কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰাগ ভৈৰৱী (হিন্দুস্থানী)
ভৈৰৱী (হিন্দী: भैरवी,, সিন্ধী: راڳ ڀيروي, বাংলা: ভৈৰবী) হৈছে ভৈৰৱী ঠাটৰ এটি হিন্দুঃস্থানী শাস্ত্ৰীয় সপ্ত স্বৰ (সম্পূৰ্ণ) ৰাগ। পশ্চিমীয়া সংগীতৰ দৃষ্টিভংগীৰে, ৰাগ ভৈৰৱীয়ে ফ্ৰিজিয়ান মোডৰ স্বৰ ব্যৱহাৰ কৰে, যি পৰম্পৰাগত ইউৰোপীয় গীৰ্জা মোডসমূহৰ এটি।
-
ৰাছিয়াৰ লোকনৃত্য
ৰাছিয়ান লোকনৃত্য ৰাছিয়ান সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কিছুমান অনন্য বৈশিষ্ট্যৰ পৰা অনুমান কৰিব পাৰি যে, ইয়াৰ বহুতো উপাদান ৰাছিয়াৰ আদিম জনসাধাৰণে বিকশিত কৰিছিল।
-
ৰাজকুমাৰী (চলচ্চিত্ৰ)
ৰাজকুমাৰী (বাংলা: ব়াজকুমাব়ী) হ’ল সলিল সেনৰদ্বাৰা ৰচিত আৰু পৰিচালিত ১৯৭০ চনৰ এখন ভাৰতীয় বাংলা ভাষাৰ মচলা ছবি। লোকনাথ চিত্ৰমন্দিৰৰ বেনাৰত দেবেশ ঘোষ আৰু ৰঞ্জনা ঘোষৰদ্বাৰা প্ৰযোজিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে উত্তম কুমাৰ আৰু তনুজাই।
-
ৰাজপুণ্যাহ
ৰাজপুণ্যাহ (ৰাজপুণ্যাহ) হৈছে এটা পৰম্পৰাগত উৎসৱ য’ত বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ জনগণে নিজৰ গ্ৰাম্য ৰাজা বা উপজাতীয় ৰাজাৰ ওচৰত কৰ আদায়ৰ বাবে একত্ৰিত হয়। এই উৎসৱটো সাধাৰণতে প্ৰতি পাঁচ বছৰে বা ছয় বছৰে অনুষ্ঠিত হয়, যদিও পূৰ্বতে প্ৰতিবছৰেই কৰা হৈছিল।
-
ৰাজমতী (গীত)
ৰাজমতী (নেপালী: राजमति) এক বিফল প্ৰেমৰ সন্ধানৰ বিষয়ে লিখা এটা পৰম্পৰাগত নেপালী বেলাড, আৰু ই নেপালৰ নেৱাৰ সমাজৰ আটাইতকৈ পৰিচিত গীত। সেতুৰামৰ দ্বাৰা লিখা এই গীতটো ১৯০৮ চনত ৰচনা কৰা হৈছিল।
-
ৰাজস্থানৰ সংস্কৃতি
ৰাজস্থানৰ সংস্কৃতি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৰাজস্থান ইয়াৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, জীৱন্ত পৰম্পৰা আৰু ঐতিহাসিক গুৰুত্বৰ বাবে জনাজাত। বিগত সহস্ৰাব্দত বিকশিত হোৱা ৰাজস্থানৰ সংস্কৃতি হৈছে সংগীত, নৃত্য, ৰন্ধনপ্ৰণালী, উৎসৱ, কলা আৰু স্থাপত্যকে ধৰি বিভিন্ন সাংস্কৃতিক উপাদানেৰে ভৰপূৰ।
-
ৰাজা ৰাম মোহন ৰায় বঁটা
ৰাজা ৰাম মোহন ৰায় বঁটা ভাৰতৰ প্ৰেছ কাউন্সিলে ভাৰতৰ সাংবাদিকতাত সৰ্বাধিক উৎকৃষ্টতা প্ৰদৰ্শন কৰাসকলক প্ৰতি বছৰে প্ৰদান কৰা বঁটা। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে ১৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠানত ইয়াক উপস্থাপন কৰা হৈছিল।
-
ৰাজিনী গাবাৰা পূজা
ৰাজিনী গাবাৰা পূজা ডিমাছাসকলৰ এক লোক উৎসৱ। এইগৰাকী দেৱীৰ জনপ্ৰিয় নাম ৰণচণ্ডী দেৱী। ৰণচণ্ডী এখন দৈৱপ্ৰাপ্ত তৰোৱাল। এইখন তৰোৱাল এটি সাপৰ পৰা সৃষ্টি হৈছে বুলি তেওঁলোকে বিশ্বাস কৰে। তৰোৱালখনৰ সৈতে এটি জনশ্ৰুতি বিজড়িত হৈ আছে।
-
ৰাজী (চলচ্চিত্ৰ)
ৰাজী ( Raazi; অনুবাদ. চুক্তি/গোপনীয়) হৈছে ২০১৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চোৰাংচোৱা থ্ৰিলাৰ ছবি। যাৰ পৰিচালক মেঘনা গুলজাৰ আৰু বিনীত জৈন, কৰণ জোহৰ, হিৰু যশ জোহৰ আৰু অপূৰ্ব মেহতাৰ প্ৰযোজক জংগলী পিকচাৰ্ছ আৰু ধৰ্ম প্ৰডাকচনৰ বেনাৰত।
-
ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়
আঞ্চলিক প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ছাৱাই মাধোপুৰ বা ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয় (Rajiv Gandhi Regional Museum of Natural History) ভাৰতৰ চতুৰ্থ আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়, য’ত ভাৰতৰ পশ্চিম অঞ্চলৰ উদ্ভিদ, জীৱ-জন্তু আৰু ভূতত্ত্বৰ প্ৰদৰ্শন হয়।
-
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয় (State Archaeological Museum ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত আৰু ১৯৬২ চনত প্ৰতিষ্ঠা হোৱা এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ইয়াত চুছুনীয়া (বাঁকুৰা) আৰু অন্যান্য স্থানৰ পৰা উদ্ধাৰ হোৱা প্ৰাচীন, মধ্য আৰু উত্তৰ পাষাণ যুগৰ বিৰল উপকৰণ, পাণ্ডু ৰাজাৰ ধীবি (বৰ্ধমান)ৰ পৰা সংগৃহীত…
-
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ (State Museum, Lucknow) ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ উত্তৰ প্ৰদেশত অৱস্থিত এটা বিশিষ্ট সংগ্ৰহালয়। এই সংগ্ৰহালয়টো লক্ষ্ণৌৰ বানাৰসী বাগৰ নবাব ৱাজিদ আলী শ্বাহ জুল’জিকেল গাৰ্ডেনত অৱস্থিত।
-
ৰাটো মচ্ছিন্দ্ৰনাথ যাত্ৰা
ৰাটো মচ্ছিন্দ্ৰনাথ যাত্ৰা, (रातो मच्छिन्द्रनाथको रथयात्रा) বুংগা দ্যাঃ যাত্ৰা নামেৰেও জনাজাত যাত্ৰা হৈছে নেপালৰ ললিতপুৰত অনুষ্ঠিত হোৱা নেপালী ৰথ উৎসৱ। মহানগৰীৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান আৰু দেশৰ ভিতৰতে পালন কৰা আটাইতকৈ দীঘলীয়া ৰথ উৎসৱ।
-
ৰাতি সেৱা
ৰাতি সেৱা বা ভিতৰপকীয়া (পকা) অনুষ্ঠান হৈছে আহোম সমাজত কেৱলীয়া পন্থা বা ভিতৰসেৱা মানি চলা এক তান্ত্ৰিক বৌদ্ধ-বৈষ্ণৱ আৰু হিন্দু মতৰ সময়ত গঢ়ি উঠা এক ধৰ্মীয় কৃষ্টি। এনে ভিতৰপকীয়া সদৃশ-বৈষ্ণৱ তথা তান্ত্ৰিক সেৱা আহোম সকলৰ লগতে, পৰম্পৰাগত ভাৱে উজনি অসমৰ অন্যান্য সম্প্ৰদায়সমূহৰ মাজতো প্ৰচলিত।
-
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ'(ৰাধা আৰু কৃষ্ণই ফুলৰ বাগিচা এখনত খোজ কাঢ়িছে) হৈছে প্ৰায় ১৭২০ চনত দ্য কোটা মাষ্টাৰ নামেৰে জনাজাত এজন অচিনাক্ত শিল্পীৰ এখন চিত্ৰ। ই মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্ট, / এছিয়ান আৰ্টত সংগ্ৰহিত হৈ আছে।
-
ৰাভাসকলৰ পূজা-পাতল
ভাৰতবৰ্ষৰ উওৰ পূৰ্বাঞ্চলত বসবাস কৰা বৃহৎ মংগোলীয় গোষ্ঠীৰ বিশেষ শাখা হ'ল ৰাভা জনজাতীয় লোকসকল। বিশেষকৈ অসম, মেঘালয়, পশ্চিমবংগ, কোচবিহাৰ, জলপাইগুৰি জিলাৰ বিভিন্ন ভৌগোলিক অঞ্চলৰ বসবাস কৰে ৰাভা সকল। ৰাভা সকলোৰ ধৰ্মীয় আৰু সংস্কৃতিক জীৱন অতিশয় বৈচিত্ৰ্যময়।
-
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ (Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre) ভাৰতৰ কলকাতাৰ ১০৫ বিবেকানন্দ ৰোডত অৱস্থিত। এই ঘৰতে স্বামী বিবেকানন্দৰ (তেতিয়া নৰেন্দ্ৰনাথ দত্ত বুলি কোৱা হৈছিল) ১৮৬৩ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰে।
-
ৰাষ্ট্ৰীয় ডেংগু দিৱস
ৰাষ্ট্ৰীয় ডেংগু দিৱস ( National Dengue Day) হৈছে এক ডেংগু সজাগতা দিৱস। ভাৰতত প্ৰতি বছৰে ১৬ মে’ তাৰিখে 'ৰাষ্ট্ৰীয় ডেংগু দিৱস' পালন কৰা হয়। এয়া ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ।
-
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক বা ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক (National Salt Satyagraha Memorial) বা দাণ্ডী স্মাৰক ভাৰতৰ গুজৰাটৰ ডাণ্ডী নামৰ এখন গাঁৱত অৱস্থিত এক স্মৃতিসৌধ। এই স্মাৰকৰ দ্বাৰা লোণ সত্যাগ্ৰহৰ অংশগ্ৰহণকাৰীসকলক সন্মান জনোৱা হয়।
-
ৰিঅ' (চলচ্চিত্ৰ)
ৰিঅ’ (ইংৰাজী: Rio) হৈছে ২০১১ চনৰ এখন সংগীতধৰ্মী হাস্যমধুৰ আমেৰিকান ত্ৰিবিমীয় এনিমেটেড এডভেঞ্চাৰ চলচ্চিত্ৰ। ইয়াক ৰিঅ’: দ্য মুভি বা দ্য ৰিঅ’ মুভি হিচাপেও জনা যায়। ব্লু স্কাই ষ্টুডিঅ'জে নিৰ্মাণ কৰা ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহা।
-
ৰিপাব্লিক টিভি
ৰিপাব্লিক টিভি (Republic TV) এক ইংৰাজী ভাষাৰ ভাৰতীয় বাতৰি চেনেল যি এআৰজি আউটলায়াৰ এছিয়ানেট নিউজৰ মালিকানাধীন। এই কোম্পানী অৰ্ণৱ গোস্বামীৰ দ্বাৰা সমৰ্থিত। এই চেনেল ৬ মে' ২০১৭ত উদ্বোধিত হ'ল।
-
ৰিৱায়ত
ৰিৱায়ত (Riwayat) (অনুবাদঃ পৰম্পৰা) হ'ল ২০১০ চনত বিজয় পাটকাৰৰ দ্বাৰা পৰিচালিত আৰু অজয় ৰানে আৰু সঞ্জয় পাটোলেৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বোলছবি। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে খালিদ ছিদ্দিকী, সমপিকা দেৱনাথ, সৌৰভ ডুবে আৰু সলিল অংকোলাই। ছবিখন ভাৰতত কন্যা ভ্ৰূণহত্যা বিষয়ৰ ওপৰত আধাৰিত।
-
ৰীতা গাংগুলী
ৰীতা গাংগুলী ( Rita Ganguly) ভাৰতীয় ধ্ৰুপদী কলাৰ এগৰাকী সাধক। তেওঁ এগৰাকী নিপুণ নৃত্যশিল্পী, সংগীতজ্ঞ আৰু কণ্ঠশিল্পী আৰু ২০০০ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ আৰু ২০০৩ চনত “পদ্মশ্ৰী’’ সন্মান লাভ কৰে৷ তেওঁ অভিনেত্ৰী মেঘনা কোথাৰীৰ মাতৃ আৰু ৰবীন্দ্ৰ সংগীত গায়িকা গীতা ঘটকৰ কনিষ্ঠ ভগ্নী।
-
ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।
-
ৰুহী (চলচ্চিত্ৰ)
ৰুহী (Roohi) হৈছে ২০২১ চনত হাৰ্দিক মেহতাৰ পৰিচালিত আৰু দীনেশ বিজানৰ প্ৰযোজক মেডক ফিল্মছ বেনাৰত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হৰৰ ছবি। ইয়াত হানিমুনত কইনাক অপহৰণ কৰা ভূতৰ কাহিনী কোৱা হৈছে। ছবিখনত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও, জাহ্নৱী কাপুৰ আৰু বৰুণ শৰ্মাই।
-
ৰূপৰেখা বেনাৰ্জী
ৰূপৰেখা বেনাৰ্জী ( Ruprekhay Banerjee) এগৰাকী ভাৰতীয় সংগীতকাৰ। তেওঁ ভাৰতৰ জনপ্ৰিয় টেলিভিছন শ্ব’ ফেম গুৰুকুলৰ তিনিগৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম, য’ত আন দুজন আছিল ৰেক্স ডিছুজা আৰু কাজী তৌকিৰ। ২০০৫ চনৰ ২০ অক্টোবৰত তেওঁ তৌকিৰৰ সৈতে শীৰ্ষ পুৰস্কাৰ লাভ কৰে।
-
ৰেনে বণ্ড
ৰেনে বণ্ড (১১ অক্টোবৰ ১৯৫০ – ২ জুন ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। বণ্ডই ১৯৬০ চনৰ শেষৰফালে হেৰী নোভাকে নিৰ্মাণ কৰা ছফ্টকোৰ এক্সপ্লইটেচন চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৭০ চনৰ আৰম্ভণিতে হাৰ্ডকোৰ চলচ্চিত্ৰলৈ গতি কৰিছিল।
-
ৰেহানা চুলতান
ৰেহানা চুলতান ( Rehana Sultan ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৭০ চনৰ প্ৰশংসিত ছবি দস্তকৰ মূল চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII) স্নাতক।
-
ৰোগান চিত্ৰশৈলী
ৰোগান চিত্ৰশৈলী ভাৰতৰ গুজৰাট আৰু আফগানিস্তানৰ বামিয়ান অঞ্চলত প্ৰচলিত কাপোৰৰ ওপৰত ছপাকৰা একপ্ৰকাৰৰ পাৰম্পৰিক চিত্ৰশৈলী। এই চিত্ৰকলা ৰোগান কলা, ৰোগান ছাপ আৰু ৰং ৰোগান আদি ভিন ভিন নামেৰে পৰিচিত। ৰোগান চিত্ৰশৈলী মূলতঃ তিনি প্ৰকাৰৰ।
-
ৱমেন (১৯১৮ চনৰ চলচ্চিত্ৰ)
ৱমেন (ইংৰাজী: Woman), যিখন ইয়াৰ ফৰাচী শীৰ্ষক 'ল’এটাৰ্নেল টেণ্টাট্ৰিচ' নামেৰেও জনাজাত, হ'ল ১৯১৮ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান নিৰ্বাক নাট্যধৰ্মী চলচ্চিত্ৰ। মৰিচ টুৰ্ণিয়াৰৰ দ্বাৰা পৰিচালিত এইখন এখন ৰূপকধৰ্মী চলচ্চিত্ৰ য’ত বিভিন্ন সময়ৰ মাজেৰে নাৰীৰ কাহিনী প্ৰদৰ্শন কৰা হৈছে।