ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গোৱাৰীয়া ভাষা
গোৱাৰীয়া এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজাস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা প্ৰায় ২৫০০০ লোকে কয়, মুখ্যতঃ পাকিস্তানৰ সিন্ধ প্ৰান্তত। তেওঁলোক মুখ্যতঃ হিন্দু ধৰ্মাৱলম্বী।
-
ঘোঁৰা নিদান (গ্ৰন্থ)
ঘোঁৰা নিদান হৈছে ঘোঁৰাৰ বেমাৰ আৰু চিকিৎসা সৰ্ম্পকীয় এখন পুথি। এই পুথিখনৰ ৰচয়িতা গৰাকীৰ নাম পোৱা নাযায় যদিও পুথিখন অসমত আহোম ৰাজত্বৰ কালতে ৰচনা কৰা হৈছিল। পুথিখনৰ বিশেষত্ব এয়েই যে এইখন সৰ্ম্পূণ অসমীয়া ভাষাত ৰচিত প্ৰথম পুথি।
-
চপয়
চপয়( sopoy) এবিধ চতুষ্পদী ছন্দৰ কবিতা ৷ “এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ বেছি আখৰ থাকিব পাৰে আৰু দুই পদৰ শেষৰ আখৰৰ মিল থাকে৷” চপয় পৰস্পৰে মিল হোৱা চাৰি ফাকিৰ এবিধ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তৱ।
-
চপলা বুক ষ্টল
চপলা বুক ষ্টল (Chapala Book Stall) হৈছে শ্বিলং, মেঘালয়ৰ পুলিচ বজাৰৰ কিটিং ৰ’ডত অৱস্থিত এটি নব্বৈ বছৰ পুৰণি গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান। ১৯৩৬ চনৰ ২০ জানুৱাৰী তাৰিখে অসমৰ শ্ৰী ভূমিৰ এগৰাকী গণ্য-মান্য ব্যক্তি বিভুভূষণ চৌধুৰীয়ে এই প্ৰকাশন গোষ্ঠীটি প্ৰতিষ্ঠা কৰিছিল।
-
চাৰিশাল গোসাঁনীৰ তেজ
চাৰিশাল গোসাঁনীৰ তেজ হৈছে অসমীয়া সাহিত্যিক তুলিকা শইকীয়াই চুতীয়া ৰজা নীতিপাল আৰু ৰাণী সাধনীৰ জীৱনক আধাৰ হিচাপে লৈ ৰচনা কৰা এখন অসমীয়া উপন্যাস। এইখন লেখিকাৰ প্ৰথম উপন্যাস আৰু মৃত্যুৰ পূৰ্বে প্ৰকাশিত একমাত্ৰ উপন্যাস।
-
চিত্ৰ চিন্তা
চিত্ৰ চিন্তা (Chitra Chinta) গৌহাটী চাইন ক্লাৱৰ দ্বাৰা বছৰেকীয়া ভাৱে প্ৰকাশিত এখন চলচ্চিত্ৰ আলোচনী। এই আলোচনীখনৰ গুৰিধৰোঁতা আছিল অসমৰ উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতে এই আলোচনীখন প্ৰথমৰ খণ্ড কেইটা নিয়মিতভাৱে প্ৰকাশ কৰিছিল।
-
ছিন্নমস্তাৰ মানুহটো
ছিন্নমস্তাৰ মানুহটো (The Man from Chinnamasta) জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাসখন ২০০১ চনত ষ্টুডেণ্ট ষ্ট’ৰ্চ প্ৰকাশনে প্ৰথমে প্ৰকাশ কৰে আৰু তৃতীয় সংস্কৰণটো প্ৰথম বাৰৰ বাবে চন্দ্ৰ প্ৰকাশনে ২০১১ চনত প্ৰকাশ কৰে।
-
জন্মৰহস্য
জন্মৰহস্য মাধৱদেৱ বিৰচিত এখন তত্ত্বমূলক গ্ৰন্থ। শংকৰদেৱৰ কথামতে মাধৱদেৱে এই গ্ৰন্থ ৰচনা কৰিছিল। ই মাধৱদেৱৰ আগ বয়সৰ ৰচনা। প্ৰথমে এই পুথিত ৭০০ পদ আছিল। পিছত শংকৰদেৱৰ কথামতে পুনৰ লিখি ৪০০ পদত লিখি উলিয়ায়।
-
জলজাহ
জলজাহ অসমীয়া সাহিত্যিক ৰাজীৱ বৰাৰ এখন পাৰিপাৰ্শ্বিক উপন্যাস। এই উপন্যাসখন ২০২২ চনত অসমৰ এটা প্ৰকাশনগোষ্ঠী বনলতাই প্ৰকাশ কৰিছে। ৯৭৮-৯৩-৯৩৮০৫-৯৪-২ আই এছ বি এন সম্বলিত কিতাপখন মুঠ ২৩২ পৃষ্ঠাৰ।
-
জলশংখ
জলশংখ (ইংৰাজী: Jalashankha) প্ৰণৱী গগৈৰ এখন অসমীয়া কবিতা-সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷
-
জিজ্ঞাসা
জিজ্ঞাসা(Jigyasha) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ টা প্ৰবন্ধ আছে। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে পুত্ৰ অনিন্দ্য বৰগোহাঞি(মিঠু) আৰু প্ৰদীপ্ত বৰগোহাঞি(মিকু)ৰ হাতত দেউতাকৰ মৰমৰ উপহাৰ হিচাপে আগবঢ়াইছে।
-
জিন্দাবাদ
জিন্দাবাদ এটা উৰ্দু আৰু ফৰাচী শব্দ। ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱীতা কামনাৰ ক্ষেত্ৰত শ্ল'গান হিচাবে এই শব্দ ব্যৱহাৰ হয়। ইয়াৰ ব্যৱহাৰ মূলতঃ ৰাজনৈতিক। নামৰ পিছত জিন্দাবাদ ব্যৱহাৰ কৰি সেই নামৰ ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱন কামনা কৰা হয়।
-
জীৱন কলা (গ্ৰন্থ)
জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷
-
জীৱন-বৃত্ত
জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত লয়াৰ্চ বুক ষ্টলে ২০০৩ চনত গ্ৰন্থ আকাৰে…
-
জীৱনীকোষ (গ্ৰন্থ)
জীৱনীকোষ (Jiwanikosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাৰ জীৱনী গ্ৰন্থ। ইয়াত দেশ-বিদেশৰ প্ৰায় ১,৪০০ ব্যক্তিৰ জীৱন-টোকা সন্নিৱিষ্ট আছে। ব্যক্তিসকলৰ সম্যক-জীৱন টোকা বস্তুনিষ্ঠভাৱে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি সন্নিৱিষ্ট হৈছে।
-
জীৱনৰ মধুৰতম সময়
জীৱনৰ মধুৰতম সময় (Jibonor Modhurotom Homoi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০১২ চনত।
-
জীৱনৰ সাধনা
জীৱনৰ সাধনা (Jibonor Hadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। লেখকে গ্ৰন্থখন ভবানী দত্ত খৰ্কৱালৰ কৰকমলেষুত আগবঢ়াইছে।
-
জ্যোতিপ্ৰসাদ এজ্ এ ফিল্ম মেকাৰ
জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (Jyotiprasad as a Film Maker) গৌহাটী চাইন ক্লাবৰ সৌজন্যত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ দ্বাৰা ৰচিত আৰু আদি পাব্লিকেশ্যনছৰ ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ৷ এই গ্ৰন্থখনে ২০০৫ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস, শিল্পী দিৱসৰ দিনাখনত মুক্তি পাইছিল৷ গ্ৰন্থখনত…
-
ডাৰউইন (গ্ৰন্থ)
ডাৰউইন (Darwin ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
ডোগ্ৰী লিপি
ডোগ্ৰী লিপি লিপি হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশত জম্মু আৰু কাশ্মীৰত ডোগ্ৰী ভাষা লিখাৰ বাবে ব্যৱহৃত এক লিখন প্ৰণালী।
-
ড্ৰিম অফ দা ৰেড চেম্বাৰ
ড্ৰিম অফ দা ৰেড চেম্বাৰ (হংলৌ মংগ) বা দা ষ্ট’ৰী অফ দা ষ্টোন (শিতু জি) হৈছে ১৮ শতিকাৰ মাজভাগত কাও জুয়েকিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। চীনা সাহিত্যৰ চাৰিখন প্ৰধান ধ্ৰুপদী উপন্যাসৰ ভিতৰত অন্যতম এই উপন্যাসখন ১৮ শতিকাৰ চীনৰ বিশ্বদৃষ্টিভংগী, নান্দনিকতা, জীৱনশৈলী আৰু সামাজিক সম্পৰ্কৰ মানসিক বিশদ বিৱৰণ আৰু…
-
তাম্ৰেশ্বৰীৰ মন্দিৰ (উপন্যাস)
তাম্ৰেশ্বৰীৰ মন্দিৰ ৰজনীকান্ত বৰদলৈ ৰচিত এখন অসমীয়া উপন্যাস। 'অসম হিতৈষী' কাকতত ধাৰাবাহিকভাৱে প্ৰকাশিত এই উপন্যাসখন বৰদলৈয়ে ডিব্ৰুগড়তে ১৯২৬ চনত ৰচনা কৰিছিল।
-
দশানন ৰাৱণ (গ্ৰন্থ)
দশানন ৰাৱণ (Dashanan Ravan) বঙালী ভাষাৰ পৰা অনূদিত এখন অসমীয়া উপন্যাস। উপন্যাসখন ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত। বঙালী সাহিত্যিক ড° দীপক চন্দ্ৰ ৰচিত একে নামৰ উপন্যাসখন অসমীয়া ভাষালৈ গোৱিন্দ প্ৰসাদ ভূঞাই অনুবাদ কৰি ২০১৩ চনত প্ৰথম “অসম পাবলিচিং কোম্পানী”ৰ দ্বাৰা প্ৰকাশ কৰে।
-
দাঁতিপাৰৰ মানুহ
দাঁতিপাৰৰ মানুহ উপন্যাসখন মামাং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensamৰ অসমীয়া অনুবাদ। মূল ইংৰাজী ভাষাত উপন্যাসখনৰ লেখক হৈছে অৰুণাচল প্ৰদেশৰ ঔপন্যাসিক মামাং দাই। এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছে অসমীয়া সাহিত্যিক পৰী হিলৈদাৰীয়ে। এই অনূদিত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ডিচেম্বৰ ২০১৫ চনত।
-
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প হ'ল দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত অসমীয়া কল্পবিজ্ঞান গল্পৰ এক সংকলন। এই সংকলনখনিত জনপ্ৰিয় বিজ্ঞানৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত লেখকগৰাকীৰ কুৰিটা কল্পবিজ্ঞান গল্প অন্তৰ্ভুক্ত কৰা হৈছে।
-
দুলিয়াজান সাহিত্য সভা
সাহিত্য সভাৰ এটা শাখা দুলীয়াজান সাহিত্য সভা। ১৯৬৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে এই শাখা প্ৰতিষ্ঠা হৈছিল। যদিও অসম সাহিত্য সভাৰ এক শাখা হিচাপে দুলীয়াজান সাহিত্য সভাই কাম কৰি আছে তথাপি এই শাখাৰ সৈতে 'শাখা সাহিত্য সভা' লিখা নহয়।
-
দ্য আৰ্ট অফ ৱাৰ
দ্য আৰ্ট অফ ৱাৰ (চীনা: 孫子兵法 (সুঞ্চি বিংফা)) হৈছে চীনৰ এখন প্ৰাচীন সামৰিক গ্ৰন্থ। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত এইখন পুথি ৰচনা কৰা হৈছিল। ইয়াৰ লেখক ছুন চু। যুদ্ধৰ ক'লা বিষয়ক এইখন গ্ৰন্থ ১৩টা অধ্যায়ৰে গঠিত।
-
দ্য ফৰ্টি ৰুলছ্ অৱ লাভ
দ্য ফৰ্টি ৰুলছ অৱ লাভ, হৈছে তুৰ্কী লেখিকা এলিফ শ্বাফাকে লিখা এখন উপন্যাস৷ লিংগ আৰু মহিলা অধ্যয়নত লাভ কৰা ডিগ্ৰীটোৱে তেওঁক এই গ্ৰন্থখন লিখিবলৈ প্ৰভাৱান্বিত কৰিছিল।. ২০০৯ চনৰ মাৰ্চ মাহত এই গ্ৰন্থখন প্ৰকাশ পাইছিল।
-
দ্য বাৰীড মুন
দ্য বাৰীড মুন (ইংৰাজী: The Buried Moon, অৰ্থ: পুতি থোৱা চন্দ্ৰ) বা দ্য ডেড মুন (The Dead Moon) হৈছে জোচেফ জেকবছে তেওঁৰ ম’ৰ ইংলিছ ফেয়াৰী টেলছত অন্তৰ্ভুক্ত কৰা এটা সাধুকথা। ইয়াৰ সংস্কৰণ অতি কম আৰু সাধাৰণ সাধুকতাতকৈ ইয়াত পৌৰাণিক উপাদান অধিক দেখা যায়।
-
নক্সা (আলোচনী)
নক্সা ধেমাজি জিলাৰ পৰা প্ৰকাশিত আৰু ডিব্ৰুগড়ৰ পৰা মুদ্ৰিত সাহিত্য-সংস্কৃতি বিষয়ক দুমহীয়া এখন ক্ষুদ্ৰ আলোচনী। আলোচনীখনৰ প্ৰতিটো সংখ্যাই নিৰ্দ্ধাৰিত বিষয় এটাক মূল বিষয় হিচাপে লৈ প্ৰকাশ পাই আহিছে। আলোচনীখনৰ আই এচ এচ এন নং হ'ল: ISSN 2319-5193।