পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ অসম, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, হিমালয়ৰ অন্তৰ্ভুক্ত অঞ্চল, নেপাল, ভিয়েটনাম আৰু ফিলিপাইনছত পোৱা এবিধ অৰ্কিড।১২ এই অৰ্কিডবিধ মাটিত গজে। বসন্ত কালৰ শেষৰ ফালে বা গ্ৰীষ্মকালৰ আৰম্ভণিতে ইয়াত বগা ৰঙৰ সুগন্ধি ফুল ফুলে।২
বিৱৰণ
এই অৰ্কিডবিধ সাধাৰণতে সমুদ্ৰপৃষ্ঠৰ ৪৫০-১২০০ মিটাৰ উচ্চতাৰ এঢলীয়া ঠাইত গজে।১ উদ্ভিদজোপা ৩০-৭৭ চেণ্টিমিটাৰ উচ্চতাৰ হ'ব পাৰে।৩ ইয়াৰ পাতবোৰ অৰ্ধবৃত্তাকাৰ আৰু অগ্ৰভাগ জোঙা। পাতবোৰ সামান্য শুং থকা আৰু মখমলৰ দৰে। গা-গছৰ মাজৰ পৰা ওলাই অহা এডাল দীঘলীয়া ঠাৰিত জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত৩ বগা ৰঙৰ ফুল ফুলে।
তথ্যসূত্ৰ
- ↑ Constricted Peristylus. flowersofindia.net
- ↑ Peristylus constrictus (Lindl.) Lindl. 1835. orchidspecies.com
- ↑ Peristylus constrictus. efloras.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৬৭ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।