অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৱাইড এংগল (চলচ্চিত্ৰ)

ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।

হালনাগাদ: ২ অক্টোবৰ ২০২৪ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ছবিখনত তপন দাস, অপৰ্ণা দত্ত চৌধুৰী, পবিত্ৰ বৰুৱা, জ্বলি লস্কৰ, ধ্যানি মোহন, জুবিন গাৰ্গকে প্ৰমুখ্য কৰি একাধিক শিল্পীয়ে অভিনয় কৰে৷ ছবিখনৰ পটভূমি অসম আন্দোলন৷

কাহিনী

অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপ'ৰ্টাৰৰ ছবি'ৰ আধাৰত ছবিখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছে৷ কাহিনীৰ পটভূমি অসম আন্দোলন৷ আন্দোলনৰ সময়ত এজন ফটো সাংবাদিক দিলীপ ভাগৱতীয়ে তেওঁ কাম কৰা দৈনিক কাকতখনত আন্দোলনৰ ফটো যোগান ধৰিবলৈ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তাৰেই পৰিণতিত কিদৰে তেওঁৰ ব্যক্তিগত জীৱন আৰু সংসাৰ প্ৰভাৱিত হৈছিল-তাকেই মূলত: দেখুওৱা হয়৷ ইয়াৰ লগতে ছবিৰ কাহিনীটোত আন্দোলনৰ সময়ত অসমৰ ছাত্ৰ সমাজৰ ভূমিকা, সংগীত-শিল্পীৰ অৰিহণা, স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ, প্ৰেম-প্ৰতাৰণা, আৰক্ষী-প্ৰশাসনৰ কঠোৰ আৱেষ্টনী ইত্যাদি একাধিক দিশত আলোকপাত কৰা হয়৷১

কলা-কুশলী

অভিনয়ত

  • দিলীপ ভাগৱতীৰ চৰিত্ৰত তপন দাস
  • অন্তৰা ভাগৱতীৰ চৰিত্ৰত অৰ্পণা দত্ত চৌধুৰী
  • প্ৰদীপ দত্তৰ চৰিত্ৰত পবিত্ৰ বৰুৱা
  • বন্তি দত্তৰ চৰিত্ৰত জ্বলি লস্কৰ
  • গৌতম শৰ্মাৰ চৰিত্ৰত জুবিন গাৰ্গ
  • বাবলুৰ চৰিত্ৰত দীপাংকৰ দত্ত বৰুৱা
  • বৰষা শইকীয়াৰ চৰিত্ৰত ধ্যানি মোহন

আন বিভাগত

  • কলা নিৰ্দেশনা: বিচিত্ৰ বৰা, মানস বৰঠাকুৰ
  • সাজ-সজ্জা: জুৰি ৰাণী নাথ
  • ৰূপ-সজ্জা: বিশ্বজিৎ কলিতা, প্ৰিয়াংশু ৰাজবংশী

মুক্তি

ছবিখনে ২০২৪ চনৰ ২২ মাৰ্চত অসমৰ ছবিগৃহত মুক্তি লাভ কৰে৷ ২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ মেনা, উৎপল. (এপ্ৰিল ২০২৪). ৱাইড এংগল. ৰূপালী পৰ্দা ডট কম
  2. ↑ (19 march 2024). Wide Angle. Times of India

সম্পৰ্কিত শ্ৰেণী

২০২৪ বৰ্ষৰ চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰচলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাইড এংগল (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৪৯২২ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।