ধতুৰা (বৈজ্ঞানিক নামঃ Dutura metel) এক প্ৰকাৰৰ বিষাক্ত উদ্ভিদ। ইয়াৰ সমস্ত অংশই বিষাক্ত। ধতুৰাত বিপজ্জনক মাত্ৰাত tropane alkaloids নামৰ বিষ আছে। এই গাছৰ বিষক্ৰিয়াত মানুহ বা পশু-পক্ষীৰ মৃত্যু পৰ্যন্ত হব পাৰে। এই কাৰণে বহু দেশত ধতুৰাৰ উৎপাদন, বিপনন আৰু বহন নিষিদ্ধ। বনৰ মাজত বা বাটৰ কাষত বিনাযত্নে এই গছ বাঢ়ি আহে।
ধতুৰাৰ বীজৰ পৰা চেতনানাশক পদাৰ্থ তৈয়াৰ কৰা হয়। আয়ুৰ্বেদিক চিকিৎসাত ইয়াৰ ব্যৱহাৰ হয়। চীনা পাৰম্পাৰিক চিকিৎসা শাস্ত্ৰত বৰ্ণিত পঞ্চাশটা প্ৰধান উদ্ভিদৰ এটা এই ধতুৰা।

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধতুৰা” প্ৰবন্ধৰ সংশোধন ২৪০৫৫৭ (৬ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।