জী টিভি (ZEE TV) হৈছে এক হিন্দী ভাষাৰ মনোৰঞ্জন-ধৰ্মী মাচুলযুক্ত টিভি চেনেল। ১৯৯২ চনৰ ২ অক্টোবৰত ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল হিচাপে ইয়াক উদ্বোধন কৰা হয়।১২ এই চেনেলটো জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছৰ মালিকানাধীন। ১৯৯৫ চনত যুক্তৰাজ্যতো জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।৩
ইতিহাস
১৯৯২ চনৰ ২ অক্টোবৰত জী টেলিফিল্ম্ছৰ ফ্লেগশ্বিপ চেনেল-ৰূপে জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।৪৫ ১৯৯৩ চনত ইয়াৰ ২৪-ঘণ্টীয়া সম্প্ৰচাৰ আৰম্ভ কৰা হয়।৬ ই ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল। ২০০৭ চনৰ ১০ জানুৱাৰীত জী টেলিফিল্ম্ছ লিমিটেডৰ নাম সলনি কৰি জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছ লিমিটেড (ZEEL) নামেৰে নামাকৰণ কৰা হয়।
২০১৩ চনত জী টিভি আৰু ইয়াৰ আটাইবোৰ ভগ্নী চেনেলৰ ৰিব্ৰেণ্ডিং কৰা হয়।৭
২০১৭ চনৰ ১৫ অক্টোবৰত জীৰ ৰূপালী জয়ন্তী উপলক্ষে ইয়াৰ আটাইবোৰ চেনেলৰ পুনৰ ৰিব্ৰেণ্ডিং কৰা হয়।
তথ্যসূত্ৰ
- ↑ (2 October 2017). Zee TV, India's first private channel, completes 25 years. DNA India
- ↑ (2 October 2021). Today In History: Dr Subhash Chandra launched India’s first private satellite channel ‘Zee TV’ in 1992. Zee News
- ↑ (6 October 2015). Zee TV completes 23 years. afaqs news bureau. afaqs
- ↑ Zee Entertainment Enterprises History. The Economic Times
- ↑ Singh, Suhani. (21 August 2017). Entertainment Inc.: The story of Zee, one of India's first Hindi satel channels. ইণ্ডিয়া টুডে
- ↑ Bansal, Shuchi; Sheikh, Aminah. (29 September 2012). There and back again: Subhash Chandra and the Zee TV story. Livemint
- ↑ (28 March 2005). Zee channels to sport new logos. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জী টিভি” প্ৰবন্ধৰ সংশোধন ৫২৯৭৯৬ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।