সংগীত নাটক একাডেমী বঁটা (Sangeet Natak Akademi Award) ভাৰতত পৰিৱেশ্য কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা। সংগীত নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। এই বঁটা পৰিৱেশ্য কলা অনুশীলনকাৰী শিল্পীসকলক প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি।১ ২০০৩ চনৰ আগতে এই বঁটাৰ লগত নগদ ৫০,০০০ টকা, এক প্ৰশংসাপত্ৰ, এখন অংগবস্ত্ৰ আৰু এখন তাম্ৰপত্ৰ প্ৰদান কৰা হৈছিল।২ ২০০৯ চনৰ পৰা নগদ পুৰস্কাৰ ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। ৩ এই বঁটা সংগীত, নৃত্য, থিয়েটাৰ, অন্যান্য পৰম্পৰাগত কলা আৰু পুতলা শিল্প আৰু প্ৰদৰ্শন কলাত অৱদান বা বৃত্তিৰ বাবে প্ৰদান কৰা হয়। ১৯৫২ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত আনুষ্ঠানিক ভাৱে বঁটাসমূহ প্ৰাপকক প্ৰদান কৰা হয়।২
বাহ্যিক সংযোগ
- সংগীত নাটক একাডেমী বঁটাপ্ৰাপকৰ তালিকা. সংগীত নাটক একাডেমী চৰকাৰী ৱেবচাইট
তথ্যসূত্ৰ
- ↑ United News of India, Press Trust of India. (2007-03-01). Gursharan gets 'Akademi Ratna'. The Tribune (Chandigarh)
- ↑ Guidelines for Sangeet Natak Akademi Ratna and Akademi Puraskar. Sangeet Natak Akademi
- ↑ (2010-02-17). Sangeet Natak Akademi honour for Jasraj, Shreeram Lagoo. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীত নাটক একাডেমী বঁটা” প্ৰবন্ধৰ সংশোধন ৪২৮৭৬৭ (১৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।