অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডেণ্ড্ৰবিয়াম মস্কেটাম

ডেণ্ড্ৰবিয়াম মস্কেটাম বা পাটমুগীফুল (musky-smelling dendrobium; কস্তুৰী গোন্ধযুক্ত ডেণ্ড্ৰবিয়াম) হৈছে ডেণ্ড্ৰ'বিয়াম পৰিয়ালৰ অৰ্কিডৰ এটা প্ৰজাতি। ই এবিধ পৰাশ্ৰয়ী অৰ্কিড। ইয়াক হিমালয় অঞ্চল অৰ্থাৎ উত্তৰ আৰু পূব ভাৰত, উত্তৰ বাংলাদেশ, নেপাল, ভূটান আৰু ইউনানত থলুৱাভাৱে পোৱা যায়।

হালনাগাদ: ২১ জুন ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ডেণ্ড্ৰবিয়াম মস্কেটাম বা পাটমুগীফুল (musky-smelling dendrobium; কস্তুৰী গোন্ধযুক্ত ডেণ্ড্ৰবিয়াম) হৈছে ডেণ্ড্ৰ'বিয়াম পৰিয়ালৰ অৰ্কিডৰ এটা প্ৰজাতি। ই এবিধ পৰাশ্ৰয়ী অৰ্কিড। ইয়াক হিমালয় অঞ্চল অৰ্থাৎ উত্তৰ আৰু পূব ভাৰত, উত্তৰ বাংলাদেশ, নেপাল, ভূটান আৰু ইউনানত থলুৱাভাৱে পোৱা যায়। ইয়াৰ উপৰিও পাটমুগী ফুল ইণ্ডোচাইনা, অৰ্থাৎভিয়েটনাম, থাইলেণ্ড, ম্যানমাৰ, লাওছ আৰু কম্বোডিয়াতো থলুৱাভাৱে উপলব্ধ। অসমতো ই প্ৰাকৃতিকভাৱে হয়।১২৩৪৫৬৭

বিৱৰণ

পাটমুগী অৰ্কিডৰ ফুলসমূহৰ শেঁতা মুগা বা কমলা চানেকীয়া আভাস থকা শেঁতা হালধীয়া বৰণৰ। ভিতৰৰ ফালৰ পাহিত কজলা আভাস থাকে। এডাল পুষ্পঠানিত দহ বা ততোধিক ফুল থাকে। অন্য ডেণ্ড্ৰ'বিয়ামৰ দৰে ইয়াৰ পাতসমূহ মূল ঠাঁৰিডালৰ দুয়োফালে সমভাৱে সজ্জিত। ইয়াক ঘাইকৈ অৰণ্যৰ মাজত গছৰ ডালত পোৱা যায়।

ডেণ্ড্ৰবিয়াম মস্কেটামৰ পৰা আহৰণ কৰিব পৰা দুবিধ দ্ৰৱ্য হৈছে প্লিকাটল বি আৰু ফেনান্থ্ৰিন।৮

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families, 58450, Dendrobium moschatum (Buch.
  2. ↑ I.Barua, Orchid Fl. Kamrup Distr
  3. ↑ Flora of China v 25 p 385, 杓唇石斛 shao chun shi hu, Dendrobium moschatum (Buchanan-Hamilton) Swartz, Neues J. Bot. 1: 94. 1805.
  4. ↑ Hossain, A.B.M. (2002)
  5. ↑ Misra, S. (2004)
  6. ↑ Lucksom, S.Z. (2007)
  7. ↑ Raskoti, B.B. (2009)
  8. ↑ Plicatol B at kanaya.naist.jp/knapsack_jsp

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডঅসমত পোৱা অৰ্কিডসমূহসপুষ্পক উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেণ্ড্ৰবিয়াম মস্কেটাম” প্ৰবন্ধৰ সংশোধন ৬১৩৪৭৭ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।