জেটুলি পকা (বৈজ্ঞানিক নাম: Rubus moluccanus; ইংৰাজী: Molucca bramble বা broad-leaf bramble১ ) এজোপা বনৰীয়া জোপোহা উদ্ভিদ৷ ২
বিস্তৃতি
জেটুলি পকা অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ পৰা ভিক্টোৰিয়ালৈ আৰু ভাৰতৰ উত্তৰ-পূবত অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত বিস্তৃত হৈ থকা এবিধ থলুৱা উদ্ভিদ৷
বিৱৰণ
জেটুলি পকাৰ গছজোপাই গুৰিৰ পৰা প্ৰসাৰতা লাভ কৰি জোপোহা আকৃতি লয়৷ ইয়াৰ গা-গছ আৰু ঠাল-ঠেঙুলিবোৰৰ উপৰিভাগ ছাই বৰণীয়া হয়৷ গাঠিয়ে গাঠিয়ে হাকুটিৰ দৰে কাঁইট ওলায়৷২
ইয়াৰ পাতবোৰ ২-১৫ ছেমি দীঘল আৰু ৩-১০ ছেমি বহল হয়৷৩ জেটুলি পকাৰ ফুলৰ বৰণ গুলপীয়া আৰু ফুলবোৰ থোাপাথোপে ওলায়৷ ফুলবোৰ পুৰঠ হ’লে মিঠা সোৱাদৰ ফল উৎপন্ন হয়৷২
ব্যৱহাৰ
জেটুলি পকাৰ ফল মানুহে খায়৷ লগতে ফলৰ পৰা জাম আৰু চচ আদিও তৈয়াৰ কৰা হয়৷ তাৰোপৰি ফলত পৰ্য্যাপ্ত পৰিমাণে ভিটামিন চি থকা বাবে জেটুলি পকাৰ পৰম্পৰাগত ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷
বাহ্যিক সংযোগ
- Rubus moluccanus L.. Atlas of Living Australia
তথ্যসূত্ৰ
- ↑ Rubus moluccanus. Australian Native Plants Society (Australia) - ANPSA
- ↑ অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ PlantNET, Rubus moluccanus plant profile
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেটুলি পকা” প্ৰবন্ধৰ সংশোধন ৪২৬৪৩৮ (২৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।