কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী দক্ষ অভিনেতা ৰতন লহকৰদেৱে তেখেতৰ নাট্য জীৱনৰ সতীৰ্থ কৃষ্ণ ৰয়ৰ সৈতে এক যুটীয়া প্ৰচেষ্টাত ১৯৭৬ চনত কহিনুৰ থিয়েটাৰৰ জন্ম দিয়ে।১ কহিনুৰ থিয়েটাৰৰ মঞ্চত ভাৰতীয়, অসমীয়া সাহিত্যৰ নাটকৰ উপৰিও ৱিলিয়াম শ্বেইক্সপিয়াৰৰ বিখ্যাৎ নাটকৰো সফল মঞ্চায়ণ হৈছে। ইয়াৰোপৰি হলিউডৰ বিখ্যাৎ চলচ্চিত্ৰ টাইটানিক ৰ নাট্য ৰূপ কহিনুৰ থিয়েটাৰত মঞ্চস্থ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত খলকনিৰ সৃষ্টি কৰে। কহিনুৰ থিয়েটাৰত মঞ্চস্থ নাট্যসম্ৰাট, শোণিত গৌৰৱ প্ৰফুল্ল বৰাৰ 'তেজীমলা,অলংকাৰ, আশীৰ্বাদ আদি নাটক ভ্ৰাম্যমাণ থিয়েটাৰ তথা অসমীয়া নাট্য ইতিহাসৰ উল্লেখযোগ্য কৃতি।
কহিনুৰ থিয়েটাৰ অসমৰ একমাত্ৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী যিয়ে অসমৰ বাহিৰতো নাট প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (National School of Drama) নিমন্ত্ৰণ অনুসৰি তিনি দিনৰ বাবে ২০১০ চনৰ ২৫ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ নতুন দিল্লীত থিয়েটাৰ দলটোৱে নাট প্ৰদৰ্শন কৰিছিল।২
নাটকৰ সূচী
| বৰ্ষ | নাটক | নাট্যকাৰ | অভিনয়ত |
|---|---|---|---|
| ২০১০-২০১১ | এটা নষ্ট ল'ৰাৰ গল্প | হেমন্ত দত্ত | নয়ন নীলিম, ৰিম্পী দাস, হীৰেণ মেধি, দুলুমণি ডেকা ইত্যাদি। |
| কহিনুৰ, নহয় মাথো এটি হীৰা | অভিজিৎ ভট্টাচাৰ্য | ||
| ৰুমাল | |||
| ২০১১-২০১২ | ভাল পাও বুলি নকবা | অভিজিৎ ভট্টাচাৰ্য | বৰষা ৰাণী বিষয়া, দিব্যজ্যোতি দাস, ফ্ৰেংকী, হীৰেণ মেধি, দুলুমণি ডেকা ইত্যাদি। |
| কপৌফুল | |||
| পথ | হেমন্ত দত্ত | ||
| টাইটানিক | |||
| ২০১২-২০১৩ | এৰাবাটৰ সুৰ | অভিজিৎ ভট্টাচাৰ্য | তপন দাস, আঙুৰলতা ডেকা তুষাৰ প্ৰীতম, হীৰেণ মেধি, দুলুমণি ডেকা ইত্যাদি। |
| জেদ | |||
| হিয়াৰ এপাহি গোলাপ | |||
| সেন্দূৰ | হেমন্ত দত্ত | ||
| ২০১৩-২০১৪৩ | দেৱদাস | অভিজিৎ ভট্টাচাৰ্য | তপন দাস, মুনমী ফুকন ইত্যাদি। |
| এদিন তুমি আহিবাই | |||
| আকাশৰ দৰে মন | হেমন্ত দত্ত | ||
| ২০১৪-২০১৫ | মৰমৰ জুই | অভিজিৎ ভট্টাচাৰ্য | ৰাজকুমাৰ, মুনমী ফুকন, চিন্ময় কটকী ইত্যাদি। |
| ফুটপাথৰ ৰোমিঅ' |- | মুক্তি | হেমন্ত দত্ত |- | rowspan="3" style="text-align:center;"|২০১৫-২০১৬ | ডি.এছ. পি. দূৰ্গা | অভিজিৎ ভট্টাচাৰ্য | rowspan="3" style="text-align:center;"| মৈত্ৰেয়ী প্ৰিয়দৰ্শিণী, দিব্যজ্যোতি দাস, মহেশ বৰা ইত্যাদি। |- | চক্ৰবেহু | হেমন্ত দত্ত |- | গুপুতে গুপুতে | ভাস্কৰ বৰ্মন |
তথ্যসূত্ৰ
- ↑ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস, প্ৰথম খণ্ড। লেখক: কিশোৰ কুমাৰ কলিতা। পৃষ্ঠা: ৮৩
- ↑ TI Trade. (2010-04-06). The Assam Tribune Online. Assamtribune.com
- ↑ Konwar, Rajiv. (4 July 2014). Devdas to grace mobile theatre stage - Kohinoor to stage play based on Sarat Chandra’s novel. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কহিনুৰ থিয়েটাৰ” প্ৰবন্ধৰ সংশোধন ৬১২৪৭৯ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।