
দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লিউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে বিভিন্ন নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বা দ্ৰোণ শাক বুলিয়ে জনাজাত। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে উপলব্ধ এইবিধ তৃণজাত উদ্ভিদৰ বিভিন্ন ধৰণৰ বনৌষধি গুণ আছে আৰু কৃষিকাৰ্য্যৰ সহায়ক হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।১
ইয়াৰ দুটা প্ৰজাতি - Leucas aspera Linn. আৰু Leucas linifolia Linn. অসমত খাদ্য হিচাবে ব্যৱহাৰ হয়। এই উদ্ভিদৰ পাত সমূহ পৰিস্কাৰ কৰি ভাপত সিজাই বা কম মিঠাতেলত নহৰুৰ লগত ভাজি খোৱা হয়।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দোৰোণ” প্ৰবন্ধৰ সংশোধন ৬১৬৯৩৫ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।