কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পিতা-পুত্ৰ (চলচ্চিত্ৰ)
পিতা-পুত্ৰ (Pita Putra) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ৷ এইখন মুনীন বৰুৱাই এককভাবে পৰিচালনা কৰা প্ৰথম ছবি৷ সংগীত ভূপেন উজীৰৰ৷ মূল ভূমিকাত আছে বিজু ফুকন আৰু প্ৰাঞ্জল শইকীয়া৷ পিতা-পুত্ৰৰ আদৰ্শগত সংঘাটক কেন্দ্ৰ কৰি অমূল্য কাকতিয়ে ৰচনা কৰা অংকুৰ নামৰ গল্প এটাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ…
-
অহেতুক
অহেতুক (Ahetuk) হৈছে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাজ ৰাণী প্ৰডাক্চনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বাণী দাসৰ।
-
আদালত (চলচ্চিত্ৰ)
আদালত (Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। উপদেষ্টা হ’ল স্যামা মেধী৷ মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে।
-
আদালত (ধাৰাবাহিক)
আদালত হ'ল দূৰদৰ্শন চ'নী নাট্য ছেৰিজ। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত পৰাজয় হোৱা নহয়। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়।
-
গানে কি আনে
গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা।
-
চীনা নৱবৰ্ষ
চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়।
-
দোতোৰা
দোতোৰা, দোতৰা বা দোতাৰা আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। সাধাৰণতে ইয়াত দুডাল গুণা লগোৱা থাকে বাবে ইয়াক দোতাৰা বোলে যদিও ইয়াৰ চাৰিডাল বা পাঁচডাল গুণা থকাও দেখা যায়। দক্ষিণ এছিয়া দোতাৰাৰ উৎপত্তিস্থল।
-
পুতলা ঘৰ
পুতলা ঘৰ (Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।
-
প্ৰেম আৰু প্ৰেম
প্ৰেম আৰু প্ৰেম (Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।
-
বীণ
বীণ এডাল তাঁৰত ৰেপি বজোৱা বাদ্য। ই তত বাদ্যৰ অন্তৰ্গত। তাঁৰৰ সলনি অসমীয়া বীণত মুগাৰ সূতাহে ব্যৱহাৰ কৰা হয়। সাধাৰণতে নাৰিকলৰ খোলা, মাটিৰ খোলা, আৰু কাঠ বা বাঁহৰ সৰু খোলাৰ মুখ ভাগ ভেকুলী বা গুঁইৰ ছালেৰে বন্ধ কৰি সেই খোলাৰ লগত প্ৰায় ডেৰ ফুটৰ এডাল কাঠ সংযোগ কৰা হয়।
-
মাজ ৰাতি কেতেকী
মাজ ৰাতি কেতেকী (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।
-
ললিতা
ললিতা (Lalita) ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।
-
অভিযান (চলচ্চিত্ৰ)
অভিযান (Abhijaan) ১৯৭৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশ্বনাথ চাৰিআলিৰ পৰা নিৰ্ম্মাণ হোৱা প্ৰথমখন অসমীয়া কথাছবি। সুজিত সিংহই ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও চিত্ৰগ্ৰহণো কৰিছিল।
-
আমাৰ ঘৰ
আমাৰ ঘৰ (Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল।
-
ঐনিতম
ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।
-
কুশল
কুশল হৈছে ২০০১ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ সৰুপথাৰৰ ৰে'ল দুৰ্ঘটনা আৰু কুশল কোঁৱৰৰ ফাঁচীৰ ঐতিহাসিক ঘটনাৰ আলমত ছবিখন নিৰ্মিত। ১৯৯৮ চনত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
জাৰী
জাৰী মুছলমানসকলৰ এবিধ শোক-গাথা। কৰুণ ৰসাত্মক এই গীতত হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনী বৰ্ণিত হয়। জাৰী শব্দ অৰ্থ শোক কৰা,বেজাৰ কৰা নাইবা কন্দা। সাধাৰণতে মহৰমৰ সময়ত নৃত্য সমদলৰে এই গীত গোৱা হয় যদিও জাৰী গীত গোৱাৰ নিৰ্দিষ্ট বাধা নিষেধ নাই।
-
তিন তাল (তবলা)
তিন তাল তবলাৰ এটি তাল। এই তালক তবলাৰ প্ৰধান তাল বুলিব পাৰি।
-
দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।
-
নিমিলা অংক (চলচ্চিত্ৰ)
নিমিলা অংক (Nimila Anko) ১৯৫৫ চনত মুক্তি পোৱা একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল।
-
পখী (চলচ্চিত্ৰ)
পখী (Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
-
ফিৰিঙতি (চলচ্চিত্ৰ)
ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
বৰ্ফি! (২০১২ চলচ্চিত্ৰ)
বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত (অ’টিষ্টিক)। চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং।
-
মুখা
মুখা (Mask) হৈছে মুখত পৰিধান কৰা এক সামগ্ৰী। মুখা মূলতঃ সুৰক্ষা, ছদ্মাৱেশ, অভিনয়, আৰু মনোৰঞ্জৰ বাবে পৰিধান কৰা হয়। মুখাসমূহ প্ৰাচীন কালৰে পৰা অনুষ্ঠানিক আৰু ব্যৱহাৰিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে।
-
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ বাবে প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে দুই লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।
-
হৃদয় কঁপোৱা গান
হৃদয় কঁপোৱা গান (ইংৰাজী:Hriday Kapowa Gaan) ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নিপন গোস্বামী ইত্যাদি।
-
ৰাগ-বিৰাগ
ৰাগ-বিৰাগ (Rag-Birag) ১৯৯৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ভবেন বৰুৱা আৰু খনিন বৰুৱা প্ৰযোজিত আৰু বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছে শ্বেৰ চৌধুৰীয়ে। মূল চৰিত্ৰত অভিনয় কৰিছে জ্ঞানদা কাকতি, প্ৰাঞ্জল শইকীয়া, সাগৰ সংগম সৰকাৰ, চিমি আদিয়ে।
-
ৰাজ্যিক চলচ্চিত্ৰ বঁটা
ৰাজ্যিক চলচ্চিত্ৰ বঁটা অসম ৰাজ্য চৰকাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট অবদানৰ বাবে আগবঢ়ায়।
-
অনিৰ্বাণ (চলচ্চিত্ৰ)
অনিৰ্বাণ ১৯৮১ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত দ্বিতীয়খন ছবি। ড° শইকীয়াৰ অন্যান্য ছবিৰ দৰে এইখনৰো কাহিনী তেখেতৰে এটা চুটিগল্পৰ পৰা লোৱা হৈছিল। গল্পটো আছিল 'প্ৰহৰী'; ৰচনা কাল ১৯৬০ চন। ছবিখনত কোনো গীত নাছিল।
-
কল্লোল (চলচ্চিত্ৰ)
কল্লোল (Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷