৰাগত দানৱ ৰাণী ৰংদাৰ শত্ৰু।
-
ভাৰতৰ সাংস্কৃতিক ইতিহাস
ভাৰতীয় সংস্কৃতি (ইংৰাজী: Indian culture) প্ৰায়ে কেইবাটাও সংস্কৃতিৰ সংমিশ্ৰণ হিচাপে অভিহিত কৰা হয়, যি সিন্ধু উপত্যকা সভ্যতা আৰু অন্যান্য প্ৰাচীন সাংস্কৃতিক ক্ষেত্ৰসমূহৰপৰা আৰম্ভ হোৱা কেইবা হাজাৰ বছৰ পুৰণি ইতিহাসৰদ্বাৰা প্ৰভাবিত হৈছে।
-
ভৌতিক সংস্কৃতি
লোক-সংস্কৃতিৰ চাৰিটা ক্ষেত্ৰৰ ভিতৰত এটা অন্যতম ক্ষেত্ৰ বা শ্ৰেণী হৈছে ভৌতিক সংস্কৃতি। লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে সামৰি লোৱা মৌখিক কলা - কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহিঃ প্ৰকাশেই মূলতঃ ভৌতিক সংস্কৃতি।