ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা) (Waka Waka (This Time for Africa)) এটা বিশেষ ধৰণৰ গীত। কলম্বিয়া আৰু বিশ্বৰ অতি জনপ্ৰিয় গায়িকা আৰু গীতিকাৰ ছাকিৰাই দক্ষিণ আফ্ৰিকাৰ বেণ্ড গ্ৰুপ ফ্ৰেছলিগ্ৰাউণ্ডৰ সৈতে গীতটি পৰিৱেশন কৰে। এই গীতটিয়ে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ফুটবল খেলৰ আনুষ্ঠানিক গীত হিচাপে মৰ্যাদা লাভ কৰিছিল। ইয়াৰ বাহিৰেও গীতটি স্পেনিছ ভাষাত পৃথকে ৰচনা কৰা হৈছে। তাত গীতটিৰ শিৰোনাম থোৱা হৈছিল ৱাকা ৱাকা (এস্তো এচ আফ্ৰিকা)।১
প্ৰেক্ষাপট
ৱাকা ৱাকা গীতটি আফ্ৰিকান সৈন্যৰ পৰম্পৰাগত জামিনা মিনা (জাংগালিৱা) গীতটিৰ আধাৰত ৰচনা কৰা হৈছিল। মাকোছাই ১৯৮৬ চনত কেমেৰুণৰ গোল্ডেন চাউণ্ড বেণ্ড গ্ৰুপৰ বাবে এই গীতটি গাইছিল।
শ্বাকিৰা-জন হিলৰ সুৰ আৰুজন হিলৰ সহ-পৰিচালনাত ৱাকা ৱাকা গীতটি ৰচিত হৈছিল।২ ট্ৰেকটোত সংযুক্ত সুৰ ১৯৮৬ চনৰ কেমেৰুণৰ বেণ্ড ডাল গোল্ডেন চাউণ্ডৰ জামিনা মিনা (জাংগালিৱা) গীতৰ পৰা লোৱা হৈছে। আফ্ৰিকান-কলম্বিয়ান বাদ্যযন্ত্ৰ, ছ’কা বিট আৰু দক্ষিণ আফ্ৰিকান গীটাৰৰ সহযোগত পৰিৱেশন কৰা এই গীতটিয়ে সকলোৰে মন মুহিছিল। গীতটোৱে আফ্ৰিকান সুৰ-লয়ত তৰঙ্গায়িত ছন্দৰ জৰিয়তে আয়োজক মহাদেশখনৰ গতি আৰু শক্তি প্ৰদৰ্শন কৰিছে।৩ শ্বাকিৰাৰ নিম্নমুখী জি৩-ৰ পৰা উচ্চ মাত্ৰাৰ এ৫-ৰ স্তৰত কণ্ঠৰ স্বৰেৰ সৈতে সামঞ্জস্য ৰাখি ডি মেজৰ লয়ৰ সহযোগত সুৰাৰোপিত কৰা হয়। বৰ্তমান সময়ৰ স্বাক্ষৰ ব্যৱহাৰ কৰি গীতটি সন্নিৱেশ কৰা হৈছে। ইয়াত প্ৰতি মিনিটত ১২৮ বিট ব্যৱহাৰ কৰা হৈছে। শ্বাকিৰাৰ নিম্নমুখী জি৩-ৰ পৰা উচ্চ মাত্ৰাৰ এ৫ স্তৰত কণ্ঠৰ স্বৰৰ সৈতে সামঞ্জস্য ৰাখি ডি মেজৰ লয়ৰ সহযোগত সুৰাৰোপিত কৰা হৈছে।
গ্ৰহণযোগ্যতা
২০১০ চনৰ ১১ মে’ত এই গীতটিয়ে মুক্তি লাভ কৰিছিল। ডিজিটেল ডাউনলোডৰ পাছতেই এই গীতটোৱে ইতিবাচক সঁহাৰি লাভ কৰে। সংগীতপ্ৰেমী শ্ৰোতা আৰু দৰ্শকৰ পৰা গীতটিয়ে ভাল সমাদৰ লাভ কৰে। ইয়াৰ ফলত এই গীতটিয়ে বিশ্বজুৰি অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল।২
সেই সময়ত ৱাকা ৱাকা গীতটি বিপুলভাৱে বিক্ৰী হৈছিল। বিশ্বজুৰি এই গীতটিৰ চল্লিশ নিযুততকৈও অধিক কপি বিক্ৰী হয়। ফলত ই ডিজিটেল যুগৰ সৰ্বাধিক বিক্ৰী হোৱা আৰু দ্ৰুত বিক্ৰী হোৱা বিশ্বকাপৰ থিম গীত হিচাপে পৰিগণিত হয়।
তথ্যসূত্ৰ
- ↑ Anderson, Sara D. (2010-04-30). Shakira Records Official Song for 2010 FIFA World Cup. Aolradioblog
- ↑ (2010-04-30). Shakira's Records Official Fifa World Cup 2010 Song. Shakira.com
- ↑ (2010-05-05). Shakira's soccer anthem doesn't impress some fans. Thedailyinquirer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৯৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।