অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

থিয়েটাৰ

থিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা) এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয়ংসম্পূৰ্ণ নাটকৰ ওপৰত বিশেষভাবে গুৰুত্ব…

হালনাগাদ: ২০ এপ্ৰিল ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
নিউয়ৰ্ক ষ্টেট থিয়েটাৰৰ অভ্যন্তৰ, নিউয়ৰ্ক
নিউয়ৰ্ক ষ্টেট থিয়েটাৰৰ অভ্যন্তৰ, নিউয়ৰ্কছবি: David Shankbone · CC BY 2.5

থিয়েটাৰ হৈছে দৰ্শকৰ সম্মুখত স্থাপিত মঞ্চ বা পটত অভিনীত নাটক। ই শিল্পমাধ্যমৰ (পৰিৱেশন কলা) এটি শাখা। দৰ্শক বা শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰা যিকোনো কলাকেই থিয়েটাৰ হিচাপে বিবেচনা কৰা হয় যদিও পৰিৱেশন কলা হিচাপে থিয়েটাৰত সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা সৃষ্ট এক স্বয়ংসম্পূৰ্ণ নাটকৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হয়।১ এটি পৰিবেশনক নাট্যধৰ্মী বা নাটকীয় বোলা হয় যদিহে ই এক বাস্তবানুগ মায়া বা বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে।২ এই দুই বিস্তাৰিত সংজ্ঞা অনুযায়ী কোৱা হয় যে মানৱসভ্যতাৰ প্ৰত্যূষকালতো থিয়েটাৰৰ অস্তিত্ব আছিল, কাৰণ প্ৰত্যেক মানুহৰে চুটিগল্প কোৱাৰ এক স্বাভাবিক প্ৰকৃতিগত প্ৰৱণতা আছে। আৰম্ভণিৰে পৰাই থিয়েটাৰৰ অনেক ৰূপ বা প্ৰকাৰ আছিল; নানান ধৰণৰ কথা, দেহভঙ্গি, গীত, নাচ, দৃশ্য বা ঘটনাৰ ৰূপত প্ৰয়োগ হৈছিল। দৃশ্যগ্ৰাহ্য কলাসহ (চিত্ৰাঙ্কণ, ভাষ্কৰ্য ইত্যাদি) অন্যান্য পৰিৱেশন কলাসমূহকো একমাত্ৰ সমন্বিত কলা হিচাপে থিয়েটাৰে একত্ৰিত কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Encyclopedia Britannica, Volume 28 page 521
  2. ↑ Encyclopedia Britannica, Volume 28 page 561

সম্পৰ্কিত শ্ৰেণী

পৰিবেশ্য কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থিয়েটাৰ” প্ৰবন্ধৰ সংশোধন ৬০১৫৯৪ (২০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।