অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতৰ শাস্ত্ৰীয় নৃত্য

ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়, এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়। উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে।

হালনাগাদ: ২ নৱেম্বৰ ২০২৪ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়,১২৩ এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়।৪৫৬'''

উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে। সংগীত নাটক একাডেমীয়ে বৰ্তমান আঠটা নৃত্য শৈলীক শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰিছে।৭ এই নৃত্য শৈলীকেইটা হৈছে: ওড়িছী (ওড়িশা), কথক (উত্তৰ প্ৰদেশ), কথাকলি (কেৰালা), কুচিপুড়ি (অন্ধ্ৰপ্ৰদেশ), ভাৰতনাট্যম (তামিলনাডু), মণিপুৰী (মণিপুৰ), মোহিনীঅট্টম (কেৰালা), আৰু সত্ৰীয়া (অসম)।৮ ড্ৰিড ৱিলিয়ামছৰ দৰে গৱেষকে ছৌ (পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা), যক্ষগণ (কৰ্ণাটক) আৰু ভাগৱত মেলা (তামিলনাডু)-কো শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়ে।৩৯ আনহাতে, ভাৰতীয় সংস্কৃতি মন্ত্ৰালয়ে ছৌ নৃত্যক ইয়াৰ শাস্ত্ৰীয় নৃত্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে।

নৃত্যশাস্ত্ৰ মতে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দুটা মূল ৰূপ হৈছে- ১/লাস্য আৰু ২/তাণ্ডৱ।

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Julius Lipner. (2012). Hindus: Their Religious Beliefs and Practices. Routledge. পৃ. 206. ISBN 978-1-135-24061-5
  2. ↑ Jean Holm; John Bowker. (1994). Worship. Bloomsbury Academic. পৃ. 85. ISBN 978-1-85567-111-9
  3. ↑ Frank Burch Brown. (2013). The Oxford Handbook of Religion and the Arts. Oxford University Press. পৃ. 195–196. ISBN 978-0-19-972103-0
  4. ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃ. 467. ISBN 978-0-8239-3180-4
  5. ↑ Ragini Devi 1990, পৃ. 60-68
  6. ↑ Mohan Khokar. (1984). Traditions of Indian classical dance. Clarion Books. পৃ. 57–58
  7. ↑ Sarwal, Amit; Walker, David. (2015). Staging a Cultural Collaboration: Louise Lightfoot and Ananda Shivaram. Dance Chronicle. পৃ. 305–335
  8. ↑ Bishnupriya Dutt; Urmimala Sarkar Munsi. (2010). Engendering Performance: Indian Women Performers in Search of an Identity. SAGE Publications. পৃ. 216. ISBN 978-81-321-0612-8
  9. ↑ Williams 2004, পৃ. 83-84

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শাস্ত্ৰীয় নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ শাস্ত্ৰীয় নৃত্য” প্ৰবন্ধৰ সংশোধন ৪৪২৪১২ (২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।