নৱমল্লিকা হৈছে এবিধ সপুষ্পক উদ্ভিদ। ডালবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আবৰা। পাত বিপৰীতমুখী, সৰল, ১৮ চেমিলৈকে দীঘল আৰু ১০ চেমিলৈকে বহল। বগা ৰঙৰ ৮ বা ৯ পাহিযুক্ত ফুল ফুলে। এপ্ৰিল-মে মাহত ফুল ফুলে।
সাধাৰণ নাম
নৱমল্লিকা ফুলৰ বিভিন্ন ভাষাত বিভিন্ন নাম আছে:
- ইংৰাজী: Shrubby Jasmine
- অসমীয়া: নৱমল্লিকা
- বাংলা: নোবমুল্লিকা
- হিন্দী: बड़ा कुन्द (বড়া-কুন্দ), नवमल्लिका (নবমল্লিকা), धुर-माल्ति (ধুৰ-মাল্তি)
- কানাড়া: adavi mallige, dodda kaadu mallige
- মালায়ালাম: നാഗമല്ലികാ Nagamallika
- মাৰাঠী: Kumdi, Kundi, Kusaara
- উড়িয়া: ବରାକୁନ୍ଦା Barakunda
- সংস্কৃত: नागमल्ली Nagamalli, नवमल्लिका Navamallika
- তামিল: கட்டமல்லிகை Kattumalligai, நாகமல்லீ Nagamalli
- তেলেগু: adavi jaji, adavi malli
- উৰ্দু: Gul-chambeli گل چمیلی
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱমল্লিকা ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৯৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।