পানী অমৰা, ঠোঁটমলা বা ৰহিমলা আৰু নামনি অসমত কেচকেচি গছ নামে জনা যায়৷ কোনো কোনো ঠাইত ই জীয়া গছ নামেৰে পৰিচিত৷ ইয়াৰ বৈজ্ঞানিক নাম Garuga pinnata.১ ই এবিধ পৰ্ণপাতী উদ্ভিদ৷ এছিয়াৰ বিভিন্ন ঠাই যেনে, ভাৰত উপমহাদেশ, দক্ষিণ চীন আৰু ভিয়েটনাম পৰ্যন্ত ইয়াৰ বৃদ্ধি আৰু বিস্তাৰ হোৱা দেখ যায় কোনো প্ৰজাতিৰ তালিকাভূক্ত নোহোৱা এওবিধ গছ ভিয়েটনামত “দৌ হাও’’ dầu heo বুলি কোৱা হয়৷২
বিৱৰণ
পানী অমৰাৰ গছ অতি সহজে গজাব পাৰি৷ ঠাল-ঠেঙুলিৰ পৰাই ইয়াৰ বংশবৃদ্ধি অধিক হয়৷ সাধাৰণতে বালিঅঁহীয়া ঠাইত বা নৈপৰীয়া মাটিত এই গছ হয়৷ কাঠ, খৰিৰ বাবে ব্যৱহাৰ কৰা হয়৷ গছজোপাৰ কোনো অংশ কাটিলে তাৰ পৰা ৰঙচুৱা বৰণৰ আঠা ওলায়৷ অসমত তাঁত শালৰ ৰাঁচত কাঠি ওলাই নাযাবলৈ এই আঠা বহুতে ব্যৱহাৰ কৰা দেখা যায়৷
তথ্যসূত্ৰ
- ↑ Roxburgh W (1819) In: Hort. Bengal 33; Pl. Corom. iii. 5. t. 208; Fl. Ind. ii. 400
- ↑ Roskov Y.; Kunze T.; Orrell T. (2014). Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.. Species 2000: Reading, UK
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী অমৰা” প্ৰবন্ধৰ সংশোধন ৩৮৩৭২৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।