অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জাতি নেউল

জাতি নেউল (Indian grey mongoose, বৈজ্ঞানিক নাম-Urva edwardsii) নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷

হালনাগাদ: ১৩ জানুৱাৰী ২০২২ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

জাতি নেউল (Indian grey mongoose, বৈজ্ঞানিক নাম-Urva edwardsii) নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷

বিৱৰণ

জাতি নেউলৰ দেহৰ আকাৰ মধ্যমীয়া, ছালৰ ৰং ৰঙচুৱা মুগা, ঠেং কেইটা ক'লা চানেকীয়া (Blackish) আৰু ভোবোৰা (bushy) নেজডালৰ আগটো বগা৷১ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৬-৪৫ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৪৫ ছে:মি:৷ জাতি নেউলৰ দেহৰ ওজন প্ৰায় ০.৯-১.৭ কিলোগ্ৰাম৷ ইয়াৰ মতাবোৰৰ দেহৰ আকাৰ মাইকী নেউলতকৈ ডাঙৰ হয়৷

বাসস্থান

জাতি নেউলে মুকলি অৰণ্য, কাইঁটীয়া জোপোাহা, খেতি-পথাৰ আদি অঞ্চলত বাস কৰে৷ ই গাঁত খান্দি, নাইবা শিলাময় অঞ্চলত শিলৰ ফাঁকত বাস কৰে৷

আচৰণ

জাতি নেউল চিকাৰত পটু আৰু ক্ষিপ্ৰ৷ তাৰোপৰি ই গছতো অতি ক্ষিপ্ৰতাৰে বগাব পাৰে৷ ইয়াক সাধাৰণতে অকলশৰে বা যোৰ পাতি চৰা দেখা যায়৷

খাদ্য

নিগনি, সাপ, চৰাইৰ কণী-পোৱালি, জেঠী আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণীসমূহ নেউলৰ প্ৰধান খাদ্য৷

তথ্যসূত্ৰ

  1. ↑ কীৰ্তিনাথ মহন্ত. (২০১৩). অৰণ্য জীৱনৰ ৰোমাঞ্চকৰ কাহিনী. বনলতা. পৃ. ১৪৫-১৪৯

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীমাংসভোজী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতি নেউল” প্ৰবন্ধৰ সংশোধন ৩১০৮০৭ (১৩ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।