প্ৰাগ চিনে বঁটা হৈছে অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত এক বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া বোলছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত আৰু অনুপ্ৰাণিত কৰা। ২০০৩ চনত এই অনুষ্ঠানটোৱে জন্ম লাভ কৰিছিল।১২ ২০১৫ চনৰ পৰা এই বঁটা-প্ৰদান অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আনসমূহ ছবি-উদ্যোগকো সামৰি লয়।৩
অনুষ্ঠানসমূহ
| অনুষ্ঠান | দিন | স্থান | সূত্ৰধাৰ | জীৱনজোৰা সাফল্যৰ বঁটা |
|---|---|---|---|---|
| প্ৰথম প্ৰাগ চিনে বঁটা | ২৮ ফেব্ৰুৱাৰী, ২০০৪ | নেহৰু ষ্টেডিয়াম, গুৱাহাটী | ভূপেন হাজৰিকা | |
| দ্বিতীয় প্ৰাগ চিনে বঁটা | ৫ মাৰ্চ, ২০০৫ | নেহৰু ষ্টেডিয়াম, গুৱাহাটী | জ্ঞানদা কাকতী | |
| তৃতীয় প্ৰাগ চিনে বঁটা | ১২ এপ্ৰিল, ২০১২ | গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটী | নিপন গোস্বামী | |
| চতুৰ্থ প্ৰাগ চিনে বঁটা | ১৪ এপ্ৰিল, ২০১৩ | গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটী | প্ৰাঞ্জল শইকীয়া, জেৰিফা ৱাহিদ | বিজু ফুকন |
| পঞ্চম প্ৰাগ চিনে বঁটা | ২২ মাৰ্চ, ২০১৪ | কোৰামংগলা ইন্দোৰ ষ্টেডিয়াম, বেংগালুৰু | কপিল বৰা, জেৰিফা ৱাহিদ | মৃদুলা বৰুৱা |
| ষষ্ট প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল | ২১-২২ মাৰ্চ, ২০১৫ | চৌকিডিঙি ফিল্ড, ডিব্ৰুগড় | নিশিতা গোস্বামী, নবিষ আলম | বিষ্ণু খাৰঘৰীয়া |
| সপ্তম প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল | ১৪-১৫ মে', ২০১৬ | চাৰ্চ ফিল্ড, তেজপুৰ | বৰষা ৰাণী বিষয়া, কপিল বৰা, নিশিতা গোস্বামী | বিদ্যা ৰাও |
| অষ্টম প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল | ১৭–১৮ জুন, ২০১৭ | বডোফা সাংস্কৃতিক প্ৰকল্প, কোকৰাঝাৰ | মুনিন বৰুৱা৪ | |
| নৱম প্ৰাগ চিনে বঁটা | ২৬–২৭ মে', ২০১৮ | গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটী | কুলদা কুমাৰ ভট্টাচাৰ্য৫ | |
| দশম প্ৰাগ চিনে বঁটা | ১-২ জুন, ২০১৯ | নেহৰুবালি, নগাঁও | ৰুণু দেৱী৬ |
তথ্যসূত্ৰ
- ↑ (2012-03-26). 4th Prag Cine Awards, 7 Assamese Films in the Competition | Northeast Today. Northeasttoday.in
- ↑ The Sentinel. Sentinelassam.com
- ↑ (27 January 2015). Prag Cine Award on March 21, 22. দ্য আছাম ট্ৰিবিউন
- ↑ (11 June 2017). Kokrajhar to host Prag Cine Awards 2017. The Assam Tribune
- ↑ (2018-05-29). Govinda at Prag Cine Awards 2018 » Northeast Today. Northeast Today
- ↑ www.uniindia.com/filmmaker-rima-das-actress-runu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাগ চিনে বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৮৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।