অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৱিকিপিডিয়াকলৈ নিৰ্মিত চলচ্চিত্ৰসমূহ

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া:'মূল প্ৰবন্ধ: দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া'দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (Wiki's Warhead আৰু Wiki's Truth বুলিও জনা যায়) হৈছে ২০০৮ চনৰ ৱিকিপিডিয়া বিষয়ক এখন ডাচ প্ৰামাণ্যচিত্ৰ। ইয়াৰ পৰিচালনা কৰিছিল আইচব্ৰেণ্ড ভেন ভেলেন-এ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৬ ৪১১ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া:'মূল প্ৰবন্ধ: দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া'দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (Wiki's Warhead আৰু Wiki's Truth বুলিও জনা যায়) হৈছে ২০০৮ চনৰ ৱিকিপিডিয়া বিষয়ক এখন ওলন্দাজ ভাষা প্ৰামাণ্যচিত্ৰ। ইয়াৰ পৰিচালনা কৰিছিল আইচব্ৰেণ্ড ভেন ভেলেন-এ।১ ইয়াক প্ৰথমতে Backlight কাৰ্যসূচীত প্ৰদৰ্শন কৰা হৈছিল। এই প্ৰামাণ্যচিত্ৰখনত ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতা আৰু বিশেষজ্ঞ বনাম অপেছাদাৰী সম্পাদকসকলৰ ব্যৱহাৰৰ মাজৰ দ্বান্দ্বিকতা পৰীক্ষা কৰা হৈছে। এই চলচ্চিত্ৰখনত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছ আৰু লেৰী ছেংগাৰ, The Cult of the Amateur-ৰ লেখক এণ্ড্ৰিউ কিন, O'Reilly Media-ৰ মুখ্য কাৰ্যবাহী বিষয়া টিম অ'ৰাইলি আৰু এনচাইক্লোপেডিয়া ব্ৰিটেনিকাৰ প্ৰাক্তন মুখ্য সম্পাদক ৰবাৰ্ট মেকহেন্ৰীৰ মন্তব্য অন্তৰ্ভুক্ত কৰা হৈছে। কিন-এ যুক্তি আগবঢ়ায় যে ৱেব ২.০ পৰিঘটনাৰ সময়ত বিশেষজ্ঞসকলে তথ্যৰ অভিভাৱক হিচাপে কাম কৰা উচিত; এই দৃষ্টিভংগীক ছেংগাৰৰ বিশ্লেষণেও সমৰ্থন কৰিছে। ছবিখন ডাচ আৰু ইংৰাজী (অন্য ভাষাৰ সাক্ষাৎকাৰৰ বাবে উপ-শীৰ্ষক বা চাবটাইটেলসহ) দুয়োটা সংস্কৰণতে মুকলি কৰা হৈছিল।

ট্ৰুথ ইন নাম্বাৰ্ছ?:ট্ৰুথ ইন নাম্বাৰ্ছ? হৈছে ২০১০ চনৰ এখন আমেৰিকান প্ৰামাণ্যচিত্ৰ। ই অনলাইন ব্যৱহাৰকাৰী-সম্পাদনাযোগ্য বিশ্বকোষ ৱিকিপিডিয়াৰ ইতিহাস আৰু সাংস্কৃতিক প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰে।২ ছবিখনত এটা বিশ্বকোষ সম্পাদনা কৰাৰ কাম যিকোনো ব্যক্তিক নে কেৱল বিশেষজ্ঞসকলক দিয়া উচিত, সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে। ৱেবছাইটটোৰ ইতিহাস আৰু পটভূমিৰ লগতে ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছ আৰু লেৰী ছেংগাৰৰ মন্তব্যও ইয়াত আগবঢ়োৱা হৈছে। চলচ্চিত্ৰখনত মন্তব্য আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত আছে লেখক হাৱাৰ্ড জিন্ন, দা ৱাশিংটন পোষ্ট-ৰ লেন ডাউনী, চিবিএছ নিউজৰ বব শিফাৰ, প্ৰাক্তন এনচাইক্লোপেডিয়া ব্ৰিটেনিকা-ৰ মুৰব্বী ৰবাৰ্ট মেকহেন্ৰী আৰু প্ৰাক্তন চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সীৰ সঞ্চালক জেমছ ৱুলছী। প্ৰামাণ্যচিত্ৰখনত ৱিকিপিডিয়াক নেতিবাচক ৰূপত প্ৰদৰ্শন কৰা কেইবাটাও ঘটনাৰ আলোচনা কৰা হৈছে, যাৰ ভিতৰত এছজে বিতৰ্ক আৰু ৱিকিপিডিয়া জীৱনী বিতৰ্ক অন্যতম।

পিপল আৰ নলেজ:

পিপল আৰ নলেজ হৈছে এক গৱেষণা প্ৰকল্পৰ সময়ত নিৰ্মিত এখন চলচ্চিত্ৰ, য’ত ৱিকিপিডিয়াত উদ্ধৃতিৰ বৈকল্পিক পদ্ধতিসমূহ কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় সেই বিষয়ে অন্বেষণ কৰা হৈছিল। চলচ্চিত্ৰখনে লিখিত/প্ৰকাশিত জ্ঞান আৰু তাৰ পিছত মৌখিক উদ্ধৃতিৰ সন্দৰ্ভত কেতবোৰ নিৰ্দিষ্ট পৰিস্থিতি নথিবদ্ধ কৰে। ইয়াক ক্ৰমে প্ৰিয়া সেন, জেন মেৰী আৰু অচল প্ৰভালাই নিৰ্মাণ কৰিছিল।৩

ৱিকিপিডিয়া এণ্ড দ্য ডেমক্ৰেটাইজেচন অৱ নলেজ:ৱিকিপিডিয়া এণ্ড দ্য ডেমক্ৰেটাইজেচন অৱ নলেজ হৈছে পৰিচালক লৰেঞ্জা কাষ্টেলা আৰু জাশ্বা হেনোভাৰৰদ্বাৰা পৰিচালিত ২০২১ চনৰ এখন জাৰ্মান প্ৰামাণ্যচিত্ৰ।৪ ছবিখনে ৱিকিপিডিয়াৰ বিছবছৰীয়া ইতিহাস পৰ্যালোচনা কৰে। প্ৰকল্পটোৰ সন্দৰ্ভত ইয়াৰ প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছ আৰু লেৰী ছেংগাৰৰ লগতে জাৰ্মানী, ফ্ৰান্স, ঘানা, দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য দেশৰ লেখকসকলৰ চিন্তাধাৰা ভাগ-বতৰা কৰা হৈছে। এগৰাকী দক্ষিণ আফ্ৰিকাৰ ৱিকিপিডিয়ানে চিটচোংগা ভাষাৰ ৱিকিপিডিয়াৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে।

ৱিকিপিডিয়া – ডাই শ্চুৱাৰ্মঅফেনচিভ:ৱিকিপিডিয়া – ডাই শ্চুৱাৰ্মঅফেনচিভ হৈছে মাৰিয়া টেৰেছা কাৰ্জিওৰদ্বাৰা পৰিচালিত ২০২১ চনৰ এখন জাৰ্মান প্ৰামাণ্যচিত্ৰ। ইয়াক ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৩ছেট টেলিভিছন চেনেলত প্ৰকাশ কৰা হৈছিল।৫

ৱিকিপিডিয়া: দ্য ডকুমেণ্টৰী:ৱিকিপিডিয়া: দ্য ডকুমেণ্টৰী হৈছে ৱাওনাও এণ্টাৰটেইনমেণ্টৰদ্বাৰা প্ৰকাশিত আৰু পেট্ৰিক ৰে গেল'জৰদ্বাৰা পৰিচালিত ২০২২ চনৰ এখন চলচ্চিত্ৰ।৬

তথ্যসূত্ৰ

  1. ↑ Schonfeld, Erick. (2008-04-08). The Truth According to Wikipedia. TechCrunch
  2. ↑ Freccero, Paola. (2011-01-13). 'Truth in Numbers? Everything, According to Wikipedia' Premieres Internationally as Part of Wikipedia's 10th Anniversary Celebration. ://prnewswire.com
  3. ↑ Krishna, Prasad. (2011-07-22). People are Knowledge – Experimenting with Oral Citations on Wikipedia — The Centre for Internet and Society. cis-india.org
  4. ↑ FLORIANFILMS: DAS WIKIPEDIA VERSPRECHEN: 20 Jahre Wissen für alle?. florianfilm.de
  5. ↑ Wikipedia - die Schwarmoffensive (2021). The A.V. Club
  6. ↑ (2022). Wikipedia: the documentary. WowNow Entertainment

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰতথ্যচিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়াকলৈ নিৰ্মিত চলচ্চিত্ৰসমূহ” প্ৰবন্ধৰ সংশোধন ৬৩৯২৬৩ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।