পৰুৱা পাত বেং (Ornate narrow-mouthed frog, বৈজ্ঞানিক নাম: Microhyla ornata) হৈছে 'Microhylidae' বৰ্গৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।
বিৱৰণ
এই গোটৰ ভেকুলীবোৰৰ আকাৰ সৰু। ইয়াৰ পৃষ্ঠীয় (dorsal) অংশত থকা কাঁড়চিনৰ দৰে দাগটোৰ বাবে এই ভেকুলীবিধক সহজে অন্য প্ৰজাতিৰ পৰা পৃথক কৰিব পৰা যায়। ইহঁতৰ বৰণ সাধাৰণতে হালধীয়া হয় আৰু তাতে গাঢ় মটীয়া বৰণৰ দাগ থাকে।
বিতৰণ
এই ভেকুলীবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে। ইয়াক ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্ৰীলংকা আৰু বাংলাদেশ আদি দেশসমূহত দেখা পোৱা যায়।১

বাসস্থান
পৰুৱা পাত বেং প্ৰধানত: ক্ৰন্তীয় আৰু অৰ্ধক্ৰান্তীয় তথা পৰ্ণপাতী অৰণ্য আৰু চাভানা ঘাঁহনিত দেখা পোৱা যায়। কিছুমান বাসস্থানত ইহঁতক হাতীৰ মলত বাস কৰাও দেখা যায়।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Frost, Darrel R. (2013). Microhyla ornata (Duméril and Bibron, 1841). Amphibian Species of the World 5.6, an Online Reference. American Museum of Natural History
- ↑ Campos-Arceiz, A. (2009). Shit Happens (to be Useful)! Use of Elephant Dung as Habitat by Amphibians. Biotropica. পৃ. 406–407
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰুৱা পাত বেং” প্ৰবন্ধৰ সংশোধন ৩৮১৮৭৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।