অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পুলিৎজাৰ বঁটা

পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা।

হালনাগাদ: ২০ অক্টোবৰ ২০১৯ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা। বাতৰি কাকতৰ প্ৰকাশক যোচেফ পুলিৎজাৰৰ স্মৃতিত তথা নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰিচালনাৰে ১৯১৭ চনৰ পৰা এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়। প্ৰতি বছৰে মুঠ ২১টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয়। এই ২১টা শিতানত প্ৰত্যেককেই একোখন মানপত্ৰৰ লগত ১৫,০০০ আমেৰিকান ডলাৰ প্ৰদান কৰা হয়। ২০১৭ চনৰ পৰা এই ধনৰাশি ১০,০০০ৰ পৰা ১৫,০০০ লৈ বৃদ্ধি কৰা হৈছে।১ সাংবাদিকতাৰ সাৰ্বজনীক সেৱা শ্ৰেণীত শ্ৰেষ্ঠত্ব লাভ কৰা জনক সোণৰ পদকৰে সন্মানিত কৰা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ (January 3, 2017). Pulitzer Board raises prize award to $15,000. The Pulitzer Prizes. Columbia University
  2. ↑ Topping, Seymour. (2008). Administration. The Pulitzer Prizes. Columbia University Updated 2013 by Sig Gissler
  3. ↑ The Medal. Pulitzer Prizes

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুলিৎজাৰ বঁটা” প্ৰবন্ধৰ সংশোধন ২০৭৫৫৭ (২০ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।