কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৱাইড এংগল (চলচ্চিত্ৰ)
ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
ৱাইল্ড ছ'ৱানচ
ৱাইল্ড ছ'ৱানচ (Wild Swans, বড়ো ভাষাত: গোৰাই ফাখৰী, অৰ্থ: বনৰীয়া হাঁহ) হ'ল ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় বড়ো ভাষাৰ নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ ৰচনা আৰু পৰিচালনা কৰিছে ৰজনী বসুমতাৰীয়ে আৰু ইয়াৰ প্ৰযোজক হ'লজনী বিশ্বনাথ। চলচ্চিত্ৰখনৰ সকলো চৰিত্ৰই নাৰী চৰিত্ৰ।
-
ৱাক উইথ মি
ৱাক উইথ মি (ইংৰাজী: Walk with Me) হৈছে ইছাবেল ডেল ৰোছালৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২১ চনৰ এখন আমেৰিকান স্বতন্ত্ৰ ৰোমান্টিক ড্ৰামা চলচ্চিত্ৰ। ডেভিন ডান কেননে এগৰাকী ৩০ বছৰীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে নিজৰ স্বামীক এৰি থৈ আহে আৰু তাৰ পিছত অপ্ৰত্যাশিতভাৱে আন এগৰাকী মহিলাৰ প্ৰেমত পৰে…
-
ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)
ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা) (Waka Waka (This Time for Africa)) এটা বিশেষ ধৰণৰ গীত। কলম্বিয়া আৰু বিশ্বৰ অতি জনপ্ৰিয় গায়িকা আৰু গীতিকাৰ ছাকিৰাই দক্ষিণ আফ্ৰিকাৰ বেণ্ড গ্ৰুপ ফ্ৰেছলিগ্ৰাউণ্ডৰ সৈতে গীতটি পৰিৱেশন কৰে।
-
ৱাডাক্কান পাট্টুকল
ৱাডাক্কান পাট্টুকল (Vadakkan Pattukal, উত্তৰৰ মালিতাসমূহ) মধ্যযুগৰ দ্বাদশৰপৰা বিংশ শতিকালৈকে মালয়ালম ভাষাৰ মালিতাসমূহৰ এটা সংগ্ৰহ। ইয়াৰ কাহিনীসমূহত "বীৰত্ব আৰু ত্যাগ" প্ৰদৰ্শনৰ জৰিয়তে মূলতঃ 'বীৰ ৰস' প্ৰকাশ পাইছে।
-
ৱানচোৱা
ৱানচোৱা তিৱা জনগোষ্ঠীৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক লোক-উৎসৱ। ইয়াক পিঠাগুড়ি খুন্দা উৎসৱ বুলিও জনা যায়। জুন-জুলাই মাহত সচৰাচৰ মঙলবাৰৰপৰা বৃহস্পতিবাৰলৈ এই উৎসৱ তিৱা বসতিপ্ৰধান অঞ্চলত পালন কৰা হয়। তিৱাসকলৰ মাজত আমচাই, মাৰ্জং, ৰংখাই, আমলি, আমখা, আমৰি আদি বিভিন্ন ফৈদ আছে।
-
ৱিকিপিডিয়াকলৈ নিৰ্মিত চলচ্চিত্ৰসমূহ
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া:'মূল প্ৰবন্ধ: দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া'দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (Wiki's Warhead আৰু Wiki's Truth বুলিও জনা যায়) হৈছে ২০০৮ চনৰ ৱিকিপিডিয়া বিষয়ক এখন ডাচ প্ৰামাণ্যচিত্ৰ। ইয়াৰ পৰিচালনা কৰিছিল আইচব্ৰেণ্ড ভেন ভেলেন-এ।
-
ৱিত্ৰুৱীয় মানুহ
ৱিত্ৰুৱীয় মানুহ (L'uomo vitruviano) হৈছে ইতালীয় নৱজাগৰণ যুগৰ শিল্পী আৰু বিজ্ঞানী লেয়নাৰ্দ’ দা ৱিঞ্চিৰ দ্বাৰা অংকিত এখন অংকন, যাৰ তাৰিখ আনুমানিক। ৰোমান স্থপতিবিদ ৱিত্ৰুৱিউচৰ ধাৰণাৰ পৰা অনুপ্ৰাণিত এই অংকনত এজন নগ্ন পুৰুষক দুটা একে-অপৰৰ ওপৰত আৰোপিত থিয় অৱস্থাত দেখুওৱা হৈছে, যাক একে সময়তে এটা…
-
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়।
-
সংগীত নাটক একাডেমী বঁটা
সংগীত নাটক একাডেমী বঁটা (Sangeet Natak Akademi Award) ভাৰতত পৰিৱেশ্য কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা। সংগীত নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা।
-
দূৰদৰ্শন
দূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।
-
জ্ঞানপীঠ বঁটা
জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
দাদাচাহেব ফাল্কে বঁটা
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা।
-
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (Major Dhyan Chand Khel Ratna Award) হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। পূৰ্বতে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নামেৰে জনাজাত এই বঁটাটোক প্ৰসিদ্ধ ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে ২০২১ চনত পুনঃনামকৰণ কৰা হয়।
-
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত ছবি সমূহৰ তালিকা:
-
ভাৰতৰ শাস্ত্ৰীয় নৃত্য
ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়, এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়। উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে।
-
মুনীন বৰকটকী বঁটা
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা…
-
নৃত্য
নৃত্য হৈছে “সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি”ৰ দ্বাৰা প্ৰকাশ কৰা এক প্ৰকাৰৰ পৰিবেশ্য কলা। এই অঙ্গ সঞ্চালনসমূহৰ নান্দনিক আৰু প্ৰতীকী মূল্য থাকে।
-
ওনাম
ওনাম (ഓണം; Ōṇaṁ) দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক উৎসৱ। ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ওনাম আগষ্ট-ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয়।
-
নৱৰাত্ৰি
নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়।
-
বিষ্ণু ৰাভা বঁটা
বিষ্ণু ৰাভা বঁটা (Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰদ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য…
-
কহিনুৰ থিয়েটাৰ
কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী দক্ষ অভিনেতা ৰতন লহকৰদেৱে তেখেতৰ নাট্য জীৱনৰ সতীৰ্থ কৃষ্ণ ৰয়ৰ সৈতে এক যুটীয়া প্ৰচেষ্টাত ১৯৭৬ চনত কহিনুৰ থিয়েটাৰৰ জন্ম দিয়ে।
-
পুলিৎজাৰ বঁটা
পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা।
-
সৰস্বতী সন্মান
সৰস্বতী সন্মান (Saraswati Samman) হৈছে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাৰ যিকোনো এটাত লিখিত শ্ৰেষ্ঠ কাব্য বা গদ্যৰ বাবে প্ৰদান কৰা এক উল্লেখযোগ্য সাহিত্য পুৰস্কাৰ। হিন্দু ধৰ্মৰ জ্ঞানৰ দেৱী সৰস্বতীৰ নামেৰে এই বঁটাৰ নামাকৰণ কৰা হৈছে। সৈতে এখন প্ৰমাণ পত্ৰ আৰু এটি ফলক প্ৰদান কৰা হয়।
-
প্ৰাগ চিনে বঁটা
প্ৰাগ চিনে বঁটা হৈছে অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত এক বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া বোলছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত আৰু অনুপ্ৰাণিত কৰা।
-
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ছবি। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ।
-
থিয়েটাৰ
থিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা) এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয়ংসম্পূৰ্ণ নাটকৰ ওপৰত বিশেষভাবে গুৰুত্ব…
-
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা কলা, সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষ বা গোটক প্ৰদান কৰা এটা ভাৰতীয় বঁটা। ঠেঙাল, অসমৰ খঙীয়া বৰুৱা পৰিয়ালৰ বিদুষী মহিলা কমল কুমাৰী বৰুৱাৰ স্মৃতিত কমল কুমাৰী ফাউণ্ডেছনে ১৯৯০ চনত এই বঁটাৰ প্ৰচলন কৰে।
-
জামনালাল বাজাজ বঁটা
জামনালাল বাজাজ বঁটা, গান্ধীবাদৰ মূল্যবোধ, সমাজ সেৱা আৰু সামাজিক উন্নয়নৰ প্ৰচাৰৰ বাবে দিয়া এক ভাৰতীয় বঁটা। ১৯৭৮ চনত বাজাজ গ্ৰুপৰ জামনালাল বাজাজ ফাউণ্ডেচনে প্ৰতিষ্ঠা কৰা এই বঁটা বছৰি চাৰিটা ভাগত দিয়া হয়; আৰু সাধাৰণতে ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা কোনো আগশাৰীৰ ব্যক্তিয়ে এই…
-
জী টিভি
জী টিভি (ZEE TV) হৈছে এক হিন্দী ভাষাৰ মনোৰঞ্জন-ধৰ্মী মাচুলযুক্ত টিভি চেনেল। ১৯৯২ চনৰ ২ অক্টোবৰত ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল হিচাপে ইয়াক উদ্বোধন কৰা হয়। এই চেনেলটো জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছৰ মালিকানাধীন। ১৯৯৫ চনত যুক্তৰাজ্যতো জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।