সাহিত্য
১০৩ প্ৰবন্ধ
-
অসমীয়া সাহিত্য
অসমীয়া সাহিত্য হৈছে অসমীয়া ভাষাত ৰচিত কাব্য, গদ্য, নাটক, লোকধাৰা আৰু জ্ঞানমূলক গ্ৰন্থৰ সমষ্টি। এই সাহিত্যৰ বিকাশত আৰ্যভাষা-সম্ভৱ ভাষাগত ধাৰা, থলুৱা ভাষাৰ প্ৰভাৱ, ধৰ্মীয়-সামাজিক আন্দোলন, আৰু ছপাশাল-আলোচনীকেন্দ্ৰিক আধুনিকতাৰ বিশেষ ভূমিকা আছে।
-
সাহিত্য
লিখন-শিল্পক এক কথাত সাহিত্য (literature) বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য।
-
কবিতা
কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভৱত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ। কবিতা হ'ল জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টি।
-
উপন্যাস
উপন্যাস (Novel) হৈছে আখ্যানমূলক কল্পকাহিনীৰ তুলনামূলকভাৱে দীঘলীয়া ৰচনা। উপন্যাস সাধাৰণতে গদ্যত লিখা হয় আৰু কিতাপ হিচাপে প্ৰকাশ কৰা হয়। গদ্য কল্পকাহিনীৰ দীঘলীয়া গ্ৰন্থৰ ক্ষেত্ৰত প্ৰযোজ্য বৰ্তমানৰ ইংৰাজী শব্দটো ইটালীয় ভাষাৰ পৰা উদ্ভৱ হৈছে। শব্দটো হৈছেঃ Novella.
-
নাটক
নাটক (Drama) সাহিত্যৰ এটি বিশেষ ধৰণ বা বিধা। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে।
-
চুটিগল্প
চুটিগল্প (Short story) সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই।
-
লেখক
লেখক (Writer) হ’ল এনে এগৰাকী ব্যক্তি যিয়ে নিজৰ ধাৰণাসমূহ প্ৰেৰণ কৰিবলৈ বিভিন্ন লেখাৰ শৈলী আৰু কৌশল ব্যৱহাৰ কৰে৷ লেখকসকলে বিভিন্ন ধৰণৰ সাহিত্যিক কলা আৰু সৃষ্টিশীল লেখা; যেনে:- উপন্যাস, চুটিগল্প, গ্ৰন্থ, কবিতা, ভ্ৰমণ কাহিনী, নাটক, চিত্ৰনাট্য, টেলিপ্লে, গীত, আৰু প্ৰবন্ধৰ লগতে সাধাৰণ জনতাৰ বাবে আগ্ৰহৰ…
-
আত্মজীৱনী
আত্মজীৱনী (autobiography) এজন মানুহৰ জীৱনৰ স্ব-লিখিত বিৱৰণ বুলিও কোৱা হয়। ১৭৯৭ চনত ইংৰাজী সাময়িকী দ্য মান্থলী ৰিভিউত উইলিয়াম টেইলৰে প্ৰথমবাৰৰ বাবে "আত্মজীৱনী" শব্দটো অৱজ্ঞাসূচকভাৱে ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ এই শব্দটোক সংকৰ হিচাপে পৰামৰ্শ দিছিল, কিন্তু ইয়াক "পেডাণ্টিক" বুলি নিন্দা কৰিছিল।
-
কল্পকাহিনী
কল্পকাহিনী (Fiction) হৈছে যিকোনো সৃষ্টিশীল ৰচনা, প্ৰধানকৈ যিকোনো আখ্যানমূলক ৰচনা, যিয়ে ব্যক্তি, পৰিঘটনা বা স্থানক কাল্পনিক বা ইতিহাস, তথ্য বা যুক্তিযুক্ততাৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে চিত্ৰিত কৰে।
-
মালিতা
মালিতা ( Ballad) পদ্যৰ এটা প্ৰকাৰ, প্ৰায়ে সাংগীতিক লয়যুক্ত একোটা আখ্যান। বেলাড মধ্যযুগীয় ফৰাচী chanson balladée বা ballade ৰ পৰা উদ্ভৱ হৈছে, যি মূলতঃ "নৃত্য গীত" বুজাইছিল। মধ্যযুগৰ শেষৰ ফালৰ পৰা ১৯ শতিকালৈকে ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ জনপ্ৰিয় কবিতা আৰু গীতৰ বিশেষ বৈশিষ্ট্য আছিল বেলাড।
-
সংস্কৃত সাহিত্য
সংস্কৃত সাহিত্যই (Sanskrit Literature, সংস্কৃত: संस्कृत साहित्य) ব্যাপকভাৱে সংস্কৃত ভাষাৰ সকলো সাহিত্যকে সামৰি লৈছে। ইয়াৰ ভিতৰত বৈদিক সংস্কৃত নামেৰে জনাজাত আদি-ভাৰত-আৰ্য্য ভাষাৰ প্ৰাচীন প্ৰমাণিত বংশধৰত ৰচিত গ্ৰন্থ, ধ্ৰুপদী সংস্কৃতৰ গ্ৰন্থৰ লগতে সংস্কৃতৰ কিছুমান মিশ্ৰিত আৰু অমান্য ৰূপও অন্তৰ্ভুক্ত।
-
অনুবাদ
অনুবাদ (Translation) হৈছে উৎস ভাষাৰ পাঠ্যৰ অৰ্থ সমতুল্য লক্ষ্য ভাষাৰ পাঠ্যৰ দ্বাৰা যুক্ত কৰা। ইংৰাজী ভাষাই অনুবাদ (এটা লিখিত পাঠ্য) আৰু ব্যাখ্যা (বিভিন্ন ভাষাৰ ব্যৱহাৰকাৰীৰ মাজত মৌখিক বা স্বাক্ষৰিত যোগাযোগ)ৰ মাজত এটা পৰিভাষিক পাৰ্থক্য অংকন কৰে (যিটো প্ৰতিটো ভাষাতে নাই)।
-
সাঁথৰ
সাঁথৰ (Riddle) হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে।
-
কল্পবিজ্ঞান
কল্পবিজ্ঞান হৈছে কল্পনামূলক সাহিত্যৰ এক ধাৰা যি সাধাৰণতে কল্পনাশীল আৰু ভবিষ্যন্তৰীণ ধাৰণা যেনে উন্নত বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ অন্বেষণ, সময় ভ্ৰমণ, সমান্তৰাল ব্ৰহ্মাণ্ড, আৰু পৃথিৱীৰ বাহিৰৰ জীৱন সম্পৰ্কে আলোচনা কৰে।
-
কৌতুক
কৌতুক (joke) হ’ল হাস্যৰসৰ প্ৰদৰ্শন য’ত শব্দবোৰক এটা নিৰ্দিষ্ট আৰু সুনিৰ্দিষ্ট আখ্যান গাঁথনিৰ ভিতৰত ব্যৱহাৰ কৰি মানুহক হাঁহিবলৈ উপস্থাপন কৰা হয়। সাধাৰণতে কৌতুক সমূহৰ উদ্দেশ্য ইয়াৰ বিষয়বস্তুক গুৰুত্বসহকাৰে লোৱা নহয়।
-
বিশ্বকোষ
বিশ্বকোষ (ইংৰাজী: Encyclopedia) এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়। কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।
-
ভাৰতীয় সাহিত্য
ভাৰতীয় সাহিত্যই ১৯৪৭ চনলৈকে ভাৰতীয় উপমহাদেশত আৰু তাৰ পিছত ভাৰত গণৰাজ্যত সৃষ্টি হোৱা সাহিত্যক বুজায়। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত ২২টা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষা আছে। ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সংস্থা সাহিত্য অকাডেমীৰো ২৪টা স্বীকৃতিপ্ৰাপ্ত সাহিত্য ভাষা আছে।
-
গদ্য
গদ্য হৈছে বাক্যৰ স্বাভাৱিক প্ৰবাহ বা ছন্দ, সাধাৰণ ব্যাকৰণগত গঠন, বা লিখাৰ ক্ষেত্ৰত সাধাৰণ নিয়ম আৰু বিন্যাস অনুসৰণ কৰা ভাষা। এইদৰে গদ্য অনানুষ্ঠানিক কথনৰ পৰা আৰম্ভ কৰি আনুষ্ঠানিক শৈক্ষিক লেখালৈকে বিস্তৃত। গদ্য কবিতাৰ পৰা বিশেষভাৱে পৃথক, যিয়ে কোনো ধৰণৰ ইচ্ছাকৃত, কল্পিত, কলাত্মক গাঁথনি অনুসৰণ কৰে।
-
চলচ্চিত্ৰ সমালোচনা
চলচ্চিত্ৰ সমালোচনা (Film Criticism) হৈছে চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ মাধ্যমৰ বিশ্লেষণ আৰু মূল্যায়ন। সাধাৰণতে চলচ্চিত্ৰ সমালোচনাক দুটা ভাগত ভাগ কৰিব পাৰি: সাংবাদিকতামূলক সমালোচনা (Journalistic Film Criticism)- যি বাতৰি কাকত, আলোচনী আৰু অন্যান্য জনপ্ৰিয় গণমাধ্যমসমূহত নিয়মিতভাৱে প্ৰকাশ পায়।
-
মৌখিক সাহিত্য
মৌখিক সাহিত্য বা লোক-সাহিত্য, প্ৰবাদ বা লোক-উক্তি লিখাৰ পৰিৱৰ্তে কথিত বা মুখে মুখে প্ৰচলিত সাহিত্যৰ এটা ধাৰা, যদিও বহু মৌখিক সাহিত্য লিপিবদ্ধ কৰা হৈছে। ইয়াৰ কোনো মানক সংজ্ঞা নাই, কিয়নো নৃতত্ত্ববিদসকলে মৌখিক সাহিত্য বা লোক-সাহিত্যৰ বাবে বিভিন্ন সময়ত বিভিন্ন বৰ্ণনা ব্যৱহাৰ কৰিছে।
-
সাহিত্য সমালোচনা
সাহিত্য সমালোচনা বা সাহিত্য অধ্যয়ন (Literary criticism) হৈছে সাহিত্যৰ অধ্যয়ন, মূল্যায়ন আৰু ব্যাখ্যা। আধুনিক সাহিত্য সমালোচনাত প্ৰায়ে সাহিত্য তত্ত্বৰ প্ৰভাৱ পৰে, যি হৈছে সাহিত্যৰ লক্ষ্য আৰু পদ্ধতিৰ দাৰ্শনিক আলোচনা।
-
হাইকু
হাইকু (俳句 haikai verse?) এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে: * হাইকুৰ এটা বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) (kiru)। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ, যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়।
-
গৰ্গ সংহিতা
গৰ্গ সংহিতা হিন্দু দেৱ-দেৱী ৰাধা আৰু কৃষ্ণৰ আধাৰত সংস্কৃত ভাষাত ৰচিত বৈষ্ণৱী শাস্ত্ৰ। ইয়াৰ ৰচনা কৃষ্ণৰ বংশ যাদৱৰ প্ৰধান পুৰোহিত গৰ্গ ঋষিয়ে কৰিছিল বাবে গৰ্গ সংহিতা বুলি কোৱা হয়। ই ৰাধা কৃষ্ণ আৰু গোপীসকলক হোলী উৎসৱৰ সৈতে জড়িত কৰা আদিম গ্ৰন্থ।
-
নাৰীবাদী সাহিত্য
নাৰীবাদী সাহিত্য (Feminist Literature) হৈছে কল্পকাহিনী, অকল্পকাহিনী, নাটক বা কবিতা, যিয়ে নাৰীৰ বাবে সমান নাগৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু ৰক্ষাৰ নাৰীবাদী লক্ষ্যসমূহক সমৰ্থন কৰে।
-
প্ৰহসন
প্ৰহসন (Farce) হৈছে মঞ্চ বা চলচ্চিত্ৰৰ বাবে ৰচনা কৰা এক ধেমেলীয়া ৰচনা। যাৰ লক্ষ্য কেৱল দৰ্শকক বিমল মনোৰঞ্জন দিয়া। অসম্ভৱ পৰিবেশ, ভুল ভ্ৰান্তিৰে মিছা তৰ্কৰ জাল মেলি মানুহক আমোদ দিয়াই ইয়াৰ লক্ষ্য।
-
বৰ্ণালী (শিশু আলোচনী)
বৰ্ণালী অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী৷ এইখন দুমহীয়া আলোচনী আছিল৷ ১৯৭৯ চনত প্ৰকাশিত৷ সম্পাদক আছিল জয়ন্ত ৰঞ্জন চেতিয়া৷ আলোচনীখন আন্তৰ্জাতিক শিশুবৰ্ষত প্ৰকাশিত হৈছিল৷ বৰ্ণালী নামৰ আন এখন তিনিমহীয়া ত্ৰৈভাষিক আলোচনী ১৯৮০ চনত বঙাইগাঁওৰ পৰা প্ৰকাশিত হৈছিল৷ এইখন আছিল বঙাইগাঁও ৰিফাইনেৰী আৰু…
-
ভ্ৰমণ সাহিত্য
ভ্ৰমণ সাহিত্যৰ (Travel literature) ধাৰাটোৱে বাহ্যিক সাহিত্য, গাইড বুক, প্ৰকৃতি লেখা, ভ্ৰমণ স্মৃতিগ্ৰন্থ আদি সামৰি লৈছে। পশ্চিমীয়া সাহিত্যৰ এজন প্ৰাচীন ভ্ৰমণ স্মৃতিগ্ৰন্থ আছিল খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ গ্ৰীক ভূগোলবিদ ‘পৌছানিয়াছ’।
-
সাহিত্য তত্ত্ব
সাহিত্য তত্ত্ব (Literary Theory) হৈছে সাহিত্যৰ প্ৰকৃতি আৰু সাহিত্য বিশ্লেষণৰ পদ্ধতিৰ পদ্ধতিগত অধ্যয়ন।১৯ শতিকাৰ পৰা সাহিত্যিক পণ্ডিতত সাহিত্যিক তত্ত্ব আৰু বৌদ্ধিক ইতিহাস, নৈতিক দৰ্শন, সামাজিক ভৱিষ্যদ্বাণী আৰু মানুহে অৰ্থ কেনেকৈ ব্যাখ্যা কৰে তাৰ লগত জড়িত আন্তঃশাখা বিষয়বস্তুৰ বিবেচনাসমূহ…
-
কথা কবিতা
কথা কবিতা( prose poetry) ঊনৈশ শতিকাত জন্ম লাভ কৰা সৃষ্টিশীল লেখনিৰ এক প্ৰকাৰ। কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই কথা কবিতা। কথা কবিতাত কেৱল এটা কেন্দ্ৰস্থ ভাৱৰ সমাবেশ ঘটে। কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে।
-
মিচিং আগম কেবাং
মিচিং আগম কেবাং(Mising Agom Kébang (MAK)) হৈছে এটা বেচৰকাৰী সাহিত্যিক সংস্থা যিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ মিছিং ভাষাক সংৰক্ষণ আৰু বিকাশৰ বাবে কাম কৰি আহিছে। ১৯৭২ চনৰ ১৮ এপ্ৰিলত অসমৰ শিৱসাগৰ জিলাৰ দিছাংমুখত এই সংস্থাৰ প্ৰতিষ্ঠা কৰা হয়।