কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হুপ টেম
হুপ টেম (ইংৰাজী: Hup taem বা hoop taem) (থাই: ฮูปแต้ม; অৰ্থ: ছবি অঁকা) হ’ল এক ইচান লোককলাৰ শৈলী। এই দেৱাল চিত্ৰসমূহ বৌদ্ধ মন্দিৰৰ 'অৰ্ডিনেশ্বন হল' বা চিমত পোৱা যায়।
-
হেইক্ৰু হিডংবা
"হেইক্ৰু হিডংবা" (মণিপুৰী নাও খেল উৎসৱ) হৈছে প্ৰতি বছৰে মেইটেই কেলেণ্ডাৰ মাহৰ লেংবানৰ ১১ তাৰিখে ইম্ফলৰ সাগোলবণ্ড বিজয় গোবিন্দ লেইকাইৰ লেকত ধৰ্মীয়, প্ৰথা আৰু অন্যান্য পৰম্পৰাগত সৃষ্টিৰ বিশ্বাসৰ উপাদানৰ সৈতে অনুষ্ঠিত হোৱা এক সামাজিক-ধৰ্মীয় অনুষ্ঠান।
-
হেট ষ্ট'ৰী
হেট ষ্ট'ৰী হৈছে ২০১২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ কামুক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আৰু প্ৰযোজক বিক্ৰম ভাট। ইয়াত নিখিল দ্বিবেদী, গুলশান দেৱৈয়া, পাওলি দাম আদিয়ে অভিনয় কৰিছে আৰু ছবিখন ২০ এপ্ৰিল ২০১২ তাৰিখে মুক্তি পাইছিল।
-
হেপ্পী বাৰ্থডে মাম্মীজী
হেপ্পী বাৰ্থডে মাম্মীজী হৈছে ২০২১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চুটি ছবি। শ্বেফালি শ্বাহে ছবিখনৰ কাহিনীটো লিখিছে। ছবিখনৰ পৰিচালনাও তেখেতেই কৰিছে। ইয়াৰ লগতে ছবিখনৰ মুখ্য একক চৰিত্ৰটোত তেখেতে অভিনয় কৰিছে। ছবিখন ছানচাইন পিকচাৰ্ছে প্ৰযোজনা কৰিছে।
-
হেলিকপ্টাৰ এলা
হেলিকপ্টাৰ এলা ( Helicopter Eela ) ২০১৮ চনৰ প্ৰদীপ সৰকাৰ পৰিচালিত, ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-নাট্যধৰ্মী ছবি। ইয়াত কাজলে এগৰাকী উচ্চাকাংক্ষী গায়িকা আৰু একক মাতৃ হেলিকপ্টাৰ অভিভাৱক হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰচনা মিতেশ শ্বাহ আৰু আনন্দ গান্ধীৰ।
-
হো জামালো
হো জামালো (Ho Jamalo) হ'ল এক সিন্ধী ভাষাৰ লোকগীত আৰু সিন্ধী সংস্কৃতিৰ লগত জড়িত নৃত্য। থলুৱা লোকনায়ক জামালোৰ বিষয়ে এই উপস্থাপন। বাদ্যযন্ত্ৰৰ বাহিৰেও হাতৰ চাপৰিৰ দ্বাৰা সৃষ্টি হোৱা ছন্দত ইয়াক কোৰাছত গোৱা হয়। ইয়াৰ ৰচনা সৰল আৰু প্ৰতিজন সিন্ধিৰ বাবে বোধগম্য।
-
হোকো (পুতলা)
হোকো (ইংৰাজী: hōko; জাপানী: 這子; অৰ্থ: "বগাই ফুৰা শিশু") হ’ল এক প্ৰকাৰৰ কোমল দেহৰ পুতলা যিটো জাপানত গাভৰু আৰু বিশেষকৈ গৰ্ভৱতী মহিলাসকলক মাক আৰু অজাত শিশু উভয়কে সুৰক্ষা দিবলৈ উপহাৰ দিয়া হয়।
-
হোজাগিৰি নৃত্য
হোজাগিৰি নৃত্য (Hojagiri) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰচলিত একপ্ৰকাৰৰ পাৰম্পৰিক লোকনৃত্য। ত্ৰিপুৰী সম্প্ৰদায়ৰ ভিতৰত ব্ৰু বা ৰিয়াং সকলে এই নৃত্য প্ৰদৰ্শন কৰে।
-
হোৱাইট ৰেইনবো
হোৱাইট ৰেইনবো (শ্বেত নামেৰেও পৰিচিত; White Rainbow) ২০০৫ চনৰ ধৰণ মান্দ্ৰায়াৰৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী আৰু ইংৰাজী ভাষাৰ ছবি আৰু ইয়াত সোণালী কুলকাৰ্ণী, অমৰদ্বীপ ঝা, শামীম শেইখ আৰু অমৰুতা সুভাষে অভিনয় কৰিছে।
-
হৌ ই
হৌ ই (ইংৰাজী: Hou Yi) হৈছে চীনৰ পৌৰাণিক কাহিনীৰ এজন ধনুৰ্ধৰ। তেওঁক চেন ই আৰু সাধাৰণভাৱে কেৱল ই বুলিও জনা গৈছিল। তেওঁক সাধাৰণতে "লৰ্ড আৰ্চাৰ" বা "ধনুৰ্ধৰ প্ৰভু" উপাধিও দিয়া হয়। তেওঁক কেতিয়াবা ধনুৰ্ধৰ দেৱতা বা মানৱজাতিক সহায় কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা এজন চিয়ান (Xian) হিচাপে চিত্ৰিত কৰা হয়।
-
হ্যালোইন
হ্যালোইন বা হ্যালোৱেন(ইংৰাজী:Halloween) সাধাৰণভাৱে অলহেল'ৱিন, অল হ্যালোৱেন, বা অল চেন্টছ ইভ নামেৰে জনাজাত) হৈছে বহু দেশত ৩১ অক্টোবৰত পালন কৰা এক উদযাপন, দ্য... অল হেল’ছ ডে’ৰ পশ্চিমীয়া খ্ৰীষ্টান উৎসৱ।
-
হ্ৰিহোৰি স্কোভ'ৰ'ডা সাহিত্যিক স্মৃতি সংগ্ৰহালয়
হ্ৰিহোৰি স্কোভ'ৰ'ডা ৰাষ্ট্ৰীয় সাহিত্যিক স্মৃতি সংগ্ৰহালয় (Національний літературно-меморіальний музей Г. С. Сковороди) হৈছে ইউক্ৰেইনৰ খাৰ্কিভ ওব্লাষ্টৰ স্কোভ'ৰ'ডেনিভকা গাঁৱত অৱস্থিত এটা ঐতিহাসিক সংগ্ৰহালয়।
-
হৰিদাস পাল
হৰিদাস পাল হৈছে 'পাল' উপাধি থকা এজন বাঙালী হিন্দু ব্যক্তিৰ নাম। কোৱা হয় যে, এই নামৰ ব্যক্তি এক সময়ত বাংলাত ধনী, মহানুভৱ আৰু প্ৰভাৱশালী ব্যক্তি আছিল। বিপুল বিত্তশালী হয়েও সৎ আৰু দয়ালু ব্যক্তি হিচাপে সমাজত গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমান বাংলা ভাষাত "হৰিদাস পাল" নামটো এটা প্ৰবাদ ৰূপে পৰিণত হৈছে।
-
হৰী-ভৰী
হৰী-ভৰী (ইং অনু. Fertility ; Hare Kanch Ki Chooriyan) ২০০০ চনৰ শ্যাম বেনেগাল পৰিচালিত এখন হিন্দী ছবি; য'ত শাৱানা আজমী, ৰজিত কাপুৰ, ৰাজেশ্বৰী সচদেৱ, সুৰেখা ছিক্ৰী আৰু নন্দিতা দাস অভিনয় কৰিছে।
-
১০০ নাইটছ অৱ হিৰো
১০০ নাইটছ অৱ হিৰো (ইংৰাজী: 100 Nights of Hero) হ’ল জুলিয়া জেকমেনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৫ চনৰ এখন ঐতিহাসিক ফেণ্টাচি ৰোমান্টিক চলচ্চিত্ৰ। এইখন ইছাবেল গ্ৰীণবাৰ্গৰ গ্ৰাফিক উপন্যাস দ্য ৱান হাণ্ড্ৰেড নাইটছ অৱ হিৰোৰ ওপৰত আধাৰিত, যিখন নিজেই মধ্যপ্ৰাচ্যৰ লোককথা এহেজাৰ এনিশা (One Thousand and One…
-
২ ফ্ৰগছ ইন দ্য ৱেষ্ট
২ ফ্ৰগছ ইন দ্য ৱেষ্ট (ফৰাচী: 2 frogs dans l'ouest, ইংৰাজী: 2 Frogs in the West) হৈছে ২০১০ চনত মুক্তি পোৱা এখন কানাডিয়ান কমেডী-ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ডেনি পাপিনোৰ পৰিচালনাৰ অভিষেক ঘটা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১০ চনৰ ৮ অক্টোবৰত মণ্ট্ৰিয়েলত অনুষ্ঠিত হৈছিল।
-
২২ ফিমেল কোট্টায়ম
২২ ফিমেল কোট্টায়ম ( 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।
-
৩৬ চৌৰিংগী লেন
৩৬ চৌৰিংগী লেন (36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল।
-
৩৬ বায়াধিনিলে
৩৬ বায়াধিনিলে (অনু. ৩৬ বছৰ বয়সত; 36 Vayadhinile) ৰছান এণ্ড্ৰিউছ পৰিচালিত, ২০১৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন কমেডী নাট্যধৰ্মী ছবি। এইখন তেওঁৰ মালয়ালম ছবি হাউ অল্ড আৰ ইউৰ (২০১৪) পুনৰ্নিৰ্মাণ। আঠ বছৰৰ বিৰতিৰ পিছত এই ছবিযোগে জ্যোতিকাই চলচ্চিত্ৰ জগতলৈ উভতি আহে।
-
৮০০ (চলচ্চিত্ৰ)
৮০০ হৈছে ক্ৰিকেটৰ ইতিহাসৰ সৰ্বাধিক উইকেট দখলকাৰী শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মুত্তিয়া মুৰালিধৰণৰ জীৱন আৰু কেৰিয়াৰৰ আধাৰত নিৰ্মিত ২০২৩ চনৰ ভাৰতীয় তামিল ভাষাৰ জীৱনীমূলক ক্ৰীড়া ছবি। ছবিখনৰ পৰিচালনা কৰিছে এম. শ্ৰীপাথী। ৰচনা কৰিছে এম.এচ. শ্ৰীপাথী আৰু শ্বেহন কৰুণাটিলক।
-
৯৪.৩ ক্লাব এফএম
ক্লাব এফএম (ইংৰাজী: Club FM) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ব্যক্তিগত এফএম ৰেডিঅ' ষ্টেচন। কেৰালাৰ মাতৃভূমি সংবাদ পত্ৰৰদ্বাৰা পৰিচালিত এই ষ্টেচনটোৱে দিনটোৰ বিভিন্ন সময়ত জনপ্ৰিয় সংগীতৰ ওপৰত গুৰুত্ব দিয়ে।
-
ৰংকিনী গুপ্তা
ৰংকিনী গুপ্তা (Ronkini Gupta; জন্ম: ১৯৮৪) এগৰাকী হিন্দুস্তানী শাস্ত্ৰীয় আৰু নেপথ্য কণ্ঠশিল্পী, যিয়ে ২০০৪ চনত জি টিভিত প্ৰচাৰিত সাৰেগামাপা ৱৰ্ল্ড ছিৰিজৰ ৰিয়েলিটি শ্ব'ত জয়ী হৈছিল।
-
ৰংখেৰ
ৰংখেৰ বা ৰংকেৰ অসমৰ অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ কৃষিৰ আৰম্ভণিতে পতা এক পৱিত্ৰ উৎসৱ। বছৰৰ কৃষিকৰ্ম আৰম্ভ কৰাৰ আগে আগে শস্যৰ আৰু গাঁৱৰ ৰাইজৰ মঙ্গল কামনা কৰি কাৰ্বিসকলে ৰংখেৰ উৎসৱ পালন কৰে। আচলতে ৰংখেৰ এক ধৰ্মীয় পূজা অনুষ্ঠান।
-
ৰজনীগন্ধা শেখাৱত
ৰজনীগন্ধা শেখাৱত ভাৰতৰ ৰাজস্থানৰ এগৰাকী কণ্ঠশিল্পী। ৰাজস্থানী লোকগীত, বলীউড, ইংৰাজী আৰু ৰাজস্থানী মাৰোৱাৰী মেশ্বপ, আৰু ভিনটেজ ক্লাছিক গীত গোৱাৰ বাবে তেওঁ পৰিচিত।
-
ৰজপৰ্ব
ৰজ বা ৰজপৰ্ব (Raja parba) ওড়িশাৰ পৰম্পৰাগত উৎসৱ। এই উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। এই উৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ৰজ সংক্ৰান্তি বা মিথুন সংক্ৰান্তিৰ পৰা হিন্দু সৌৰদিনপঞ্জী অনুসৰি মিথুন ৰাশিৰ মাহ আৰম্ভ হয় আৰু তাৰ পিছত বৰ্ষা ঋতু আৰম্ভ হয়।
-
ৰথ সপ্তমী
ৰথ সপ্তমী (Ratha Saptami, रथसप्तमी) হʼল হিন্দু মাহ, মাঘৰ শুক্ল পক্ষৰ সপ্তমী তিথিত পালন কৰা এটি গুৰুত্বপূৰ্ণ উৎসৱ। ইয়াক মাঘ সপ্তমী বুলিও কোৱা হয়। ইয়াৰদ্বাৰা প্ৰতীকীভাৱে বুজোৱা হয় যে সূৰ্য দেৱতাই তেওঁৰ সাতটা ঘোঁৰাই (যি সাতটা ৰঙক প্ৰতিনিধিত্ব কৰে) টনা ৰথখন উত্তৰ গোলাৰ্ধৰ দিশে অৰ্থাৎ উত্তৰ-পূব…
-
ৰবাৰ্ট একহাৰ্ট
ৰবাৰ্ট একহাৰ্ট (আৰ্মেনিয়ান: Ռոբերտ Էքհարթ; ১৯৩৫, তাব্ৰিজত – ১৯৯৪, লছ এঞ্জেলছত) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু মুখ্য সম্পাদক আছিল।
-
ৰসিয়া
ৰসিয়া হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত প্ৰচলিত ভাৰতীয় লোকসংগীতৰ এক জনপ্ৰিয় ধাৰা। ৰসিয়াৰ শৈলী একাধিক উপ-ধাৰাৰে গঠিত আৰু ইয়াক বিভিন্ন প্ৰসংগত পৰিবেশন কৰা হয়।
-
ৰাইটিং উইথ ফায়াৰ
ৰাইটিং উইথ ফায়াৰ (Writing with Fire) হৈছে ২০২১ চনত চলচ্চিত্ৰ নিৰ্মাতা সুস্মিত ঘোষ আৰু ৰিণ্টু থমাছৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তথ্যচিত্ৰ, য’ত দলিত মহিলা নেতৃত্বাধীন বাতৰি কাকত খবৰ লহৰিয়া চলোৱা সাংবাদিকসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰি ১৪ বছৰীয়া ছপাৰ পৰা ডিজিটেল সাংবাদিকতালৈ স্থানান্তৰিত হয়।
-
ৰাক্স স্বাৰকী
ৰাক্স স্বাৰকী (আক্ষৰিক অৰ্থত "প্ৰাচ্যৰ নৃত্য") ২০ শতিকাৰ প্ৰথমাৰ্ধৰ সময়ছোৱাত বিকশিত হোৱা ধ্ৰুপদী মিচৰীয় বেলী নৃত্য।