নাচনী চৰাই১ (White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷
বিৱৰণ
নাচনী চৰাই প্ৰায় ১৯ ছেমি দীঘল। ইয়াৰ এখন ক'লা বিচনী-সদৃশ ফিচা থাকে, অগ্ৰাংশ বগা, আৰু ডিঙি বগা।
বিতৰণ
থলুৱা আৱাস: বাংলাদেশ, ভূটান, কেম্ব'ডিয়া, চীন, ভাৰত, ইন্দোনেচিয়া, লাও পিপ'লছ ডেম'ক্ৰেটিক ৰিপাব্লিক, মালেচিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম।২
আচৰণ
নাচনী চৰায়ে প্ৰায়ে সিহঁতৰ ফিচা নচুৱাই থাকে।
খাদ্য
নাচনী চৰাইবোৰ পতংগভোজী।
প্ৰজনন
নাচনী চৰায়ে গছত সজা সিহঁতৰ সৰু বাঁহত তিনিটাকৈ কণী পাৰে।
তথ্যসূত্ৰ
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাচনী চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৬৯১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।