অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ওনাম

ওনাম (ഓണം; Ōṇaṁ) দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক উৎসৱ। ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ওনাম আগষ্ট-ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ওনাম (ഓണം; Ōṇaṁ) দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক১২৩ উৎসৱ।৪৫ ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ওনাম আগষ্ট-ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয়।৬৭ এই উৎসৱ ৰজা মহাবালিৰ স্মৰণ কৰিবলৈ পালন কৰা হয়। জনশ্ৰুতি মতে তেওঁৰ আত্মাই ওনামৰ সময়ত কেৰালা ভ্ৰমণ কৰিবলৈ আহে।৮৭

ওনাম কেৰালাৰ আৰু কেৰালাৰ বাহিৰৰ বসবাস কৰা মালয়ালী লোকসকলৰ বাবে মুখ্য বাৰ্ষিক অনুষ্ঠান। ই একপ্ৰকাৰৰ শস্য চপোৱাৰ উৎসৱ। ই কেৰালাৰ বিষু আৰু থিৰুভাথিৰাৰ সৈতে তিনিটা মুখ্য উৎসৱৰ অন্যতম।৯ ওনাম উদযাপনৰ লগত ভাল্লাম কালি (নৌকা প্ৰতিযোগিতা), পুলি কালি (বাঘ নৃত্য), পুকালাম নামৰ ফুলৰ আল্পনা, ওনাথাপ্পান (পূজা), ওনাম কালি, ৰছী টনা, থাম্বি থুলাল (মহিলাসকলৰ নৃত্য), কুমতি কালি (মুখা নৃত্য), ওনাথাল্লু (সমৰ কলা), ওনাভিল্লু (সংগীত), কাজচাক্কুলা, ওনাথাপ্পান (সাজপাৰ) আৰু এথাছামায়াম (লোকনৃত্য আৰু গীত) আদি জড়িত আছে।১০ ওনাম মালয়ালী সকলৰ নৱবৰ্ষৰ দিন।১১১২

'উথৰডম' অৰ্থাৎ ওনামৰ এদিন আগৰ পৰা মুঠ চাৰি দিন কেৰালাত ৰাজহুৱা ছুটিৰ দিন।১৩ ৰাজধানী থিৰুঅনন্তপুৰমৰ প্ৰায় ৩০টা স্থানত বৃহৎ পৰিসৰৰ ওনাম অনুষ্ঠিত কৰা হয়।১৪ বিশ্বত সিঁচৰত হৈ থকা মালয়ালী সকলে নিজ নিজ দেশত উলহ-মালহেৰে ওনাম উদযাপন কৰে।৭ যদিও ইয়াৰ উৎস হিন্দু ধৰ্মৰ পৰা লাগিছে ওনাম কেৰালাৰ সকলো সম্প্ৰদায়ৰ এক সাংস্কৃতিক মহোৎসৱ হিচাপে পালন কৰা হয়।৭১৫১৩

তথ্যসূত্ৰ

  1. ↑ Editors of Encyclopaedia Britannica. (1974). The New Encyclopaedia Britannica. Encyclopaedia Britannica. পৃ. 534. ISBN 978-0-85229-290-7, Quote: "Onam, Hindu festival in Kerala State, India."
  2. ↑ Elaine Chase; Grace Bantebya-Kyomuhendo. (2015). Poverty and Shame: Global Experiences. Oxford University Press. পৃ. 312. ISBN 978-0-19-968672-8, Quote: "Onam (Hindu festival)"
  3. ↑ Caroline Osella; Filippo Osella. (2006). Men and Masculinities in South India. Anthem Press. পৃ. 174. ISBN 978-1-84331-232-1, Quote: "The 2000 Onam (Hindu festival) special edition of..."
  4. ↑ newsable.asianetnews.com/india/why-onam-is-celeb
  5. ↑ www.thehindu.com/news/cities/Delhi/an-experienti
  6. ↑ Onam Festival, The Society for Confluence of Festivals of India (2015)
  7. ↑ Cush, Denise; Robinson, Catherine; York, Michael. (2012). Encyclopedia of Hinduism. Routledge. পৃ. 573–574. ISBN 978-1135189792
  8. ↑ J. Gordon Melton. (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 659. ISBN 978-1-59884-206-7
  9. ↑ Peter J. Claus; Sarah Diamond; Margaret Ann Mills. (2003). South Asian Folklore: An Encyclopedia. Taylor & Francis. পৃ. 454. ISBN 978-0-415-93919-5
  10. ↑ M. Nazeer. (10 August 2010). The abiding lore and spirit of Onam. The Hindu
  11. ↑ Filippo Osella; Caroline Osella. (2013). Islamic Reform in South Asia. Cambridge University Press. পৃ. 152. ISBN 978-1-107-27667-3, Quote: "Onam [Malyali Hindu new year] (...)"
  12. ↑ Denise Cush; Catherine Robinson; Michael York. (2012). Encyclopedia of Hinduism. Routledge. পৃ. 573–574. ISBN 978-1-135-18978-5
  13. ↑ Selvister Ponnumuthan. (1996). The Spirituality of Basic Ecclesial Communities in the Socio-religious Context of Trivandrum/Kerala, India. Gregorian Press. পৃ. 210–212. ISBN 978-88-7652-721-0
  14. ↑ Onam Celebrations
  15. ↑ Malayali Muslim man celebrates Onam after a preacher calls the festival 'haram', India Today, Shreya Biswas (12 September 2016); Mahabali comes calling, The Hindu, Neeti Sarkar (5 September 2014)

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওনাম” প্ৰবন্ধৰ সংশোধন ৬৩৯৫১৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।