সংস্কৃত গ্ৰন্থ
১৭ প্ৰবন্ধ
-
উপনিষদ্
উপনিষদ্ (उपनिषद्) সমূহ হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ বেদৰ শেষাংশ বুলিব পাৰি। হিন্দু ধৰ্মৰ আদি আৰু প্ৰধান শাস্ত্ৰ বেদ চাৰি ভাগত বিভক্ত। প্ৰতিখন বেদৰে তিনিটা ভাগ থাকে। সেয়া হ’ল (১) সংহিতা বা মন্ত্ৰ, (২) ব্ৰাহ্মণ আৰু (৩) আৰণ্যক। ইয়াৰে আৰণ্যকৰ শেষাংসক উপনিষদ বোলা হয়।
-
পঞ্চতন্ত্ৰ
পঞ্চতন্ত্ৰ (पञ्चतन्त्र) সংস্কৃত ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ। ৰচয়িতা কবি বিষ্ণু শৰ্মা। কিন্তু এই গ্ৰন্থৰ মূল পাণ্ডুলিপি পোৱা হোৱা নাই। বিভিন্ন উপদেশমূলক গল্পৰ সঙ্কলন এইখন গ্ৰন্থ। জীৱন পথৰ নানা উপদেশ এই গ্ৰন্থৰ বিভিন্ন গল্পেৰ যোগেদি উদাহৰণদি দাঙি ধৰিছে। গ্ৰন্থখন ৫টা তন্ত্ৰ বা ভাগত বিভক্ত।
-
কৌটিল্যৰ অৰ্থশাস্ত্ৰ
অৰ্থশাস্ত্ৰ কৌটিল্যৰ দ্বাৰা ৰচিত এখন বিশ্ব-বিশ্ৰুত গ্ৰন্থ, এই গ্ৰন্থত প্ৰাচীন ভাৰতীয় ৰাজনীতি সম্পৰ্কে বিস্তৃত আৰু প্ৰামান্য তথ্য পাতি পোৱা যায়। ভাৰতীয ৰাজনীতি বিজ্ঞানৰ এইখনেই প্ৰাচীনতম আৰু প্ৰামাণিক গ্ৰন্থ। আধুনিক ৰাজনীতি বিজ্ঞানৰ প্ৰাচীন পাৰিভাষিক নাম আছিল 'অৰ্থশাস্ত্ৰ'।
-
কামসূত্ৰ
কামসূত্ৰ (कामसूत्र; আক্ষৰিক: 'কামনাৰ নীতি') হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল।
-
চৰক সংহিতা
চৰক সংহিতা (चरक संहिता) হ’ল ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ এক প্ৰাচীন গ্ৰন্থ। সুশ্ৰুত সংহিতাৰে সৈতে খ্ৰীষ্ট জন্মৰ কিছু শতিকা পিছতেই ৰচিত হোৱা এই গ্ৰন্থখন এই ব্যৱস্থাৰ প্ৰতিস্থাপক। অৱশ্যে এই গ্ৰন্থ দুখনৰ প্ৰকৃত ৰচনাকাল সম্পূৰ্ণ স্পষ্ট নহয়।
-
বাৎসায়ন
বাৎসায়ন / বাৎস্যায়ন (वात्स्यायन) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক, যি কামসূত্ৰ ৰ ৰচয়িতা হিচাপে প্ৰসিদ্ধ। তেওঁ খ্ৰীষ্টীয় দ্বিতীয় বা তৃতীয় শতাব্দীৰ সময়ছোৱাত ভাৰতত বাস কৰিছিল বুলি ধাৰণা কৰা হয়, সম্ভৱতঃ পাটলিপুত্ৰ (বৰ্তমানৰ বিহাৰৰ ৰাজধানী পটনা)।
-
কথাসৰিৎসাগৰ
কথাসৰিৎসাগৰ প্ৰায় একাদশ শতিকাত কাশ্মীৰী বিশিষ্ট কবি সোমদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় কিংবদন্তি, উপকথা আৰু লোককথাৰ সংকলন। সংস্কৃত ভাষাত কথাসৰিৎসাগৰ শব্দৰ অৰ্থ গল্পৰ সাগৰ। ১২৪টা অধ্যায়ৰে ১৮খন গ্ৰন্থত বিভক্ত কথাসৰিৎসাগৰত গদ্য অংশৰ উপৰিও ২১,০০০ৰো অধিক পদ্য সন্নিবিষ্ট কৰা হৈছে।
-
বেতাল পঞ্চবিংশতি
বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। বেতাল পঞ্চবিংশতি বিশ্ব সাহিত্যৰ এক মূল্যৱান ৰচনা। ইয়াত থকা পুৰণি সাধুবোৰ বৰ সুন্দৰ আৰু নীতিশিক্ষামূলক। সেইবাবেই ইয়াৰ জনপ্ৰিয়তা যথেষ্ট।
-
ৰঘুবংশম
ৰঘুবংশম (रघुवंशम्) প্ৰখ্যাত সংস্কৃত কবি কালিদাসৰ সংস্কৃত মহাকাব্য। যদিও ৰচনাৰ সঠিক তাৰিখ জানিব পৰা হোৱা নাই, তথাপি কবিগৰাকী খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত ভাস্বৰ হৈ উঠিছিল বুলি অনুমান কৰা হৈছে। ইয়াত ১৯টা সৰ্গত ৰঘু বংশৰ সৈতে জড়িত ৰজা-মহাৰজা দিলীপ, অগ্নিবৰ্ণ, ৰঘু, দশৰথ, ৰাম আদিৰ কাহিনীসমূহ বৰ্ণনা কৰা হৈছে।
-
ভক্তি ৰত্নাকৰ
ভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি ধৰ্মীয় গ্ৰন্থ। ভক্তি-ৰত্নাকৰৰ প্ৰায়বোৰ শ্লোক শ্ৰীমদ্ভাগৱতৰ পৰা উদ্ধৃত। শ্ৰীমদ্ভাগৱত গীতা, পাণ্ডৱী গীতা, বিষ্ণু পুৰাণ, পদ্ম পুৰাণকে ধৰি কুৰিখনৰো অধিক অন্যান্য গ্ৰন্থৰ সাৰভাগ আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছিল।
-
অনঙ্গৰঙ্গ
অনঙ্গৰঙ্গ (अनंगरंग) বা কমলেধিপ্লৱ (कमलेधिप्लव) হ'ল পঞ্চদশ নাইবা ষোড়শ শতিকাত কল্যাণ মল্লাই ৰচনা কৰা সংস্কৃত গ্ৰন্থ। পাণ্ডুলিপিখনৰ অনুবাদকসকলে কয় যে, ইয়াৰ উদ্দেশ্য কেৱল স্বামী-স্ত্ৰীৰ বিচ্ছেদ ৰোধ কৰা, অবাধ্যতাক উৎসাহিত কৰা নহয়।
-
নামমালিকা (ভোজ ৰচিত)
নামমালিকা (সংস্কৃত: नाम मालिका, Nāmamālikā) হৈছে একাদশ শতিকাৰ বিখ্যাত পণ্ডিত-ৰজা ভোজৰ নামত কৃত এক সংস্কৃত গ্ৰন্থ, যি মূলতঃ ‘‘নামৰ তালিকা’’ বা ‘‘শব্দমালা’’ ৰূপে পৰিগণিত।
-
ভক্তিবিবেক
ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে ভাগৱত পুৰাণ, মহাভাৰত আৰু আন আন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে, গ্ৰন্থখনত তেওঁ নিজৰ…
-
যুক্তিকল্পতৰু
যুক্তিকল্পতৰু (YuktiKalpataru) হৈছে পৰমাৰ বংশৰ একাদশ শতিকাৰ ৰজা ভোজৰ দ্বাৰা ৰচিত এখন প্ৰাচীন সংস্কৃত প্ৰযুক্তিগত গ্ৰন্থ। এই গ্ৰন্থখনৰ বিষয়-বস্তুত চহৰ পৰিকল্পনা, গৃহ–স্থাপত্য, মন্দিৰ নিৰ্মাণ, যান্ত্ৰিকতা আৰু বিশেষকৈ নৌ–জাহাজ নিৰ্মাণ সম্পৰ্কীয় জ্ঞান বিস্তৃতভাবে বৰ্ণিত বুলি বহু জনপ্ৰিয় উৎসত উল্লেখ…
-
ৰতিৰহস্য
ৰতিৰহস্য (रतिरहस्य) হ'ল ইংৰাজীত Secrets of Love নামেৰে অনুবাদিত, আৰু কোক শাস্ত্ৰ নামেও জনাজাত যৌনতা সম্পৰ্কীয় গ্ৰন্থ। এইখন গ্ৰন্থ প্ৰাৰম্ভিক মধ্যযুগীয় কাশ্মীৰী পণ্ডিত তথা কবি কোক্কোকাই ৰচনা কৰিছিল, যি কোক পণ্ডিত নামৰেও জনাজাত।
-
অলংকাৰ শাস্ত্ৰ
অলংকাৰ শাস্ত্ৰ হৈছে সাহিত্যৰ ৰচনা তথা অলংকাৰৰ নীতি আৰু কৌশলৰ বিষয়ে আলোচনা কৰা পৰম্পৰাগত ভাৰতীয় নান্দনিক বিজ্ঞান। ই ভাৰতীয় সাহিত্য সমালোচনাৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াৰ লক্ষ্য হৈছে সাহিত্যৰ সৌন্দৰ্য্য আৰু প্ৰকাশভংগী বৃদ্ধি কৰা।
-
গংগাদেৱী
গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।