তাল বতাহী (Asian Palm Swift, বৈজ্ঞানিক নাম -Cypsiurus balasiensis) এটা সৰু আকাৰৰ ছুইফ্ট গোটৰ চৰাইৰ প্ৰজাতি।
বিৱৰণ
তাল বতাহীৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১৩ ছে:মি: পৰ্যন্ত হয়। ইয়াৰ দেহৰ বৰণ শেঁতা মুগা। ইয়াৰ ডেউকা খুবেই দীঘলীয়া। দেহৰ আকাৰো দীঘলীয়া আৰু দীঘল নেজডাল মাজতে ফটা থাকে। ইয়াৰ মতা আৰু মাইকী দুয়ো দেখাত একে হয়। পোৱালি তাল বতাহী চৰাইৰ নেজডাল চুটি হোৱা দেখা যায়। ১ ইয়াৰ ঠেং একেবাৰে চুটি।
তাল বতাহীৰ মাত ডাঙৰ হয়। ১
বিতৰণ
ই প্ৰধানকৈ বিষুৱীয় এছিয়া অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা ফিলিপাইনলৈকে প্ৰজনন কৰা দেখা যায়।
বাসস্থান
তাল বতাহীক সাধাৰণতে মুকলি অঞ্চল যেনে খেতি-পথাৰ আদিত দেখা পোৱা যায়। ইয়াক Oil Palm উদ্ভিদ থকা অঞ্চলত বেছিকৈ পোৱা যায়।১
আচৰণ
তাল বতাহী চৰায়ে বেছিভাগ সময় উৰিয়েই কটায়। উৰন্ত অৱস্থাতে ইহঁতে পোক-পতংগ ধৰি ভক্ষণো কৰে।১
তথ্যসূত্ৰ
- Compilers: Stuart Butchart, Jonathan Ekstrom. (2008). Asian Palm-swift - BirdLife Species Factsheet. Evaluators: Jeremy Bird, Stuart Butchart. BirdLife International
তথ্যসূত্ৰ
- ↑ Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাল বতাহী” প্ৰবন্ধৰ সংশোধন ৫৪০৬০৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।