অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নৱৰাত্ৰি

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২০ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গাৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱৰাত্ৰি” প্ৰবন্ধৰ সংশোধন ২৫৩২৩০ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।