অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হিয়া দিয়া নিয়া

হিয়া দিয়া নিয়া হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ছবি। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

হিয়া দিয়া নিয়া হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ছবি। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই। চলচ্চিত্ৰখনে বহুল জনপ্ৰিয়তা লাভ কৰি সমগ্ৰ অসমতে আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই চলচ্চিত্ৰখনৰ যোগেদিয়েই অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।১২

কাহিনীৰ সাৰাংশ

ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা। ৩

অভিনয়ত

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতিকাৰ আছিল হেমন্ত দত্ত, দিগন্ত ভাৰতী আৰু জীমণি চৌধুৰী। গীতসমূহত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ, মালবিকা বৰা, তৰালি শৰ্মা, শান্তা উজীৰ, দিগন্ত ভাৰতী, দেবজিৎ চৌধুৰী, চেতনা দাস আৰু হিৰণ্য ডেকাই। এটি থীম্ সংগীতেৰে সৈতে এলবামটিত মুঠ ৮টি গীত সন্নিবিষ্ট আছে।৪ ছবিখনৰ সকলোবোৰ গানেই চিৰসেউজ আৰু জনপ্ৰিয়।

তথ্যসূত্ৰ

  1. ↑ Hiya Diya Niya (2000) – Assamese Film. assams.info
  2. ↑ Released Assamese Films. enajori.com
  3. ↑ “হিয়া দিয়া নিয়া” ৰ সফল ২০ টা বৰ্ষঃ. Rupaliparda
  4. ↑ Hiya Diya Niya. Music India Online

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিয়া দিয়া নিয়া” প্ৰবন্ধৰ সংশোধন ৬২৩৮৯৯ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।