স্থাপত্য
৬৮ প্ৰবন্ধ
-
কাৰেংঘৰ
কাৰেংঘৰ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত পিৰামিড আকৃতিৰ ৰাজমহল, যি অসমৰ শিৱসাগৰ জিলাৰ গড়গাঁওত অৱস্থিত। ১৫৪০ চনত নিৰ্মাণ আৰম্ভ হোৱা এই ৰাজকাৰেং পৰৱৰ্তী সময়ত ইটাৰে পকী কৰণ, ক্ষয়ক্ষতি আৰু পুনৰ নিৰ্মাণৰ মাজেৰে ঐতিহাসিক ৰূপ লাভ কৰে।
-
তলাতল ঘৰ
তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত এক আহোম ৰাজমহল। ই আহোম স্থাপত্যকলাৰ উল্লেখযোগ্য নিদৰ্শন হিচাপে পৰিগণিত, আৰু ইয়াৰ বহু-মহলীয়া—মাটিৰ ওপৰত আৰু মাটিৰ তলত—গঠন বৈশিষ্ট্যপূর্ণ।
-
ভাৰতৰ সংসদ ভৱন
ভাৰতৰ সংসদ ভৱন (Parliament house of India)ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা।
-
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে।
-
ঠেঙাল ভৱন
ঠেঙাল ভৱন (Thengal Bhawan) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। 'বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।
-
আইফেল টাৱাৰ
আইফেল টাৱাৰ (The Eiffel Tower, La Tour Eiffel) হৈছে ফ্ৰান্সৰ পেৰিছত অৱস্থিত লোৰে নিৰ্মিত এটা টাৱাৰ। আলেকজেণ্ডাৰ গুষ্টাভ আইফেল নামৰ স্থাপত্যবিদ এজনে পেৰিছৰ এই বিখ্যাত টাৱাৰৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল।
-
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (Chhatrapati Shivaji Maharaj Terminus বা Victoria Terminus) মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেশ্যন। প্ৰধান কাৰ্যালয়। ভাৰতৰ ব্যস্ততম ষ্টেশ্যনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেশ্যন।
-
গম্বুজ
গম্বুজ (Dome, লেটিন ডমুছৰ পৰা উদ্ভৱ) হৈছে গোলকৰ ফুটা ওপৰৰ অৰ্ধেক অংশৰ সৈতে মিল থকা এটা স্থাপত্য উপাদান। কুপোলা শব্দটোৰ সৈতে যথেষ্ট ওভাৰলেপ আছে, যিয়ে গম্বুজ বা গম্বুজৰ ওপৰৰ গঠনকো বুজাব পাৰে। গম্বুজৰ সঠিক সংজ্ঞা বিতৰ্কৰ বিষয় হৈ আহিছে আৰু ইয়াক বৰ্ণনা কৰিবলৈ বিভিন্ন ধৰণৰ ৰূপ আৰু বিশেষ শব্দ আছে।
-
চীনৰ মহাপ্ৰাচীৰ
চীনৰ মহাপ্ৰাচীৰ (Great Wall of China) শিল আৰু মাটিৰে নিৰ্মিত এক দীঘল প্ৰাচীৰ। এই মহাপ্ৰাচীৰ "গ্ৰেট ৱাল অফ চাইনা" নামেৰে বিশ্ব বিখ্যাত। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা খ্ৰীষ্টীয় ১৬শ শতিকা লৈকে চীনৰ উত্তৰ সীমান্ত সুৰক্ষিত কৰিবলৈ এই মহাপ্ৰাচীৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰা হৈছিল।
-
চেলুলাৰ জে'ল
চেলুলাৰ জে'ল (Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷…
-
দুৰ্জয়
thumb|right|250px|মদন কামদেৱত পালৰ গঠনশৈলী দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটীত, ৯০০ চনৰপৰা ১১০০ খ্ৰীষ্টাব্দলৈ পাল বংশৰ অধীনত কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল।
-
নীলাচল স্থাপত্যশৈলী
নীলাচল স্থাপত্যশৈলী ভাৰতৰ অসমত উদ্ভৱ হোৱা হিন্দু মন্দিৰ স্থাপত্যশৈলী। অসমৰ হিন্দু ধৰ্মৰ ঐতিহাসিক মঠ-মন্দিৰ সমূহ ঘাইকৈ নীলাচল স্থাপত্যশৈলী। ৰথৰ আৰ্হিত নিৰ্মাণ কৰা বহুভূজাকৃতিৰ ভূমিৰ ওপৰত কেইবাটাও সুউচ্চ শিখৰে গঠিত মন্দিৰ এই শৈলীৰ বিশেষত্ব।
-
বান্ধ
বান্ধ (Dam) হ’ল পৃষ্ঠীয় পানী বা ভূগৰ্ভস্থ ধাৰাসমূহৰ প্ৰবাহত বাধা দিয়া ব্যৱস্থা। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাশয়সমূহে কেৱল বানপানী দমন কৰাই নহয়, জলসিঞ্চন, মানুহৰ ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, জলজ কৃষি, আৰু নাও চলাচলৰ দৰে কাৰ্য্যকলাপৰ বাবেও পানী যোগান ধৰে।
-
শ্ৰী সূৰ্য পাহাৰ
শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান।
-
স্বৰাজ ভৱন, এলাহাবাদ
স্বৰাজ ভৱন হ'ল এলাহাবাদত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল। ১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় বনোৱা হয়।
-
অসম আৰ্হিৰ স্থাপত্য
অসম আৰ্হিৰ স্থাপত্য ভাৰতৰ অসমত উত্তৰ-আধুনিক কালত উদ্ভৱ হোৱা স্থাপত্যশৈলী। এই স্থাপত্যশৈলীৰ স্থাপত্য ঘাইকৈ অসম আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলত দেখা যায়। এই শৈলীত নিৰ্মিত ঘৰক অসম আৰ্হিৰ ঘৰ বুলি জনা যায়। সাধাৰণতে এনে আৰ্হিৰ ঘৰসমূহ এমহলীয়া বা বহুমহলীয়া হোৱা দেখা যায়।
-
খিলান
খিলান (Arch, আৰ্ক) হৈছে বেঁকা আকাৰৰ উলম্ব গঠন যি তলৰ খালী স্থান পাৰ হৈ থাকে। খিলানে ওপৰৰ ভাৰ ধাৰণ কৰিব পাৰে, বা কেবল অলংকাৰিক উদ্দেশ্যৰে ব্যৱহাৰ হ’ব পাৰে।
-
গুনুং উঁকিৰ মন্দিৰ
গুনুং উঁকিৰ মন্দিৰ বা কাংগাল মন্দিৰ বা শিৱলিংগ নামেৰেও জনাজাত অষ্টম শতিকাৰ আৰম্ভণিৰ শিৱাই হিন্দু মন্দিৰ, ইণ্ডোনেছিয়াৰ মধ্য জাভাত মাগেলাং ৰিজেন্সিৰ চালাম মহকুমাৰ কাডিলুৱিহ গাঁৱৰ কাংগাল গাঁৱত অৱস্থিত।
-
ছত্তা চ’ক
ছত্তা চ’ক (অৰ্থ আবৃত পথ) ভাৰতৰ পুৰণা দিল্লীৰ লালকিল্লাত অৱস্থিত এখন বজাৰেৰে সৈতে এটা দীঘলীয়া পথ। লালকিল্লাৰ লাহোৰী গেটৰ পিছফালে থকা ছত্তা চ’কটো এটা ধেনুভিৰীয়া পথৰ ওপৰত স্থাপন কৰা হৈছে। ইয়াত ৩২টা ধেনুভিৰীয়া মহলাৰে এটা দুমহলীয়া ফ্লেট আছে যিবোৰত দোকান দিয়া হয়।
-
জৈতখাম
জৈতখাম (জয়স্তম্ভ)(Jaitkham): সৎনাম ধৰ্মৰ প্ৰতীক।
-
দলং
দলং বা সেঁতু (Bridge) হৈছে কোনো প্ৰাকৃতিক বাধা যেনে নদী, জলাশয়, পথ বা উপত্যকা আদিৰ ওপৰত পাৰ হোৱাৰ সুবিধা দিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা এক প্ৰকৌশলিক গঠন। দলংবোৰ সাধাৰণতে যাত্ৰীৰ চলাচল, বাহন, জীৱ-জন্তু, বা জলবাহনৰ গতিৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হয়।
-
দাঁতৰ বুদ্ধ মন্দিৰ (শ্ৰীলংকা)
দাঁতৰ মন্দিৰ ( Temple of the Tooth) (সিংহল ভাষাত: ශ් රී දළදා මාළිගාව) বা ডালডা মালিগাৱা শ্ৰীলংকাৰ কাণ্ডীত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। পূৰ্বৰ কেণ্ডি ৰাজ্যৰ ৰাজপ্ৰসাদ য’ত আছিল, তাতেই বুদ্ধৰ দাঁতৰ অৱশেষ নিৰ্মিত ঘৰটো আছে।
-
পাৱন মন্দিৰ
পাৱন মন্দিৰ ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। শৈলেন্দ্ৰ বংশৰ ৰাজত্বকালত (৮ম–৯ম শতিকা) নিৰ্মিত এই বৰোবুদুৰ মন্দিৰ চৌহদৰ এটা অংশ, যিটো একেটা অক্ষত অৱস্থিত তিনিটা মন্দিৰৰে গঠিত; বড়োবুদুৰ, পাৱন, আৰু মেন্দুট। তিনিওটা মন্দিৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি লিপিবদ্ধ কৰা হৈছে।
-
বুৰ্জ খালিফা
বুৰ্জ খালিফা হ'ল সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী ডুবাইত অৱস্থিত এটি বিশ্ববিখ্যাত গগনচুম্বী অট্টালিকা (skyscraper)। ই বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট স্থাপত্য হিচাপে স্বীকৃত। আৰম্ভণীতে ইয়াক 'বুৰ্জ ডুবাই' বুলি জনা গৈছিল যদিও পিছলৈ ই 'বুৰ্জ খালিফা' নামেৰেই প্ৰসিদ্ধি লাভ কৰে।
-
বৰোবুদুৰ মন্দিৰ চৌহদ
বৰোবুদুৰ মন্দিৰ চৌহদ ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা তিনিটা বৌদ্ধ মন্দিৰক অঞ্চলক সামৰি এক বিশ্ব ঐতিহ্যৰ নাম। ইয়াত বৰোবুদুৰ, মেন্দুট, আৰু পাৱন মন্দিৰ অন্তৰ্ভুক্ত। একে শাৰীতে নিৰ্মাণ কৰা এই মন্দিৰসমূহ শৈলেন্দ্ৰ বংশৰ সময়ত প্ৰায় অষ্টম আৰু নৱম শতিকাত নিৰ্মাণ কৰা হৈছিল।
-
ক'ল'ছিয়াম
ক'ল'ছিয়াম বা কলোছিয়াম (Collosseum) ৰোমান সভ্যতাত নিৰ্মিত এক বিশেষ ধৰণৰ প্ৰেক্ষাগৃহ। ৬৯ খ্ৰীষ্টাব্দৰ ৰোম চহৰত এই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল। সুদীৰ্ঘ ১৩ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলা ক'ল'ছিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৮২ খ্ৰীষ্টাব্দত। এনে ধৰণৰ ৰোমান সৌধক ইংৰাজীত এম্ফিথিয়েটাৰ (Amphitheatre) বোলে।
-
চালা শিল্পশৈলী
চালা শিল্প শৈলী হৈছে বংগ মন্দিৰৰ স্থাপত্যৰ এটা শৈলী, যি পঞ্চদশ শতিকাৰপৰা বংগত উৎপত্তি হৈছিল। হিন্দু মন্দিৰ স্থাপত্যত আঞ্চলিক শৈলী হিচাপে উৎপত্তি লাভ কৰিছিল। এই শৈলীৰ মূল বৈশিষ্ট্যসমূহ হ’ল ওপৰৰ ভাগ বক্ৰ আৰু অলংকৃত। পশ্চিম বংগৰ চালা শৈলীৰ মন্দিৰবোৰ বোকাৰ দেৱাল আৰু খেৰৰ চালিৰে নিৰ্মাণ কৰা হৈছিল।
-
ঝৰোখা
ঝৰোখা বা ঝাৰোকা হৈছে অট্টালিকাৰ মূল বেৰৰ বাহিৰৰফালে ওলাই থকা শিলৰ খিৰিকী। সাধাৰণতে ইয়াৰপৰা কোনো ৰাস্তা, বজাৰ, আদালত বা আন যিকোনো ঠাই দেখা যায়। ধ্ৰুপদী ভাৰতীয় স্থাপত্যত ই এক সাধাৰণ বৈশিষ্ট্য, ৰাজপুত স্থাপত্যত ইয়াক আটাইতকৈ বেছি দেখা যায়।
-
নৰ্থব্ৰুক গেট
নৰ্থব্ৰুক গেট (Northbrook Gate) ১৮৭৪ চনত গুৱাহাটীত, ব্ৰিটিছ ভাইছৰয় ল'ৰ্ড নৰ্থব্ৰুকক গুৱাহাটীত আদৰাৰ অৰ্থে নিৰ্মাণ কৰা হৈছিল। এই গেট বা তোৰণ নিৰ্মাণ কৰা হৈছিল শুক্ৰেশ্বৰ ঘাটত য'ত ভাইছৰয় গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত প্ৰথম পদাৰ্পণ কৰিছিল।
-
ভোমা
ভোমা (ইংৰাজী: Bhoma) হ’ল বালিনীজ পৌৰাণিক কাহিনীৰ এগৰাকী আদিম পৃথিৱী দেৱতা যি উৰ্বৰতা, উদ্ভিদ আৰু বন্য তথা মানৱ বসতিৰ মাজৰ সীমৱৰ্তী স্থানৰ সৈতে জড়িত। ভোমাৰ প্ৰতিচ্ছবি বালিনীজ স্থাপত্যত এক গ্ৰটেস্ক বা অদ্ভুত মুখ হিচাপে খোদিত কৰা হয়, যিয়ে মন্দিৰ কমপ্লেক্সৰ বিশেষ অংশসমূহক দুষ্ট আত্মাৰপৰা ৰক্ষা…