নীল কলমৌ ইপমিয়া মৰ্ণিং গ্লৰিৰ এটা প্ৰজাতি। ই নাতিহিতোষ্ণ অঞ্চলৰ থলুৱা উদ্ভিদ। ই প্ৰায় সমগ্ৰ বিশ্বতে বিস্তৃত হৈ থকা এটা প্ৰজাতি। ইয়াৰ অন্য সাধাৰণ নামবোৰ হৈছে, পিকটি মৰ্ণিং গ্লৰি (picotee morning glory), আইভি মৰ্ণিং গ্লৰি (ivy morning glory), আৰু জাপানীজ মৰ্ণিং গ্লৰি (Japanese morning glory)।
কৃষি

পৃথিৱীৰ বহু ঠাইত আলংকাৰিক বৃক্ষ হিচাপে নীল কলমৌৰ খেতি কৰা হয়। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ পাতবোৰ ৩-৮ চেমি দীঘল, তিনিকোণীয়া। নীলা, গুলপীয়া, বগা আদি ভিন্ন ৰঙৰ ফুল ফুলা দেখা যায়। ইয়াৰ কিছুমান কাল্টিভাৰ হৈছে 'Scarlet O'Hara', 'Early Call', and 'Rose Silk' আদি। ১২
ইয়াৰ হাইব্ৰিড প্ৰজাতিও আছে, যেনে I. x imperialis (ইম্পেৰিয়েল জাপানীজ মৰ্ণিং গ্লৰি), Ipomoea nil x imperialis আদি।৩
তথ্যসূত্ৰ
- ↑ Morning Glory Scarlet O'Hara. The National Gardening Association
- ↑ Halpin, Anne. (2007-05-01). TWINERS: Morning glories, moonflowers, and their relatives. Horticulture magazine
- ↑ NaturalPedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীল কলমৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৮৯১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।